ETV Bharat / state

অপূৰ্ব কুমাৰ শৰ্মাৰ স্মৃতিত স্মৃতিচাৰণ সভা আৰু স্মাৰক বঁটা প্ৰদান অনুষ্ঠান

author img

By

Published : Feb 12, 2021, 9:46 AM IST

বৃহস্পতিবাৰে নলবাৰীৰ শ্বহীদ ভৱন বাকৰিত অনুষ্ঠিত কৰা হয় অপূৰ্ব কুমাৰ শৰ্মাৰ স্মৃতিত স্মৃতিচাৰণ সভা আৰু স্মাৰক বঁটা প্ৰদান অনুষ্ঠান । অসম প্ৰদেশ সাংবাদিক সন্থা (আপজু)ৰ নলবাৰী জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত কৰা হয় এই স্মৃতিচাৰণ সভা আৰু স্মাৰক বঁটা প্ৰদান অনুষ্ঠান ৷

অপূৰ্ব কুমাৰ শৰ্মাৰ স্মৃতিত স্মৃতিচাৰণ সভা আৰু স্মাৰক বঁটা প্ৰদান অনুষ্ঠান
অপূৰ্ব কুমাৰ শৰ্মাৰ স্মৃতিত স্মৃতিচাৰণ সভা আৰু স্মাৰক বঁটা প্ৰদান অনুষ্ঠান

নলবাৰী, 12 ফেব্ৰুৱাৰীঃ বৃহস্পতিবাৰে নলবাৰীৰ শ্বহীদ ভৱন বাকৰিত অনুষ্ঠিত কৰা হয় অপূৰ্ব কুমাৰ শৰ্মাৰ স্মৃতিত স্মৃতিচাৰণ সভা আৰু স্মাৰক বঁটা প্ৰদান অনুষ্ঠান । অসম প্ৰদেশ সাংবাদিক সন্থা (আপজু)ৰ নলবাৰী জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত কৰা হয় এই স্মৃতিচাৰণ সভা আৰু স্মাৰক বঁটা প্ৰদান অনুষ্ঠান ৷

অপূৰ্ব কুমাৰ শৰ্মাৰ স্মৃতিত স্মৃতিচাৰণ সভা আৰু স্মাৰক বঁটা প্ৰদান অনুষ্ঠান

বিশিষ্ট সাংবাদিক, শিক্ষাবিদ, ক্ৰীড়া সংগঠক তথা লেখক অপূৰ্ব কুমাৰ শৰ্মাৰ স্মৃতিচাৰণ সভা আৰু স্মাৰক প্ৰদান অনুষ্ঠানত উপস্থিত থাকে বিশিষ্ট সমাজকৰ্মী তথা নৰ্থ ইষ্ট কেন্সাৰ ইনষ্টিটিউটৰ অধ্যক্ষ গণেশ তামুলী, জেষ্ঠ্য ক্ৰীড়া সাংবাদিক সুবোধ মল্ল বৰুৱা আৰু অপূৰ্ব কুমাৰ শৰ্মাৰ পত্নী গীতাঞ্জলী গোস্বামী ৷ এই গাম্ভীৰ্যপূৰ্ণ সভাখনৰ আঁত ধৰে সাংবাদিক শশাংক শৰ্মাই ৷

আনহাতে এই অনুষ্ঠানতে অপূৰ্ব কুমাৰ শৰ্মাৰ স্মৃতিত স্মাৰক বঁটা প্ৰদান কৰা হয় কৈঠালকুছিৰ জেষ্ঠ্য সাংবাদিক আলতাফ আলীক । এই বঁটাত আছে এখনি মানপ্ৰত্ৰ, জাপি, চেলেং চাদৰ আৰু নগদ ধন । লগতে এটা ব্যক্তিগত টেলিভিচন সংবাদ মাধ্যমৰ সাংবাদিক আফনুৰ আলীকো বঁটা প্ৰদান কৰা হয় ।

লগতে পঢ়কঃ নগাঁৱত হাতত ড্ৰাগছৰ চিৰিঞ্জসহ উদ্ধাৰ আৰক্ষীৰ পুত্ৰৰ মৃতদেহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.