ETV Bharat / state

Pathetic condition of govt school: জৰাজীৰ্ণ বিদ্যালয়ত এজন শিক্ষকেৰে চলিছে দুই শতাধিক শিক্ষাৰ্থীৰ পাঠদান

author img

By

Published : Dec 30, 2022, 3:43 PM IST

Updated : Dec 30, 2022, 4:50 PM IST

Nalbari govt school
Pathetic condition of govt school

নলবাৰীৰ মুকালমুৱাত শিক্ষা খণ্ডৰ পঁয়ালগা অৱস্থা (poor condition of Govt School in Nalbari) । এখন জৰাজীৰ্ণ চৰকাৰী বিদ্যালয় চলিছে মাত্ৰ এজন শিক্ষকেৰে । চৰকাৰে গুণোৎসৱ আয়োজন কৰিও শৈক্ষিক পৰিৱেশ উন্নত কৰিব পৰা নাই নলবাৰীৰ বহু বিদ্যালয়ৰ ।

এজন শিক্ষকেৰে চলিছে দুই শতাধিক শিক্ষাৰ্থীৰ পাঠদান

নলবাৰী, ৩০ ডিচেম্বৰ : শিক্ষাৰ নৱদ্বীপ ৰূপে খ্যাত নলবাৰীত শিক্ষা খণ্ডৰ এক পঁয়ালগা ৰূপ (poor condition of Govt School in Nalbari) । নলবাৰীত ইখনৰ পিছত সিখন প্ৰাথমিক বিদ্যালয়ৰ পুতৌলগা ছবিয়ে উদঙাই আহিছে ৰাজ্যৰ শিক্ষা বিভাগৰ চৰম ব্যৰ্থতা । নলবাৰী জিলাৰ বৰক্ষেত্ৰী শিক্ষা খণ্ডৰ অন্তৰ্গত মুকালমুৱাৰ টিলাৰদিয়াত এখন জৰাজীৰ্ণ চৰকাৰী প্ৰাথমিক বিদ্যালয়ে উদঙাইছে শিক্ষা বিভাগৰ আন এক ফোঁপোলা স্বৰূপ ।

জৰাজীৰ্ণ চৰকাৰী প্ৰাথমিক বিদ্যালয়খনত নাই পৰ্যাপ্ত শিক্ষক (shortage of teachers in Nalbari LP school) । যাৰ ফলত উপযুক্ত পাঠদানৰ পৰা বঞ্চিত হ'বলগা হৈছে শিক্ষাৰ্থীসকল‌ । বৰক্ষেত্ৰী প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত টিলাৰদিয়া প্ৰাথমিক বিদ্যালয়ত এজন শিক্ষকেৰে চলি আছে পাঠদান । পূৰ্বতে বিদ্যালয়খনত চৰকাৰে দুগৰাকী টে’ট শিক্ষয়ত্ৰী নিযুক্তি দিছিল যদিও চৰকাৰী নিৰ্দেশত পুনৰ মহিলা শিক্ষয়িত্ৰী দুগৰাকীক অন্য স্থানলৈ বদলি কৰে ।

২০১৯ চনৰ পৰা বিদ্যালয়খনত আজিলৈকে কোনো শিক্ষক নিযুক্তি নিদিয়াত অকলে পাঠদান কৰি আহিছে প্ৰধান শিক্ষকগৰাকীয়ে । প্ৰায় ২৫০ জন শিক্ষাৰ্থী থকা বিদ্যালয়খনত এজন শিক্ষকে পাঠদান কৰাৰ বিষয়টোৱে এতিয়া সকলোৰে চকু কপালত তুলিছে । ইয়াৰ উপৰি বিদ্যালয়খনৰ আন্তঃগাঁথনিৰ অভাৱত বহিবলৈ ঠাই নোহোৱাত মাটিত বহিও পাঠদান কৰিবলগীয়া হয় কণ কণ ল'ৰা-ছোৱালীয়ে (lack of infrastructure in govt schools) ।

