ETV Bharat / state

Public protest in Nalbari: নলবাৰী অসামৰিক হাস্পতালৰ পূৰ্বৰ মৰ্যদাৰ দাবীৰে জেল ভৰো কাৰ্যসূচী

author img

By ETV Bharat Assamese Team

Published : Sep 28, 2023, 7:08 PM IST

শ্বহীদৰ নামেৰে উচৰ্গিত নলবাৰী শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ক পুনৰ আগৰ দৰে ঘূৰাই দিয়াৰ দাবীৰে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ওলাই আহিছে নলবাৰীৰ সৰ্বস্তৰৰ ৰাইজ । নলবাৰীত সুৰক্ষা সমিতিৰ আহ্বানত বুধবাৰে হঠাৎ স্বতস্ফূৰ্ত ৰাইজ ওলাই আহি জেল যাত্ৰা কাৰ্যসূচী ৰূপায়ণ কৰে ।

Public protest in Nalbari
নলবাৰীত জেল ভৰো কাৰ্যসূচী

নলবাৰীত জেল ভৰো কাৰ্যসূচী

নলবাৰী, ২৮ ছেপ্টেম্বৰ: শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয় পূৰ্বৰ মৰ্যদা ঘূৰাই দিয়াৰ দাবীৰে উত্তাল হৈ আছে নলবাৰী । শ্বহীদৰ নামেৰে উচৰ্গিত নলবাৰী শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ক পুনৰ আগৰ দৰে ঘূৰাই দিয়াৰ দাবীৰে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ওলাই আহিছে নলবাৰীৰ সৰ্বস্তৰৰ ৰাইজ । নিতৌ বিভিন্ন দল-সংগঠনকে ধৰি শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয় সুৰক্ষা সমিতিয়ে ধাৰাবাহিকভাৱে প্ৰতিবাদ জনাই অহাৰ মাজতে বৃহস্পতিবাৰে হঠাৎ পুনৰ নলবাৰীত সুৰক্ষা সমিতিৰ আহ্বানত স্বতস্ফূৰ্ত ৰাইজ ওলাই আহি জেল যাত্ৰা কাৰ্যসূচী ৰূপায়ণ কৰে ।

এই জেল যাত্ৰা কাৰ্যসূচীক আৰক্ষীয়ে বাধা প্ৰদান কৰাত উত্তপ্ত হৈ পৰে নলবাৰী চহৰ । নলবাৰী চহৰৰ মাজমজিয়াত প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত হতাহতিৰ সৃষ্টি হয় । আৰক্ষীৰে হতাহতিত আৰু অধিক তীব্ৰতৰ হৈ উঠে প্ৰতিবাদকাৰীসকল । ২৩৫ খন বিচনাযুক্ত অসামৰিক হাস্পতালখন চহৰৰ মাজমজিয়াৰ পৰা নোহোৱা কৰিব খোজা ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগ, ৰাজ্যৰ মুখ্যমন্ত্ৰী, স্থানীয় বিধায়ক জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে ভিন্ন প্ৰতিবাদী শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীসকলে ।

চহৰখনৰ মাজমজিয়াৰ পৰা অসামৰিক হাস্পতাল নিক্ষেপ কৰি চহৰৰ পৰা ১৪ কিঃমিঃ নিলগত থকা ঘগ্ৰাপাৰস্থিত চিকিৎসা মহাবিদ্যালয়লৈ ৰোগীসকল অহা যোৱাত বিভিন্ন সমস্যাৰ সন্মুখীন হোৱাৰ লগতে পৰ্যাপ্ত চিকিৎসা নোপোৱাৰ বিভিন্ন অভিযোগ উঠি আহিছে । যাৰ পৰিপ্ৰেক্ষিতত ৰাইজৰ ধৈৰ্য হেৰুৱাই আজি জেল যাত্ৰা কাৰ্যসূচী ৰূপায়ণ কৰে । আমাক হাস্পতাল ঘূৰাই লাগে, শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ৰ পূৰ্বৰ মৰ্যদা ঘূৰাই দিয়ক ইত্যাদি ভিন্ন শ্লোগানেৰে নলবাৰী চহৰৰ আকাশ বতাহ কঁপাই তোলে প্ৰতিবাদী জনতাই ।

লগতে পঢ়ক: Manipur Violence : ২ শিক্ষাৰ্থীৰ মৃত্যুৰ পাছতে পুনৰ উত্তাল পশ্চিম ইম্ফল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.