ETV Bharat / state

Opposition Leader Debabrata Saikia : নলবাৰীত বিৰোধী দলপতি দেৱব্ৰত শইকীয়া;মুখ্যমন্ত্ৰীক কটাক্ষ

author img

By ETV Bharat Assamese Team

Published : Aug 24, 2023, 3:50 PM IST

Opposition Leader Debabrata Saikia Criticizes BJP
মুখ্যমন্ত্ৰীক কটাক্ষ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ

নলবাৰীত বিৰোধী দলপতি তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়া ৷ হিমন্ত বিশ্ব শৰ্মাৰ চক্ৰান্ত মূলক ৰাজনীতি বৰ ভাল নহয় বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে নেতাজনে ৷

নলবাৰীত জ্যেষ্ঠ কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়া

নলবাৰী, ২৪ আগষ্ট : বুধবাৰে নিশা নলবাৰীত উপস্থিত হয় বিৰোধী দলপতি তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়া ৷ নলবাৰীৰ বিশিষ্ট শিক্ষাবিদ তথা জিলা কংগ্ৰেছৰ প্ৰাক্তন সভাপতি প্ৰয়াত ত্ৰিকেন দাসৰ পৰিয়ালক সাক্ষাতৰ বাবে নলবাৰীত উপস্থিত হয় নেতাজন ৷ প্ৰয়াত নেতাগৰাকীৰ বিয়োগৰ খবৰ লবলৈ আহি সাংবাদিকৰে হোৱা বাৰ্তালাপত পোনতে চন্দ্ৰযান অভিযান সাফল্যমণ্ডিত কৰা ISRO ৰ সকলো বিজ্ঞানীকে অভিন্দন আৰু কৃতজ্ঞতা জনায় ৷ লগতে পণ্ডিত জৱাহৰলাল নেহৰুৱে আই আইটি, আই আই এম, এইমছৰ দৰে অনুষ্ঠান সমূহ স্থাপন নকৰা হ’লে আজি আমি ভাৰতবৰ্ষক প্ৰগতিৰ দিশত নেদেখিলো হয় বুলি মন্তব্য কৰে তেওঁ ৷

ইফালে সাংসদ গৌৰৱ গগৈক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ ৱৰ্কিং কমিটীত গৌৰৱ গগৈ অন্তৰ্ভূক্ত হোৱা বিষয়টোক এটা ক্লাৱৰ সদস্য হোৱা বুলি কৰা মন্তব্য সন্দৰ্ভত দুখ প্ৰকাশ কৰে দেৱব্ৰত শইকীয়াই ৷ লগতে কংগ্ৰেছ ৱৰ্কিং কমিটীত গৌৰৱ গগৈক অন্তৰ্ভূক্ত কৰা সন্দৰ্ভত তেওঁ কয় যে, যুৱক আৰু জ্যেষ্ঠ সকলৰ এইটো এটা ভাল মিশ্ৰণ হৈছে ৷ এওঁলোকৰ পৰামৰ্শত কংগ্ৰেছ দলে আগন্তক সময়ত ভালধৰণে আগবাঢ়িব পাৰিম বুলি কয় তেওঁ ৷

আনহাতে ন বিজেপি পুৰণি বিজেপি শব্দটো কংগ্ৰেছৰ সৃষ্টি বুলি কোৱা মন্তব্যত হিমন্ত বিশ্ব শৰ্মাৰ চক্ৰান্ত মূলক ৰাজনীতি বৰ ভাল নহয় বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে নেতাজনে ৷ বিজেপি RSS ৰ এটা শাখা বুলি কৈ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছত থকাৰ সময়তে RSS কৰি থকাৰ সন্দেহ প্ৰকাশ কৰে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ৷ লগতে বিজেপিৰ প্ৰতি জনতাৰ মোহভংগ হোৱা বুলি সদৰী কৰি একাংশক নেতাক নিজৰ ভৰিৰ তলৰ মাটি-পানী কোন দিশে গতি কৰি আছে তাক লক্ষ্য ৰখাৰ আহ্বান বিৰোধী দলপতি গৰাকীৰ ৷

লগতে পঢ়ক : Pabitra Margherita to Gaurav Gogoi: হিন্দী অথবা ভাল ইংৰাজী ক’লেই ভাল নেতা বা সমাজকৰ্মী হ’ব নোৱাৰে; পবিত্ৰ মাৰ্ঘেৰিটা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.