ETV Bharat / state

নৰোৰাম বৰ্মন সোৱঁৱৰণী ফুটবলৰ খিতাপ দখল অইল ইণ্ডিয়াৰ

author img

By

Published : Sep 5, 2022, 3:59 PM IST

নলবাৰীৰ চামতাত নৰোৰাম বৰ্মন সোঁৱৰণী প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা । দেওবাৰে অইল ইণ্ডিয়া আৰু আছাম ৰেজিমেন্টৰ মাজত অনুষ্ঠিত হয় ফাইনেল খেলখন । উক্ত খেলখনত উপস্থিত থাকে ধিং এক্সপ্ৰেছ হিমা দাস (Dhing Express Hima Das)।

Naroram Barman Football Tournament
নৰোৰাম বৰ্মন প্ৰাইজমানী ফুটবলত অইল ইণ্ডিয়াৰ খিতাপ

নলবাৰী, ৫ ছেপ্তেম্বৰ: নলবাৰী জিলাৰ চামতাত অনুষ্ঠিত নৰোৰাম বৰ্মন সোঁৱৰণী প্ৰাইজমানি ফুটবল (Naroram Barman Football Tournament) প্ৰতিযোগিতাৰ দেওবাৰে সোমৰণি পৰে । প্ৰতিযোগিতাৰ চূড়ান্ত খেলখনত আছাম ৰেজিমেন্টক হৰুৱাই খিতাপ অৰ্জন কৰে অইল ইণ্ডিয়া দুলীয়াজানে (Oil India Duliajan won title)।

সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ স্বীকৃতিপ্ৰাপ্ত (All India Football Federation recognizes) নলবাৰীৰ চামতা আঞ্চলিক ক্ৰীড়া সংঘৰ (Samta anchalic Sports Association)দ্বাৰা পৰিচালিত ৪২ তম নৰোৰাম বৰ্মন সোঁৱৰণী প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাৰ ফাইনেল খেল । উক্ত ফাইনেলত অংশগ্ৰহণ কৰে অইল ইণ্ডিয়া দুলীয়াজান আৰু আছাম ৰেজিমেন্ট শ্বিলং দলে । ইফালে, নৈশ ফুটবলৰ ফাইনেল খেলখনত উপস্থিত থাকি খেল উপভোগ কৰে ধিং এক্সপ্ৰেছ হিমা দাসৰ লগতে অসম চৰকাৰৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ লগতে কেইবাগৰাকীও ক্ৰীড়াবিদে ।

খেলখনৰ প্ৰথমাৰ্ধত অইল ইণ্ডিয়া দুলীয়াজানে আছাম ৰেজিমেন্ট শ্বিলঙক ১-০ গ’লৰ ব্যৱধানত আগবাঢ়ি থাকে । পিছত এই ১-০ ব্যৱধানতেই অইল ইণ্ডিয়া দুলীয়াজানে খিতাপ অৰ্জন কৰে । ইফালে, প্ৰতিকূল বতৰকো নেওচি হাজাৰ হাজাৰ দৰ্শকে খেল উপভোগ কৰে ।

নৰোৰাম বৰ্মন প্ৰাইজমানী ফুটবলত অইল ইণ্ডিয়াৰ খিতাপ

উল্লেখ্য় যে, ক'ভিড সৃষ্ট পৰিবেশৰ বাবে ২০১৯ চনৰ পৰা ছেমিফাইনেল স্থগিত হৈ আছিল । এইবেলি ছেমিফাইনেল দুখনৰ পিছত দেওবাৰে ফাইনেল খেল অনুষ্ঠিত হয় । ইফালে,উক্ত খেলখনত উপস্থিত ধিং এক্সপ্ৰেছ হিমা দাস উপস্থিত থাকি সংবাদ মাধ্যমৰ আগত কয় য়ে, খেলত কেৰিয়াৰ গঢ়িব বিচাৰিলে খেললৈ আহিব লাগে । আনহাতে, ভাল খেলুৱৈ সকলৰ বাবে চৰকাৰী চাকৰি দিয়াৰ ক্ষেত্ৰত উৎসাহিত হোৱা বুলি মন্তব্য আগবঢ়োৱাৰ লগতে কয় যে, ৰাষ্ট্ৰীয় পৰ্যায়ত অসমে সুনাম অৰ্জন কৰিব পাৰিব ।

অইল ইণ্ডিয়া গুৱাহাটী ৰিফাইনাৰী আৰু নয়ডাৰ অৰ্থ সাহায্যত চামতা আঞ্চলিক ক্ৰীড়া সংঘ ষ্টেডিয়ামত গ্ৰামাঞ্চলৰ আগশাৰীৰ ৪২ তম নৰোৰাম বৰ্মন সোঁৱৰণী বিজয়ী ট্ৰফী, ৰণীধৰ বৰ্মন সোঁৱৰণী বিজিত ট্ৰফী আৰু প্ৰমোদ পাটোৱাৰী সোঁৱৰণী প্ৰাইজমানি ফুটবল টুৰ্ণামেণ্ট অনুষ্টিত হয় । উল্লেখ্য় যে, দেওবাৰৰ উদ্বোধনী মেচত ঘৰুৱা দল চামতা আঞ্চলিক ক্ৰীড়া সংঘৰ "এ' টিমে' বি' টিমক ৩-০গ’লৰ ব্যৱধানত পৰাজিত কৰি পৰৱৰ্তী ৰাউণ্ডত প্ৰৱেশ কৰিছিল ।

লগতে পঢ়ক:তিতাবৰত আদালত চৌহদৰ পৰাই হেণ্ডকাফসহ পলাল আচামী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.