ETV Bharat / state

Major reshuffle in Assam Police: নলবাৰীত একেদিনাই ২১ গৰাকীকৈ আৰক্ষী বিষয়াক ৰদবদল

author img

By ETV Bharat Assamese Team

Published : Nov 1, 2023, 11:25 AM IST

Updated : Nov 1, 2023, 12:05 PM IST

Major reshuffle in Assam Police
নলবাৰীত একেদিনাই ২১ গৰাকীকৈ আৰক্ষী বিষয়াক ৰদবদল

নলবাৰী জিলা আৰক্ষী অধীক্ষক সুপ্ৰিয়া দাসে এক নিৰ্দেশনাযোগে একেদিনাই ২১ গৰাকী আৰক্ষী বিষয়াক বদলি কৰে ৷ সুপ্ৰিয়া দাসে ১৮ ছেপ্টেম্বৰত নলবাৰী জিলা আৰক্ষী অধীক্ষক হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে ৷

নলবাৰী, ১ নৱেম্বৰ: নলবাৰী আৰক্ষী ব্যাপক সাল-সলনি ৷ নলবাৰীত একেদিনাই বদলি কৰা হ’ল কেইবাগৰাকীও আৰক্ষী বিষয়াক । জিলাখনৰ বিভিন্ন আৰক্ষী থানাত কৰ্মৰত আৰক্ষী বিষয়াক ৰদবদল জিলা আৰক্ষী অধীক্ষক সুপ্ৰিয়া দাসৰ । উপ-পৰিদৰ্শক আৰু সহ উপ-পৰিদৰ্শক পৰ্যায়ত হৈছে এই ৰদবদল । নলবাৰী জিলাৰ বিভিন্ন আৰক্ষী থানা, আৰক্ষী চকী, পহৰা চকীত কৰ্মৰত আছিল এইসকল উপ-পৰিদৰ্শক আৰু সহ উপ-পৰিদৰ্শক ।

Major reshuffle in Assam Police
নলবাৰীত একেদিনাই ২১ গৰাকীকৈ আৰক্ষী বিষয়াক ৰদবদল

সুপ্ৰিয়া দাসে ১৮ ছেপ্টেম্বৰত নলবাৰী জিলা আৰক্ষী অধীক্ষক হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে ৷ পূৰ্বে ওদালগুৰি জিলাৰ আৰক্ষী অধীক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল দাসে ৷ আনহাতে নলবাৰী জিলাৰ আৰক্ষী অধীক্ষক সুধাকৰ সিঙক উলুবাৰী DGP কাৰ্যালয়লৈ বদলি কৰা হয় ৷ নতুনকৈ জিলাখনৰ দায়িত্ব গ্ৰহণ কৰাৰ পাচতেই আৰক্ষী অধীক্ষকগৰাকীয়ে এক নিৰ্দেশনাযোগে জিলাৰখনৰ মুঠ ২১ গৰাকী আৰক্ষী বিষয়াক একেদিনাই বদলি কৰে ৷

নিৰ্দেশনাটোত উল্লেখ কৰা অনুসৰি, নলবাৰী আৰক্ষী থানাৰ উপ পৰিদৰ্শক অনন্ত চেতিয়াক ধমধমা আৰক্ষী চকীৰ উপ-পৰিদৰ্শক, সহকাৰী উপ পৰিদৰ্শক মধুস্মিতা বড়াক কমাৰকুছি আৰক্ষী চকীৰ উপ-পৰিদৰ্শক, ঘগ্ৰাপাৰ আৰক্ষী থানাৰ উপ পৰিদৰ্শক বিশাল কাশ্যপক দৌলাশাল আৰক্ষী চকীৰ উপ-পৰিদৰ্শক, টিহু আৰক্ষী থানাৰ উপ-পৰিদৰ্শক মানস প্ৰতিম নাথক চামতা পহৰা চকীৰ উপ-পৰিদৰ্শক, কমাৰকুছি আৰক্ষী চকীৰ উপ-পৰিদৰ্শক তৰণী কান্ত ছেত্ৰীক বৰিতাপাৰ আৰক্ষী চকীৰ পৰিদৰ্শক, মুকালমুৱা থানাৰ উপ-পৰিদৰ্শক(যান-বাহন) তথা ভাৰপ্ৰাপ্ত বিষয়া লাচিত লহকৰক ভাঙনমাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হিচাবে নিযুক্তি দিয়া হৈছে ৷

ইয়াৰ উপৰি আন কেইবাজনো উপ-পৰিদৰ্শক আৰু সহ উপ-পৰিদৰ্শকক বদলি কৰা হৈছে ৷ তেওঁলোকক অতি শীঘ্ৰে নিজ নিজ কৰ্মক্ষেত্ৰত যোগদান কৰিবলৈ নিৰ্দেশনাটোত উল্লেখ কৰা হৈছে ৷

লগতে পঢ়ক: Reshuffle in Assam Police: ধুবুৰীৰ বিতৰ্কিত আৰক্ষী অধীক্ষকসহ তিনি উচ্চ পদস্থ বিষয়াৰ বদলি

Last Updated :Nov 1, 2023, 12:05 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.