ETV Bharat / state

আকৰ্ষণীয় ভেলাঘৰেৰে ভোগালীক আদৰিবলৈ সাজু নলবাৰীবাসী

author img

By

Published : Jan 10, 2021, 8:17 PM IST

মহাপুৰুষ শংকৰদেৱে নৌকাযাত্ৰাৰে ধৰ্মপ্ৰচাৰ কৰাৰ আৰ্হিত নলবাৰীত সাজি উলিয়াইছে এটা ব্যতিক্ৰমী ভেলাঘৰ ৷ গাঁওখনৰ ডেকা সকলে মিলি প্ৰায় ১৫ দিনত সাজি উলিয়াইছে এই ভেলাঘৰটো ।

আকৰ্ষণীয় ভেলাঘৰেৰে ভোগালীক আদৰিবলৈ সাজু নলবাৰীবাসী
আকৰ্ষণীয় ভেলাঘৰেৰে ভোগালীক আদৰিবলৈ সাজু নলবাৰীবাসী

নলবাৰী,10 জানুৱাৰী : বিহু বুলিলেই হেঁপাহেৰে উপচি পৰে অসমীয়াৰ মন প্ৰাণ ৷ পদুলিমুখত প্ৰাণৰ ভোগালী আখলৰ চিৰা-পিঠা সান্দহেৰে উখল মাখল পৰিৱেশ ৷ ভোগালী বিহুৰ পৰম্পৰা ৰক্ষা কৰি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে সাজি উলিওৱা হৈছে বিভিন্ন আৰ্হিৰ ভেলাঘৰ ৷ ক’ৰবাত যদি সজা হৈছে ক’ৰণা ভাইৰাছৰ আৰ্হিৰ ভেলাঘৰ কৰবাত আকৌ আন বিভিন্ন ন ন আৰ্হিৰ ভেলাঘৰ প্ৰস্তুত কৰা দেখিবলৈ পোৱা গৈছে ৷

আকৰ্ষণীয় ভেলাঘৰেৰে ভোগালীক আদৰিবলৈ সাজু নলবাৰীবাসী
আকৰ্ষণীয় ভেলাঘৰেৰে ভোগালীক আদৰিবলৈ সাজু নলবাৰীবাসী

নলবাৰীত একাংশ যুৱকে সাজি উলিয়ালে ব্যতিক্ৰমী ভেলাঘৰ । মহাপুৰুষ শংকৰদেৱৰ নৌকাযাত্ৰাৰে ধৰ্মপ্ৰচাৰ কৰা দৃশ্যৰে সাজি উলিয়াইছে এটা ভেলাঘৰ । এই ভেলাঘৰটো ত্ৰিশতকৈয়ো অধিক বাহ খৰছ কৰি সাজি উলিওৱা হৈছে । ভেলাঘৰটোত গুৰুজনা আৰু নাওৰীয়া উপস্থাপন কৰা হৈছে । গাঁওখনৰ ডেকা সকলে মিলি প্ৰায় ১৫ দিনত সাজি উলিয়াইছে এই ভেলাঘৰটো ।

নৰা,বাঁহ আদিৰে সাজি উলিওৱা এই ভেলাঘৰটোত প্ৰায় অৰ্ধশতাধিকতকৈ অধিক মানুহে বহি ভোজ-ভাত খোৱাৰ ব্যৱস্থা কৰিছে । উল্লেখযোগ্য যে, বিগত বছৰ সমূহত কাছ, ঘঁৰিয়াল, অসমীয়া আদৰ্শ গাঁও আদিৰ আৰ্হিত ভেলাঘৰ প্ৰস্তুত কৰাৰ পিছত এইবাৰ ২০২১ বৰ্ষত বৰপেটাৰ পৰা কোচবিহাৰলৈ গুৰুজনাৰ নৌকা যাত্ৰাৰ আৰ্হিত ভেলাঘৰ সাজি উলিওৱা হৈছে ।

লগতে পঢ়কমহানগৰীত মেজিৰ বজাৰ: পৰম্পৰা ৰক্ষাৰ বাবে মিষ্টাৰ অসম বাবুল চেতিয়াৰ পদক্ষেপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.