ETV Bharat / state

স্কুটী নাপালে ভোট নিদিয়ে নলবাৰীৰ এইসকল ছাত্ৰীয়ে !

author img

By

Published : Feb 17, 2021, 3:47 PM IST

Updated : Feb 17, 2021, 5:59 PM IST

শ্ৰেণীকোঠা এৰি স্কুটি বিচাৰি প্ৰতিবাদত বহিল নলবাৰীৰ একাংশ ছাত্ৰী ৷ স্কুটি নাপালে আগন্তুক নিৰ্বাচনত ভোট নিদিয়াৰ হুংকাৰ প্ৰতিবাদী ছাত্ৰীৰ ৷ স্কুটি প্ৰদান কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাৰ উদ্দেশ্যে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক নিৰ্দিষ্ট সময়সীমা বান্ধি দিলে এইসকল ছাত্ৰীয়ে ৷ 60 শতাংশ নম্বৰ পোৱাৰ পাছতো স্কুটি লাভ কৰাৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ প্ৰতিবাদী ছাত্ৰীৰ ৷

AS_nlb_02_Student_Protest_vis_img_AS10004
nalbari students not to cast their votes in assam assembly election

নলবাৰী, 17 ফেব্ৰুৱাৰী: অসম চৰকাৰৰ পৰা স্কুটি নাপালে সমাগত অসম বিধানসভা নিৰ্বাচনত ভোট বৰ্জন কৰাৰ হুংকাৰ দিছে নলবাৰীৰ একাংশ ছাত্ৰীয়ে ৷ বুধবাৰে নলবাৰী জিলাৰ সুধাকন্ঠ ড৹ ভূপেন হাজৰিকা শিশু উদ্যানৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰি 20 ফেব্ৰুৱাৰীৰ ভিতৰত স্কুটী প্ৰদান কৰাৰ বাবে শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে দাবী উত্থাপন কৰিছে প্ৰতিবাদী ছাত্ৰী সকলে ৷

60 শতাংশ নম্বৰ পোৱাৰ পাছতো স্কুটি লাভ কৰাৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ প্ৰতিবাদী ছাত্ৰীৰ

উল্লেখ্য যে, প্ৰজ্ঞান ভাৰতী আৰু জ্ঞান দিপীকা আঁচনি 2019 জৰিয়তে উচ্চতৰ মাধ্যমিকত প্ৰথম বিভাগ পোৱা ছাত্ৰী সকলক স্কুটি দিয়াৰ বাবে ৰাজ্য চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছিল ৷ উক্ত আঁচনিৰ জৰিয়তে ইতিমধ্যে বহু ছাত্ৰীয়ে একোখনকৈ স্কুটি লাভ কৰিবলৈ সক্ষম হ'ল যদিও প্ৰথম বিভাগ লাভ কৰিও বহু ছাত্ৰী স্কুটি লাভ নকৰাৰ অভিযোগ উত্থাপিত হৈছে ৷

প্ৰতিবাদী ছাত্ৰী সকলৰ মন্তব্য অনুসৰি তেওঁলোকে 2019 চনত 60 শতাংশ নম্বৰ লাভ কৰি উচ্চতৰ মাধ্যমিকত প্ৰথম বিভাগত উত্তীৰ্ণ হৈছিল যদিও স্কুটি লাভ কৰাৰ বঞ্চিত হৈ ৰ'ল ৷ সেয়ে, স্কুটি লাভ নকৰি ক্ষোভিত হৈ পৰা ছাত্ৰ ছাত্ৰী সকলে তেওঁলোকক স্কুটী প্ৰদান কৰাৰ বাবে বুধবাৰে ৰাজ্যৰ শিক্ষামন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক বান্ধি দিলে নিৰ্দিষ্ট সময়সীমা ৷

বিভিন্ন চৰকাৰ বিৰোধী শ্ল'গানেৰে প্ৰতিবাদথলী উত্তাল কৰি তুলি ছাত্ৰী সকলে আগন্তুক 20 ফেব্ৰুৱাৰীৰ ভিতৰত স্কুটী প্ৰদান নকৰিলে সমাগত অসম বিধানসভা নিৰ্বাচনত ভোটাধিকাৰ সাব্যস্ত নকৰাৰ হুংকাৰ দিয়া পৰিলক্ষিত হয় ৷

লগতে পঢ়ক:নলবাৰীত উপস্থিত অসম বচাও অভিযানৰ দল

Last Updated :Feb 17, 2021, 5:59 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.