Vehicle catches fire in Nalbari : ৰৈ থকা অৱস্থাতে বৰভাগত হঠাৎ জ্বলি উঠিল ইণ্ডিগ’ বাহন

author img

By

Published : Dec 12, 2022, 10:47 PM IST

vehicle catches fire in Nalbari

নলবাৰীৰ বৰভাগত অঘটন । বৰভাগৰ ৰাইমাধাত ৰৈ থকা অৱস্থাতে দাউদাউকৈ জ্বলিল চাৰিচকীয়া ইণ্ডিগ’ বাহন (vehicle catches fire in Nalbari) ।

হঠাতে জ্বলি উঠিল ইণ্ডিগো বাহন

নলবাৰী, ১২ নৱেম্বৰ : নলবাৰীৰ বৰভাগত অগ্নিকাণ্ডৰ ঘটনা (Fire breaks out in Nalbari)। ৰৈ থকা অৱস্থাতে দপদপাই জ্বলি উঠিল এখন ইণ্ডিগ' বাহন । নলবাৰীৰ বৰভাগৰ ৰাইমাধা শইকীয়া তোলাত সংঘটিত হৈছে এই অগ্নিকাণ্ডৰ ঘটনাটো । তথ্য অনুসৰি, গাঁওখনৰ আকবৰ আলীৰ ব্যক্তিগত ইণ্ডিগ’ বাহনখন হঠাতে জ্বলি উঠে ৷

অগ্নিকাণ্ড সংঘটিত হোৱা বাহনখনৰ নম্বৰ As -01 AW 1088 বুলি জানিবলৈ পৰা গৈছে ৷ উল্লেখ্য যে, হঠাতে দাউদাউকৈ জ্বলি উঠা বাহনখন দুমাহ পূৰ্বে আকবৰ আলীয়ে ক্ৰয় কৰিছিল ৷ সোমবাৰে সমীপৰ পেট্ৰ’ল ডিপ’ৰ পৰা তেল ভৰাই লৈ অহাৰ কিছু সময় পাচতে দাউদাউকৈ জ্বলি উঠে আকবৰ আলীৰ ইণ্ডিগ' বাহনখন (vehicle catches fire in Nalbari) ।

তাৰ পাচতে স্থানীয় ৰাইজে ততাতৈয়াকৈ অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়ে ৷ কিন্তু ঘটনাস্থলীত সময়মতে অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত নোহোৱাৰ অভিযোগ উত্তাপন কৰে স্থানীয় ৰাইজে ৷ অৱশেষত স্থানীয় ৰাইজৰ তৎপৰতাত জুই নিৰ্বাপিত হয় ৷ অৱশ্যে এই অগ্নিকাণ্ডৰ কাৰণ বৰ্তমানলৈকে স্পষ্ট হোৱা নাই ৷

লগতে পঢ়ক: Bharat jodo jatra in Dibrugarh : কা' আন্দোলনৰ পাঁচ শ্বহীদলৈ শ্ৰদ্ধা জনালে কংগ্ৰেছ নেতৃত্বই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.