ETV Bharat / state

Miya museum controversy: মিঞা শব্দটো সন্মানসূচক শব্দ; সাংসদ দিলীপ শইকীয়া

author img

By

Published : Oct 27, 2022, 8:27 PM IST

mp-dilip-saikia-on-miya-museum-controversy
Miya museum controversy: মিঞা শব্দটো সন্মানসূচক শব্দ: সাংসদ দিলীপ শইকীয়া

অসমত কিন্তু মিঞা মিউজিয়াম হ’ব নোৱাৰে ৷ এইটো একদম ধ্ৰুৱসত্য কথা ৷ মিঞা মিউজিয়ামৰ জৰিয়তে আমাৰ যি অসমীয়া জাতীয় চেতনা, সংস্কৃতি সেইটো সমৃদ্ধ নহ’ব ৷ এইটোৱেই আমাৰ মাজত বিভাজন আৰু অবিশ্বাসৰ বাতাবৰণ সৃষ্টি কৰিব ৷ মিঞা মিউজিয়াম সন্দৰ্ভত এই বিস্ফোৰক মন্তব্য বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা সাংসদ দিলীপ শইকীয়াৰ (MP Dilip Saikia On Miya Museum Controversy)৷

নলবাৰী, 27 অক্টোবৰ: "আমাৰ অসমত অসমীয়া বুলিয়েই আমি সকলো পৰিচিত ৷ ইয়াৰ কোনো মিঞা বা অন্য ধৰণৰ প্ৰথা নাই ৷ বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকৰে মিলি আমি বৰ অসম গঢ়িবলৈ চেষ্টা কৰি আছো ৷ গতিকে এই মিঞা মিউজিয়ামে খিলঞ্জীয়া মুছলমানখিনিৰ লগতে অসমৰ অসমীয়াৰ আবেগৰ লগত খেলা কৰিব বিচাৰিছে ৷ ইয়াৰ অন্তৰালত হয়তু জেহাদী শক্তিৰ হাত থাকিবও পাৰে ৷ এই গোটেই বিষয়টোৰ সন্দৰ্ভত চৰকাৰে তদন্ত কৰি আছে ৷ ইতিমধ্যে এই তদন্তৰ পৰা কিছু তথ্যও পোহৰলৈ আহিছে ৷ যিহেতু এতিয়াও তদন্ত প্ৰক্ৰিয়া চলি আছে গোটেই কথাখিনি আমি ক’ব নোৱাৰো ৷" মিঞা মিউজিয়াম সন্দৰ্ভত বিস্ফোৰক মন্তব্য বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা সাংসদ দিলীপ শইকীয়াৰ (MP Dilip Saikia On Miya Museum Controversy)৷

তেওঁ লগতে কয় যে অসমত কিন্তু মিঞা মিউজিয়াম হ’ব নোৱাৰে ৷ এইটো একদম ধ্ৰুৱসত্য কথা ৷ মিঞা মিউজিয়ামৰ জৰিয়তে আমাৰ যি অসমীয়া জাতীয় চেতনা, সংস্কৃতি সেইটো সমৃদ্ধ নহ’ব ৷ এইটোৱেই আমাৰ মাজত বিভাজন আৰু অবিশ্বাসৰ বাতাবৰণ সৃষ্টি কৰিব ৷ "মিঞাৰ কথা ক’লে কিছুমানে ভোটবেংকৰ ৰাজনীতি বুলি ভাৱে ৷ কংগ্ৰেছ, অসম জাতীয় পৰিষদ, অখিল গগৈ কোনেও মাত নামাতে ৷ মিঞা শব্দটো সন্মানসূচক শব্দ কিন্তু অসমত মিঞা মানে পূৰ্ববংগীয় মুছলমান, বাংলাদেশী মুছলমানক বুজোৱা হয় ৷ তেওঁলোক অসমত কিয় আহিছে, কেনেধৰণে আহিছে সেইটো সকলোৱে জানে ৷

Miya museum controversy: মিঞা শব্দটো সন্মানসূচক শব্দ: সাংসদ দিলীপ শইকীয়া

মিঞা অসমীয়া জাতীয় জীৱনৰ অবিচ্ছেদ্য অংগ নহয়। অসমত বসবাস কৰা গৰীয়া, মৰীয়া, দেশী, জলহা আৰু চৈয়দ গোষ্ঠীৰ লোক সকলহে অসমৰ প্ৰকৃত খিলঞ্জীয়া। তেওঁলোকে অসমৰ কলা, সংস্কৃতি আঁকোৱালি লৈছে। মিঞা মিউজিয়ামৰ কনচেপ্টটোক মই নস্যাৎ কৰিছো ৷" মিঞা মিউজিয়ামৰ বিৰোধিতা কৰি ইয়াৰ অন্তৰালত থকা শক্তিক বিচাৰি উলিয়াই উচিত শাস্তি প্ৰদান কৰিবলৈ চৰকাৰক আহ্বান জনাই দিলীপ শইকীয়াই।

সোমবাৰে গোৱালপাৰা জিলাৰ লক্ষীপুৰত অসম মিঞা পৰিষদৰ সভাপতি এম মহৰ আলীয়ে লাভ কৰা প্ৰধানমন্ত্ৰী আবাস যোজনাৰ চৰকাৰী আৱাসগৃহত মিঞা মিউজিয়ামৰ আনুষ্ঠানিক উদ্বোধন কৰাৰ পিছৰ পৰাই ৰাজ্যজুৰি সৃষ্টি হৈছিল প্ৰতিক্ৰিয়াৰ (Miya museum controversy)। এই লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীও প্ৰকাশ কৰিছিল প্ৰতিক্ৰিয়া (CM Himanta Biswa Sharma react on Miya museum) ৷ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়াৰ পাছতেই জিলা প্ৰশাসনে মিউজিয়াম স্থাপন কৰা পি এম এ ৱাইৰ ঘৰটো ছীল কৰি দিছিল ৷

লগতে পঢ়ক: Miya Museum Controversy: মিঞা পৰিষদৰ আটকাধীন দুই সদস্যৰ আছে অল কায়দাৰে সম্পৰ্ক !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.