ETV Bharat / state

মূল্যবৃদ্ধিৰ বিৰুদ্ধে নলবাৰী আঞ্চলিক ছাত্র সন্থাৰ বিক্ষোভ

author img

By

Published : Feb 19, 2021, 6:11 PM IST

সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত ৰাজ্যজুৰি মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ ৷ নলবাৰীত নলবাৰী জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত 22 খন আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত প্ৰতিবাদ সাব্যস্ত ৷ ৰন্ধন গেছৰ লগতে আলু, পিঁয়াজ, মিঠাতেল ইত্যাদি অত্যাৱশ্যকীয় সামগ্ৰী সন্মুখত লৈ নলবাৰী শ্বহীদ ভৱনৰ সন্মুখত প্ৰতিবাদ আছু কৰ্মীৰ ৷

AS_nlb_01_AASU_Protest_VIS_IMG_AS10004
nalbari aasu staged protest against price hike of essential commodities

নলবাৰী, 19 ফেব্ৰুৱাৰী: সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে সমগ্ৰ অসমতে শুকুৰবাৰে মূল্যবৃদ্ধিৰ বিৰুদ্ধে সাব্যস্ত কৰা প্ৰতিবাদৰ অংশ হিচাপে নলবাৰীতো আছু কৰ্মী সকলে বিক্ষোভ প্ৰদৰ্শন কৰে ৷

ইন্ধনজাত সামগ্ৰীৰ লগতে বিভিন্ন অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত শুকুৰবাৰে নলবাৰী জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত 22 খন আঞ্চলিক ছাত্ৰ সন্থাই কেন্দ্ৰীয় নেতৃত্বৰ আহ্বান মৰ্মে এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ৷

ৰন্ধন গেছৰ লগতে আলু, পিঁয়াজ, মিঠাতেল ইত্যাদি অত্যাৱশ্যকীয় সামগ্ৰী সন্মুখত লৈ নলবাৰী শ্বহীদ ভৱনৰ সন্মুখত নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাই এই বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে ৷

AS_nlb_01_AASU_Protest_VIS_IMG_AS10004
ৰন্ধন গেছৰ লগতে আলু, পিঁয়াজ, মিঠাতেল ইত্যাদি অত্যাৱশ্যকীয় সামগ্ৰী সন্মুখত লৈ প্ৰতিবাদ

বিভিন্ন চৰকাৰী বিৰোধী শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলাৰ লগতে প্ৰতিবাদকাৰী সকলে অতি শীঘ্ৰে মূল্যবৃদ্ধি ৰোধ কৰাৰ ক্ষেত্ৰত চৰকাৰে ব্যৱস্থা গ্ৰহণ নকৰিলে জংগী আন্দোলন গঢ়ি তোলা হ'ব বুলিও হুংকাৰ দিয়ে ৷

উল্লেখ্য যে, আজি ৰাজ্যৰ উজনি আৰু নামনিৰ সকলো প্ৰান্ততে সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত মূল্যবৃদ্ধি ৰোধ কৰাৰ ক্ষেত্ৰত কেন্দ্ৰ আৰু ৰাজ্য উভয় চৰকাৰৰ ব্যৰ্থতাৰ অভিযোগ উত্থাপন কৰি আছু কৰ্মী সকল সৰৱ হৈ পৰা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক: মূল্যবৃদ্ধিকলৈ সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.