ETV Bharat / state

শিৱসাগৰত গাওঁৰক্ষী বাহিনীৰ 72 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ আয়োজন

author img

By

Published : Jan 28, 2021, 8:56 PM IST

শিৱসাগৰত সদৌ অসম গাওঁৰক্ষী সংগঠনৰ 72 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন ৷ শুকুৰবাৰে অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থকাৰ সম্ভাৱনা ৷ শিৱসাগৰৰ ঐতিহাসিক কীৰ্তিচিহ্ন ৰংঘৰ আৰু তলাতল ঘৰক আলোকসজ্জাৰে সজাই তুলিছে আৰক্ষী প্ৰশাসনে ৷

শিৱসাগৰত গাওঁৰক্ষী বাহিনীৰ 72 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ আয়োজন
শিৱসাগৰত গাওঁৰক্ষী বাহিনীৰ 72 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ আয়োজন

শিৱসাগৰ, 28 জানুৱাৰী: শিৱসাগৰৰ ঐতিহাসিক তলাতল ঘৰৰ বাকৰিত সদৌ অসম গাওঁৰক্ষী সংগঠনৰ 72 স‌ংখ্যক প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত হৈছে ৷ অসমৰ বিভিন্ন জিলাৰ পৰা অহা হাজাৰৰো অধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিবলগীয়া এই প্ৰতিষ্ঠা দিৱসত শুকুৰবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থাকিব বুলি জানিব পৰা গৈছে ৷

প্ৰতিষ্ঠা দিৱসত শুকুৰবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থাকিব

জানিব পৰা মতে বৃহস্পতিবাৰৰ পৰা অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰতিনিধি সকলে এক প্ৰতিনিধি সভাত অংশ লোৱাৰ লগতে শুকুৰবাৰে প্ৰতিষ্ঠা দিৱস উপলক্ষে এক সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰা হ'ব । শোভাযাত্ৰাৰ অন্তত অনুষ্ঠিত হবলগীয়া মুকলি সভাত মুখ্যমন্ত্ৰী সৈতে বহুকেইগৰাকী বিশিষ্ট লোক সকলে অংশ লব বুলি জানিব পৰা গৈছে ৷

উল্লেখ্য যে প্ৰতিষ্ঠা দিৱসৰ প্ৰতি লক্ষ্য ৰাখি শিৱসাগৰৰ ঐতিহাসিক কীৰ্তিচিহ্ন ৰংঘৰ আৰু তলাতল ঘৰক আৰক্ষী প্ৰশাসনে আলোকসজ্জাৰে সজাই তুলিছে ৷ শিৱসাগৰৰ কীৰ্তিচিহ্ন সমূহৰ প্ৰতি ৰাইজৰ দৃষ্টি আকৰ্ষণৰ কৰাৰ উদ্দেশ্যে এনে আলোকসজ্জাৰ ব্যৱস্থা কৰা হৈছে বুলি আৰক্ষী প্ৰশাসনে জানিবলৈ দিছে ৷

ৰাইজ আৰু গাওঁৰক্ষী বাহিনীৰ মাজত সম্পৰ্ক শক্তিশালী কৰাৰ উদ্দেশ্যে গাওঁৰক্ষী বাহিনীৰ কৰ্তৃপক্ষই এই প্ৰতিষ্ঠা দিৱসত উপস্থিত থাকিবলৈ ৰাইজক আহ্বান জনাইছে ৷

লগতে পঢ়ক:দুদিনীয়া কাৰ্যসূচীৰে শিৱসাগৰত ৰংপুৰ মে-ডাম-মেফিৰ আয়োজন

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.