ETV Bharat / state

নলবাৰীত উদযাপন ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ

author img

By

Published : Feb 13, 2021, 10:38 PM IST

নলবাৰীত জিলা পৰিবহণ বিভাগৰ উদ্যোগত শনিবাৰে নলবাৰী কলেজৰ প্ৰাংগনত উদযাপন কৰা হয় ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ ৷ হেলমেট পৰিধান নকৰা বাইক আৰোহী আৰু চাৰিচকীয়া গধুৰ যান-বাহন চলোৱা লোকক চিট বেল্ট নলগোৱা আৰোহীক জিলা পৰিবহণ বিষয়া সীমান্ত বৰাই যান-বাহন আইন মানি চলিবলৈ সংবাদ মাধ্যমৰ জৰিয়তে আহ্বান জনায় ৷

ROAD SAFETY MEETING AT NALBARI
নলবাৰীত উদযাপন ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ

নলবাৰী,13ফেব্ৰুৱাৰী: নলবাৰীত জিলা পৰিবহণ বিভাগৰ উদ্যোগত শনিবাৰে উদযাপন কৰা হয় ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ ৷ জিলা পৰিবহণ বিভাগে নলবাৰী কলেজৰ প্ৰাংগনত উদযাপন কৰা ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহৰ কাৰ্যসূচীত নলবাৰী কলেজৰ ছাত্ৰ-ছাত্ৰী, এন চি চি ৰ সদস্য, ভাৰতীয় সেনাবাহিনী তথা জিলা পৰিবহণ কাৰ্যালয়ৰ কৰ্মচাৰী সকলে নলবাৰী চহৰত সজাগতা ৰেলী উলিয়াই ।

নলবাৰীত উদযাপন ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ

তদুপৰি হেলমেট পৰিধান নকৰা বাইক আৰোহী আৰু চাৰিচকীয়া গধুৰ যান-বাহন চলোৱা লোকক চিট বেল্ট নলগোৱা আৰোহীক জিলা পৰিবহণ বিষয়া সীমান্ত বৰাই যান-বাহন আইন মানি চলিবলৈ সংবাদ মাধ্যমৰ জৰিয়তে আহ্বান জনায় ৷ ইয়াৰ লগতে ভাৰতীয় সেনাবাহিনীৰ তৰফৰ পৰাও ৰাইজক যান-বাহন আইনৰ নীতি-নিৰ্দেশনা মানি চলিবলৈ অনুৰোধ জনোৱা হয় । উল্লেখ্য যে, ১৮ জানুবাৰীৰ পৰা চলি থকা এই পথ সুৰক্ষা মাহৰ ১৭ ফেব্ৰুৱাৰীত অন্ত পৰিব ৷

লগতে পঢ়কঃ শোকাকুল পৰিবেশৰ মাজতে হাজোৰ বাসগৃহ পালেহি কৃষ্ণ বৈশ্যৰ মৃতদেহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.