ETV Bharat / state

Inauguration of sports project in Nalbari:দেবীৰাম পাঠশালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ক্ৰীড়া প্ৰকল্প উদ্বোধন

author img

By ETV Bharat Assamese Team

Published : Oct 30, 2023, 8:15 PM IST

নলবাৰীৰ দেৱীৰাম পাঠশালা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত ক্ৰীড়া প্ৰকল্পৰ শুভ উদ্বোধন । উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰীৰ সহধৰ্মিনী ৰিণিকি ভূঞা শৰ্মা, মন্ত্ৰী জয়ন্তমল্ল বৰুৱা,সাংসদ পল্লৱলোচন দাস আদি ।

Deviram Pathshala Higher Secondary School
নলবাৰীৰ দেৱীৰাম পাঠশালা উচ্চতৰ মাধ্যমিক বিদ্যালয়

নলবাৰীৰ দেৱীৰাম পাঠশালা উচ্চতৰ মাধ্যমিক বিদ্যালয়

নলবাৰী, ৩০ অক্টোবৰ: নলবাৰীৰ ক্ৰীড়া প্ৰকল্পটো আজি আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয় । ৰাজস্থানৰ জয়পুৰৰ প্ৰতিষ্ঠিত ব্যৱসায়ী তথা নলবাৰীৰ সন্তান নেমিচান্দ জৈনে তেওঁৰ পিতৃ মূলচান্দ জৈন আৰু মাতৃ কাঞ্চন দেৱী জৈনৰ নামত নিৰ্মাণ কৰা ক্ৰীড়া প্ৰকল্পটোৰ শুভ উদ্বোধন কৰে দাতাগৰাকীয়ে । এই উদ্বোধনী অনুষ্ঠানৰ প্ৰাকক্ষণত দাতা নেমিচান্দ জৈনক তেওঁৰ নলবাৰীৰ ঘৰৰ পৰা আদৰি নিয়া হয় । কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা ক্ৰীড়া প্ৰকল্পটোৰ উদ্বোধনী উপলক্ষে আয়োজিত সভাত কেবিনেট মন্ত্ৰী জয়ন্তমল্ল বৰুৱা, সাংসদ পল্লৱলোচন দাস, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সহধৰ্মিণী ৰিণিকি ভূঞা শৰ্মা, দেৱীৰাম পাঠশালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ অজিত শৰ্মাকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

উল্লেখ্য যে ১৯৭০ চনত উক্ত বিদ্যালয়খনৰ পৰা জয়পুৰৰ প্ৰতিষ্ঠিত ব্যৱসায়ী তথা নলবাৰীৰ সন্তান নেমিচান্দ জৈনে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছিল । পৰৱৰ্তী সময়ত তেওঁ ৰাজস্থানলৈ গৈ উচ্চ শিক্ষা গ্ৰহণ কৰি সফল ব্যৱসায়ীৰ ৰূপত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হয় । উল্লেখ্য যে নলবাৰী চহৰস্থিত দেবীৰাম পাঠশালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰখন হাবি জংঘলেৰে পৰিপূৰ্ণ হৈ এক বৃহদাকাৰৰ পিটনী সদৃশ হৈ থকাৰ কথা জানিব পাৰি নেমিচান্দ জৈনে উক্ত স্থানত আটক ধুনীয়া ক্ৰীড়া প্ৰকল্প নিৰ্মাণৰ প্ৰস্তাৱ আগবঢ়াই বিদ্যালয় কৰ্তৃপক্ষক ।

বিদ্যালয় কৰ্তৃপক্ষৰ অনুমতি সাপেক্ষে যোৱা চাৰি মাহৰ ভিতৰত কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিয়াই এই ক্ৰীড়া প্ৰকল্পটো । আজিৰ এই ক্ৰীড়া প্ৰকল্পটো শুভ উদ্বোধন কৰি মন্ত্ৰী জয়ন্তমল্ল বৰুৱা আৰু মুখ্যমন্ত্ৰীৰ সহধৰ্মিনী ৰিণিকি ভূঞা শৰ্মাই আগন্তুক দিনত নলবাৰীৰ পৰা বহু খেলুৱৈ সৃষ্টি হ'ব বুলি আশা প্ৰকাশ কৰে । নলবাৰীৰ খেলুৱৈসকলে নিজৰ লক্ষ্যস্থান পোৱাত এই ক্ৰীড়া প্ৰকল্পটো সহায়ক হ'ব বুলি তেওঁলোকে মন্তব্য় কৰে ।

লগতে পঢ়ক:Vice President of India : সমাজ পৰিৱৰ্তনৰ বাবে শিক্ষা হৈছে আটাইতকৈ প্ৰভাৱশালী ব্যৱস্থা: উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.