ETV Bharat / state

মূল্যবৃদ্ধিৰ বিৰুদ্ধে নলবাৰীত আছুৰ বিক্ষোভ

author img

By

Published : Jul 15, 2021, 10:27 PM IST

পেট্ৰ’ল-ডিজেল, ৰন্ধন গেছকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধৰ দাবীত নলবাৰীত আছুৰ বিক্ষোভ কাৰ্যসূচী ৷ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধৰ দাবীত হাতে হাতে বেনাৰ পোষ্টাৰ লৈ প্ৰতিবাদ নলবাৰীৰ ৰাজপথত ৷

protests against the rise in petrol and diesel prices
নলবাৰীত আছুৰ বিক্ষোভ

নলবাৰী,15 জুলাই : প্ৰতিবাদত উত্তাল হ’ল নলবাৰীৰ ৰাজপথ ৷ বৃহস্পতিবাৰে সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাই নলবাৰী জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত বহিল প্ৰতিবাদত ৷ পেট্ৰ’ল-ডিজেল, ৰন্ধন গেছকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধৰ দাবীত ৰাজপথ উত্তাল কৰি তোলে জিলা ছাত্ৰ সন্থাই ৷

অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে কোঙা কৰিছে এতিয়া ৰাজ্যবাসীক ৷ ৰাজ্যৰ কিছু কিছু প্ৰান্তত শতকৰ ঘৰ অতিক্ৰম কৰিছে পেট্ৰ’ল-ডিজেলৰ মূল্যই ৷ কিন্তু এই ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই ৰাজ্যৰ যোগান বিভাগ তথা ৰাজ্য চৰকাৰে ৷

অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধৰ ক্ষেত্ৰত চৰকাৰ আৰু যোগান বিভাগৰ ব্যৰ্থতা দাঙি ধৰিছে নলবাৰী ছাত্ৰ সন্থাই ৷

নলবাৰীত আছুৰ বিক্ষোভ

উল্লেখ্য যে, জিলা ছাত্ৰ সন্থাৰ সভাপতি গুণজ্যোতি পাঠক, সাধাৰণ সম্পাদক অক্ষয় ডেকাৰ নেতৃত্বত ডেৰ শতাধিক ছাত্ৰ সন্থাৰ কৰ্মীয়ে সাব্যস্ত কৰে এই প্ৰতিবাদ ৷ প্ৰতিবাদী ছাত্ৰ সন্থাৰ কৰ্মী সকলে হাতে হাতে বেনাৰ পোষ্টাৰ লৈ বিভিন্ন শ্ল’গানেৰে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷

এফালে ৰাজ্যত বৃদ্ধি হৈছে ক’ভিডৰ প্ৰকোপ ৷ আনফালে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৷ যাৰ ফলত এতিয়া কোঙা হৈ পৰিছে বিশেষকৈ ৰাজ্যৰ দৰিদ্ৰ জনসাধাৰণ ৷

ইফালে বৃহস্পতিবাৰে পুনৰ বৃদ্ধি পালে পেট্ৰ'ল-ডিজেলৰ মূল্য । প্ৰতি লিটাৰ পেট্ৰ'লৰ মূল্য 34 পইচাৰ পৰা 35 পইচালৈ আৰু ডিজেলৰ মূল্য 15 পইচাৰ পৰা 16 পইচালৈ বৃদ্ধি কৰা হয় । ইয়াৰ লগে লগে পেট্ৰ'ল-ডিজেলৰ মূল্যই শতকৰ ঘৰ অতিক্ৰম কৰে ৷ কিন্তু মূল্য বৃদ্ধি ৰোধৰ ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়াহে হ’ব লক্ষণীয় ৷

লগতে পঢ়ক: দেশত চেঞ্চুৰী কোবালে পেট্ৰ'ল-ডিজেলৰ মূল্যই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.