ETV Bharat / state

Nalbari Day Celebration, আজিৰে পৰা আৰম্ভ হ’ল নলবাৰী জিলা দিৱস

author img

By

Published : Aug 12, 2022, 9:42 PM IST

Updated : Aug 13, 2022, 11:50 AM IST

Nalbari Day Celebration
আজিৰে পৰা আৰম্ভ হ’ল নলবাৰী দিৱস

আৰম্ভ হ’ল নলবাৰী জিলা দিৱস (Nalabari district day)। নলবাৰী জিলা দিৱস উপলক্ষে উখল-মাখল নলবাৰীৰ গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰ(Gordon Higher Secondary School Nalbari)।

নলবাৰী, ১২ আগষ্ট: আজিৰে পৰা আৰম্ভ হ’ল নলবাৰী জিলা দিৱস (Nalabari district day)। দিৱস উপলক্ষে উখল-মাখল নলবাৰীৰ গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰ(Gordon Higher Secondary School Nalbari)। ১৯৮৫ চনৰ ১৪ আগষ্টত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত ভূমিধৰ বৰ্মনৰ প্ৰচেষ্টাৰ ফলত নলবাৰীয়ে পূৰ্ণাংগ জিলাৰ ৰূপ পাইছিল আৰু অসম চৰকাৰৰ তৎপৰতাত এইবাৰ পোন প্ৰথমবাৰৰ বাবে উদযাপন কৰা হৈছে নলবাৰী জিলা দিৱস ।

নলবাৰী জিলা দিৱসৰ প্ৰথম দিনৰ কাৰ্যসূচী হিচাপে পতাকা উত্তোলন কৰে নলবাৰীৰ কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য প্ৰহ্লাদ কুমাৰ যোশীয়ে । অসমৰ শিক্ষাৰ নৱদ্বীপ খ্যাত প্ৰজ্ঞানগৰী নলবাৰীয়ে কামৰূপ জিলাৰ পৰা খণ্ডিত হৈ ১৯৮৫ চনৰ ১৪ আগষ্টত অসমৰ এখন সুকীয়া পূৰ্ণাংগ জিলা হিচাবে স্বীকৃতি লাভ কৰিছিল । নলবাৰী জিলাৰ ৩৭ সংখ্যক বৰ্ষপূৰ্তি উদযাপনৰ উদ্দেশ্যে পুৱা উপায়ুক্ত গীতিমনি ফুকন আৰক্ষী অধীক্ষক পবিন্দ্ৰ কুমাৰ বৰ্মনকে ধৰি ৩৭ গৰাকী বিশিষ্ট ব্যক্তিয়েও পতাকা উত্তোলনে কৰে । ইয়াৰ লগতে এটা শীৰ্ষ গীত মুকলি কৰা হয় ।

নলবাৰী জিলা দিৱসৰ নলবেইৰা শীৰ্ষ গীতটোৰ(Nalbari Day theme song) মুকলি অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী জয়ন্তমল্ল বৰুৱা(Minister Jayanta Malla Barua) । গীতটো মুকলি কৰি সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত কেইবাটাও বিস্ফোৰক মন্তব্য আগঢ়ায় মন্ত্ৰীগৰাকীয়ে । ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱা ৰাষ্ট্ৰীয় পতাকাৰ ৰং সলনিকে ধৰি ঠায়ে-ঠায়ে ওলোটাকৈ পতাকা উত্তোলনৰ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে কয় যে ঘৰে ঘৰে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ বাবে পতাকাবিধিৰ(Indian flag code) নিয়মৰ কিছু শিথিলতা কৰা হৈছে আৰু শিথিলতা কৰাৰ বাবে এতিয়া মানুহৰ হৃদয়ত ৰাষ্ট্ৰীয় পতাকাই স্থান পাইছে ।

আজিৰে পৰা আৰম্ভ হ’ল নলবাৰী দিৱস

ৰাষ্ট্ৰীয় পতাকাক লৈ হোৱা বিক্ষিপ্ত ঘটনাক গুৰুত্ব দিব নালাগে বুলি মন্তব্য কৰি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কয় যে, কোটি-কোটি মানুহে পতাকা উত্তোলন কৰাৰ সময়ত এনে দুই এক বিক্ষিপ্ত ঘটনা সংঘটিত হোৱাটো স্বাভাৱিক । এতিয়া ঘৰে-ঘৰে ত্ৰিৰংগাৰ লহৰ বৈছে বুলি মন্তব্য কৰি জয়ন্ত মল্ল বৰুৱাই কয় সংবাদ মাধ্যমৰ বাবে এনে বিক্ষিপ্ত ঘটনা কম হ’বলৈ ধৰিছে । কোনোবা দেশদ্ৰোহী পাকিস্তানক সমৰ্থন কৰা মানুহে এনেকুৱা কাম কৰিব পাৰে বুলি মন্তব্য আগঢ়ায় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ।

আনহাতে কংগ্ৰেছ দল এতিয়া চাৰি নম্বৰত থকা দল বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে । ইপিনে জয়ন্ত মল্ল বৰুৱাৰ উপস্থিতিত নলবৈইৰা শীৰ্ষগীতটো মুকলি কৰে কন্ঠশিল্পী সীমান্ত শেখৰে ।

লগতে পঢ়ক: Rare Indian Flag: ঢকুৱাখনাত সংৰক্ষিত হৈ আছে স্বাধীনতা আন্দোলনৰ দলিল

Last Updated :Aug 13, 2022, 11:50 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.