শিক্ষাৰ মানদণ্ড উন্নত কৰিবলৈ শিক্ষা বিভাগে অনুষ্ঠিত কৰে গুণোৎসৱ । একাংশ বিদ্যালয়ত জাকজমকতাৰে গুণোৎসৱ আয়োজন কৰিছে যদিও বহু বিদ্যালয়ক উন্নয়নে ঢুকি পোৱা নাই আজি পৰ্যন্ত । অসম চৰকাৰ তথা শিক্ষা বিভাগক জৰাজীৰ্ণ বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নত কৰাৰ লগতে পৰ্যাপ্ত শিক্ষক নিযুক্তি দিবলৈ অনুৰোধ জনায় শিক্ষক তথা স্থানীয় ৰাইজে ।

উল্লেখ্য, চৰকাৰী বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে চৰকাৰে বিভিন্ন আঁচনি ৰূপায়ণ কৰি আহিছে । কিন্তু সঁচা অৰ্থত সেই আঁচনিবোৰ কাৰ্যক্ষেত্ৰত ৰূপায়ণ হোৱা নাই । তাৰ উৎকৃষ্ট উদাহৰণ হৈছে ওপৰত বৰ্ণিত বিদ্যালয়খন । একেদৰে ৰাজ্যৰ বিভিন্ন প্ৰান্ততো এনে বিদ্যালয়ৰ অলেখ উদাহৰণ আছে । শেহতীয়াকৈ ৰঙিয়াৰ সমীপৰ গোৰেশ্বৰ শিক্ষা খণ্ডৰ অন্তৰ্গত খন্দিকৰ উলুবাৰী প্ৰাথমিক বিদ্যালয়ৰ তথৈবচ অৱস্থাৰ কথা পোহৰলৈ আহিছে ।

উক্ত বিদ্যালয়খনৰ জৰাজীৰ্ণ পঁজাত দীৰ্ঘদিন ধৰি চলি আহিছে পাঠদান (Poor condition of Govt school at Rangia) । ১৯৯০ চনতে স্থাপন হোৱা বিদ্যালয়খনে আন্তঃগাথঁনি উন্নয়নৰ নামত আজিকোপতি লাভ নকৰিলে কোনো আঁচনি । গোহালি সদৃশ বিদ্যালয়গৃহত বৰষুণ দিলেই পানী সোমায় । যাৰ বাবে পাঠদান বন্ধ ৰাখিবলগীয়া হয় । ইফালে বাঁহৰ বেৰৰ জৰাজীৰ্ণ এটা ঠেক কোঠালিত অস্বাস্থ্যকৰ পৰিৱেশত ছাত্র-ছাত্ৰীৰ বাবে মধ্যাহ্ন ভোজন প্ৰস্তুত কৰিবলগীয়া হৈছে ।

বিদ্যালয়খনত মাত্ৰ এটা কোঠালিতে ৬ টাকৈ শ্ৰেণীৰ শিক্ষাৰ্থীয়ে পাঠগ্ৰহণ কৰিব লাগে । ইয়াৰ উপৰি ৪৭ গৰাকী ছাত্র-ছাত্ৰীৰ বিপৰীতে আছে মাত্ৰ দুগৰাকী শিক্ষক (Shortage of teachers in Rangia school)। বিষয়টো সন্দৰ্ভত বিদ্যালয়খনৰ প্ৰধান শিক্ষকে বিভাগীয় কৰ্তৃপক্ষক বহুবাৰ অৱগত কৰাইছে যদিও শিক্ষা বিভাগে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ ।

লগতে পঢ়ক :Naga Miscreant Encroachment : কাৰ্বি আংলঙত নগাৰ আগ্ৰাসনত ত্ৰস্ত গাঁওবাসী

Last Updated :Dec 30, 2022, 4:50 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.