ETV Bharat / state

নলবাৰীত দিন-দুপৰতে চিলনী চোৰে লুটিলে টকাৰ বেগ

author img

By

Published : Aug 5, 2021, 10:35 PM IST

money-bag-looted-by-thieves-in-nalbari-in-daylight
নলবাৰীত দিন দুপৰতে চিলনী চোৰে লুটি নিলে টকাৰ বেগ

নলবাৰীত বৃদ্ধি পাইছে চিলনী চোৰৰ সন্ত্ৰাস ৷ বৃহস্পতিবাৰে দিন-দুপৰতে এগৰাকী ব্যক্তিৰ টকাৰ বেগ লৈ উধাও হ'ল চিলনী চোৰ ৷

নলবাৰী, 5 আগষ্ট : ৰাজ্যৰ বিভিন্ন জিলাৰ লগতে নলবাৰীতো ক্ৰমাৎ ভয়াৱহভাৱে বৃদ্ধি পাইছে চিলনী চোৰৰ সন্ত্ৰাস ৷ বৃহস্পতিবাৰে দিন-দুপৰতে জিলাখনত চিলনী চোৰে লুটি নিলে এগৰাকী ব্যক্তিৰ টকাৰ বেগ ৷ মহাগাণনিক কাৰ্যালয়ৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী প্ৰফুল্ল নাৰায়ণ দাস নামৰ লোকজনে বেংকৰ পৰা ধন উলিয়াই ঘৰলৈ যাবলৈ লওতেই সংঘটিত হয় এই ঘটনাটো ৷ চিলনী চোৰে ব্যক্তিগৰাকীৰ পৰা লুটি নিলে নগদ দুই লাখ টকা ভৰ্তি এটা বেগ ৷ নলবাৰী চহৰৰ মাজমজিয়াতে সংঘটিত হ’ল এই ঘটনা ৷

নলবাৰী সদৰ থানাৰ সমীপৰ পৰা চোৰে কৌশলেৰে লুটি লৈ গ’ল দুই লাখকৈ টকা ৷ স্থানীয় ৰাইজে জনোৱা মতে, প্ৰফুল্ল নাৰায়ণ দাস নামৰ লোকজনে ষ্টেট বেংকৰ পৰা ধন উলিয়াই লৈ গৈ থকা অৱস্থাত অচিনাক্ত দুৰ্বৃত্তই গাত কিবা চতিয়াই দিয়ে ৷ লগে লগে লোকজনে সমগ্ৰ শৰীৰত খজুৱতি অনুভৱ কৰে ৷ তাৰে সুযোগতে টকাৰ বেগটো লৈ উধাও হয় চোৰ ৷

নলবাৰীত দিন দুপৰতে চিলনী চোৰে লুটি নিলে টকাৰ বেগ

লক্ষণীয়ভাৱে নলবাৰীত ক্ৰমাৎ বৃদ্ধি পাইছে চিলনী চোৰৰ সন্ত্ৰাস ৷ তথাপি নীৰৱ ভূমিকা পালন কৰি আহিছে নলবাৰী আৰক্ষীয়ে ৷ আৰক্ষীক বুঢ়া আঙুলি দেখুৱাই জিলাখনত প্ৰায়ে সংঘটিত হ’বলৈ লৈছে এনে ঘটনা ৷ তদুপৰি আন এক উল্লেখনীয় বিষয় হৈছে SBI নলবাৰী শাখাৰ ঠিক বিপৰীতে অৱস্থিত নলবাৰী সদৰ থানা ৷

ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰক্ষীৰ কাষ চাপিছে ভুক্তভোগী ব্যক্তিগৰাকী ৷ ঘটনাৰ উচিত তদন্ত দাবীৰে দোষীক কৰায়ত্ত কৰিবলৈ ভুক্তভোগীয়ে আৰক্ষীক আহ্বান জনাইছে ৷ অন্যথা চোৰৰ দলটোৱে ভৱিষ্যতে এনেধৰণৰ ঘটনা সংঘটিত কৰি সাধাৰণ ৰাইজক বিপদত পেলোৱাৰ আশংকা প্ৰকাশ কৰিছে ভুক্তভোগীৰ লগতে স্থানীয় লোকে ৷ এনে ধৰণৰ ঘটনা ৰোধ কৰাৰ লগতে চোৰৰ সন্ধানত আৰক্ষীয়ে কি পদক্ষেপ গ্ৰহণ কৰে সেয়া সময়তহে লক্ষণীয় হ'ব ৷

লগতে পঢ়কঃ জলন্ত সমস্যা সমাধানৰ দাবীৰে মটক যুৱ ছাত্ৰ সন্মিলনৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.