ETV Bharat / state

Brick prices hiked: আমগুৰিত অস্বাভাৱিকভাৱে ইটাৰ দাম বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ

author img

By

Published : Feb 5, 2023, 3:27 PM IST

Updated : Feb 5, 2023, 4:42 PM IST

আমগুৰিৰ পাঁচটাকৈ ইটা ভাটাৰ স্বত্বাধিকাৰীৰ বিৰুদ্ধে খেয়াল-খুচি মতে দাম নিৰ্ধাৰণৰ অভিযোগ । এই অভিযোগ উত্থাপন কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে (Krishak Mukti Sangram Samiti)।

Allegation of Brick prices hiked in Amguri
কৃষক মুক্তি সংগ্ৰাম সমিতি

কৃষক মুক্তি সংগ্ৰাম সমিতি

আমগুৰি, ৫ ফেব্ৰুৱাৰী: শিৱসাগৰ জিলাৰ আমগুৰিত অস্বাভাৱিক হাৰত ইটাৰ দাম বৃদ্ধি হোৱাত সৰৱ হৈ পৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতি (Allegation of Brick prices hiked in Amguri)। এই দাম হ্ৰাস কৰা আৰু ইটাভাটা সমূহে চৰকাৰী নীতি নিয়ম নামানি কৃষিভূমি, জাঁজী নদীৰ মথাউৰি খননৰ লগতে চিলিং চাপৰি মাটি হস্তগত কৰাৰ বিৰুদ্ধে দেওবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে এক সংবাদমেল সম্বোধন কৰে । শিৱসাগৰ জিলাৰ আমগুৰি প্ৰেক্ষাগৃহত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে সংবাদমেল সম্বোধন কৰি অবৈধভাৱে কৃষিভূমি, জাঁজী নদীৰ মথাউৰি খনন কৰি বৰবাম অঞ্চলৰ লগতে সমগ্ৰ আমগুৰিলৈ সংকট নমাই অনাৰ অভিযোগ কৰে । অবৈধ ভাৱে চৰকাৰী চিলিং চাপৰিৰ মাটি হস্তগত কৰাৰ বিৰুদ্ধেও কৃষক মুক্তি সংগ্ৰাম সমিতি সৰৱ হয় ।

এই সংবাদমেলত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় মুখ্য সাংগঠনিক সম্পাদক ৰিতুমনি হাজৰিকাই শিৱসাগৰ জিলাৰ ইটাভাটা সমূহে মইমতালিৰে অস্বাভাৱিকভাবে দাম বৃদ্ধি কৰি সাধাৰণ জনতাৰ মূৰত মাধমাৰ সোধোৱা বুলি অভিযোগ উত্থাপন কৰে (Allegation of KMSS against brick owner) । আমগুৰিৰ পাঁচটাকৈ ইটাভাটাৰ স্বত্বাধিকাৰীয়ে নিজৰ খেয়াল-খুচি মতে দাম নিৰ্ধাৰণ কৰে বুলি তেওঁ কয় । তেওঁ লগতে জাঁজী নদীৰ মথাউৰি খনন কৰাৰ উপৰি প্ৰদূষণৰ ক্ষেত্ৰত কোনো ব্যৱস্থা লোৱা নাই বুলি অভিযোগ কৰি কয় যে শিৱসাগৰৰ বন বিষয়া দেবেন কলিতা আৰু ৰেঞ্জাৰ বাবুল বৰাই আমগুৰি ইটাভাটা সমূহৰ স্বত্বাধিকাৰীৰ পৰা মোটা অংকৰ ধন লৈ নীৰৱ ভূমিকা গ্ৰহণ কৰি আছে ।

ইপিনে, বন বিভাগক অবৈধভাৱে কৃষিভূমি খনন কাৰ্যৰ কথা অৱগত কৰিলেও আগতীয়াকৈ অবৈধ খননৰ লগত জড়িত ব্যক্তিক অৱগত কৰি খনন কাৰ্যত ব্যৱহৃত বাহনসমূহ লুকুৱাই দিবলৈ কয় বুলি তেওঁ ক্ষোভেৰে কয় । তদুপৰি কোন সংগঠনে অৱগত কৰিছে সেই বিষয়ে ভূমাফিয়া সকলক জনাই সংঘাত লগোৱাৰ চেষ্টা কৰে বুলি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় মুখ্য সাংগঠনিক সম্পাদক ৰিতুমনি হাজৰিকাই কয় ।

আমগুৰিৰ এজন প্ৰভাৱশালী ব্যক্তিয়ে ১৪০ বিঘা পৰ্যন্ত চৰকাৰী চিলিং চাপৰিৰ মাটি হস্তগত কৰি আত্মসাৎ কৰিছে বুলিও কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় মুখ্য সাংগঠনিক সম্পাদকগৰাকীয়ে অভিযোগ উত্থাপন কৰে । তেওঁ বৰবামৰ দুটা ইটাভাটাৰ সমীপৰ লগতে লাগি থকা জাঁজী নদীৰ মথাউৰি সম্পূৰ্ণৰূপে নিৰ্মাণ আৰু কৃষি ভূমিসমূহত খনন বন্ধ, চৰকাৰী চিলিং চাপৰিৰ মাটি বেদখলমুক্ত কৰা, চৰকাৰী নীতি- নিয়ম নমনা ভাটাসমূহৰ বিৰুদ্ধে জিলা প্ৰশাসনে বিহীত ব্যৱস্থা গ্ৰহণৰ দাবী জনায় । অহা সাত দিনৰ ভিতৰত ইটাৰ দাম হ্ৰাস নকৰিলে জিলা প্ৰশাসনৰ বিৰুদ্ধে গণ আন্দোলন গঢ়ি তুলিব বুলি সঁকীয়াই দিয়ে । সংবাদমেলত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ আমগুৰি আঞ্চলিক সভাপতি ৰবীন হাজৰিকা সম্পাদক ৰণ্টু শইকীয়া, বৰাহীবাৰী আঞ্চলিকৰ কল্যান তামুলীও উপস্থিত থাকে।

লগতে পঢ়ক: Operation Against Child Marriage: বাল্যবিবাহ কৰি আটক হোৱাৰ ভয়ত শহুৰৰ ঘৰত চিপ লৈ আত্মহনৰ চেষ্টা যুৱকৰ

Last Updated : Feb 5, 2023, 4:42 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.