ETV Bharat / state

শংকাত দিন কটাইছে পাগলাদিয়া নৈৰ দাঁতিকাষৰীয়া অঞ্চলৰ লোকে

author img

By

Published : Jul 26, 2020, 9:32 PM IST

Updated : Jul 27, 2020, 12:34 AM IST

বান বিধস্ত নলবাৰীত পাগলদিয়াৰ নৈৰ মাথাউৰি বছৰ বছৰ ধৰি মেৰামতি নকৰাৰ ফলত টোপনি হৰিছে নৈপৰীয়া ৰাইজৰ ৷ বহু অঞ্ল বানৰ কবলত পৰাৰ সম্ভাৱনা আছে ৷

শংকাত দিন কটাইছে পাগলাদিয়া নৈৰ দাঁতিকাষৰীয়া অঞ্চলৰ লোকে
পাগলাদিয়া নৈৰ গৰাখহনীয়া

নলবাৰী, 26 জুলাই : ৰাজ্যত সৃষ্টি হোৱা প্ৰলয়ংকাৰী বানৰ ফলত হাজাৰ হাজাৰ লোকে ঘৰ-বাৰী হেৰুৱাই আশ্ৰয় শিবিৰত বাস কৰিবলগা হৈছে ৷ সমান্তৰালভাৱে নলবাৰী জিলাতো বানৰ কৱলত পৰিছে কেইবাখনো গাঁও । বছৰ বছৰ ধৰি পাগলদিয়া নৈৰ ভিন্ন প্ৰান্তত খহনীয়াৰ সৃষ্টি হৈ আহিছে ৷ বিগত কেইবাবছৰ পাগলদিয়াৰ মথাউৰিয়ে জিলাখনত বিশেষ একো সমস্যাৰ সৃষ্টি কৰা নাই যদিও নলবাৰীৰ খানাজান, কটৰা, ধনতোলা, সন্ধাৰ লগতে ভিন্ন প্ৰান্তত মথাউৰিয়ে খহনীয়াৰ সৃষ্টি কৰিছে ৷ এই খহনীয়াই নৈপৰীয়া ৰাইজৰ টোপনি হৰিছে ৷

ইফালে বিভিন্ন প্ৰান্তত বিগত সময়চোৱাত খহনীয়া ৰোধৰ বাবে বিভিন্ন কাম কৰিছে যদিও সেয়া পৰ্যাপ্ত নহয় । বৰ্তমানেও বৰমূৰিকোনাত চলি থকা জিঅ' বেগৰ কাম নৈখনৰ পানীয়ে কিছু উটুৱাই নিয়ে । আনহাতে, সন্ধা অঞ্চলত নৈখনৰ পানীয়ে খহনীয়া সৃষ্টি কৰাৰ ফলত পানী বাঢ়িলে টোপনি এৰি নৈক সুৰক্ষা দিয়াত ব্যস্ত হৈ পৰে স্থানীয় ৰাইজ । উল্লেখযোগ্য যে, 1998 চনত কটৰাৰ মথাউৰি ভাঙি হাজাৰ হাজাৰ লোকৰ মাজত বিভীষিকাৰ সৃষ্টি কৰিছিল । 2004 আৰু 2008 চনতো খানাজান, কটৰা, ধনতোলা, সন্ধাৰ মথাউৰি ভাঙি জিলাখনৰ বিভিন্ন ঠাই বানৰ কবলত পৰিছিল । আনহাতে, বানৰ ফলত বৰ্তমানেও নলবাৰীৰ ভিন্ন প্ৰান্তত কৃষিভূমি বালিৰে ঢাকি ধৰিছে ৷

ইফালে নৈখনৰ মথাউৰি ভঙাৰ ফলত বহু লোকে ঘৰ-বাৰী হেৰুওৱাৰ লগতে বহুকেইজনে প্ৰাণ হেৰুৱাইছে ৷ তথাপিও আজি পৰ্যন্ত মথাউৰিটোৰ স্থায়ী মেৰামতি বাদেই বিভিন্ন প্ৰান্তত এচপৰা মাটিও পৰা নাই । ঠাই বিশেষে বিভিন্ন আঁচনিৰ দ্বাৰা খহনীয়া ৰোধৰ কাম চলিছে যদিও স্থানীয় ৰাইজ মথাউৰিটোক লৈ শংকিত হৈ আছে ।

শংকাত দিন কটাইছে পাগলাদিয়া নৈৰ দাঁতিকাষৰীয়া অঞ্চলৰ লোকে

বিভাগীয়ভাৱে জনোৱা মতে, বৰ্তমান পাগলদিয়া নৈৰ মথাউৰিৰ পৰা কোনো সংকট নাই । কিন্তু ইটিভি ভাৰতে চলোৱা এক অভিযানত কেমেৰাত বন্দী হৈছে ইয়াৰ বিপৰীত ছবি । যদিহে এইসমূহ ঠাইৰ মথাউৰি ভাঙি যাই তেন্তে বহু অঞ্চলত বিভীষিকাময় পৰিস্থিতিৰ সৃষ্টি হ'ব বুলি অনুমান কৰিব পাৰিব ৷

লগতে পঢ়ক : ভৰা কপিলীত জাঁপ দিলে ৫০ উৰ্ধৰ মহিলাই

Last Updated :Jul 27, 2020, 12:34 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.