ETV Bharat / state

Illegal Cattle Smuggling: নলবাৰীৰ দৌলাশালত চোৰাংকৈ সৰবৰাহ কৰা গৰুৰ বিৰুদ্ধে ৰাইজৰ অভিযান

author img

By

Published : Jul 20, 2022, 9:31 PM IST

cattle-smuggler-arrested-by-daulasal-police-in-nalbari
নলবাৰীৰ দৌলাশালত চোৰাং গৰুৰ বিৰুদ্ধে স্থানীয় ৰাইজৰ অভিযান

ৰাজ্যত পশুধনৰ চোৰাং সৰবৰাহ (Cattle smuggling in Assam) অব্যাহত থকা বিষয়টো সম্প্ৰতি কোনো নতুন কথা নহয় ৷ আৰক্ষীয়ে যিমানে এই অবৈধ সৰবৰাহ বন্ধ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে, সিমানে এই ব্যৱসায়ত জড়িত অসাধু লোকসকলে প্ৰতিদিনে কৌশল সলনি কৰি আহিছে ৷ শেহতীয়াকৈ বুধবাৰে দৌলাশালত ৰাইজে জব্দ কৰিলে চোৰাংকৈ সৰবৰাহ কৰা গৰুভৰ্তি এখন বাহন (Local people seized vehicle loaded with cattle) ৷ লগতে তিনিটা চোৰাং গৰু সৰবৰাহকাৰীক আটক কৰিলে দৌলাশাল আৰক্ষীয়ে ৷

নলবাৰী, 20 জুলাই: ৰাজ্যত অব্যাহত আছে গৰুৰ অবৈধ সৰবৰাহ (Illegal Cattle Smuggling in Assam) । ইয়াৰ মাজতে বুধবাৰে দৌলাশালত স্থানীয় ৰাইজে জব্দ কৰিলে চোৰাংকৈ সৰবৰাহ কৰা গৰুভৰ্তি এখন বাহন (Local people seized vehicle loaded with cattle) ৷ প্ৰাপ্ত তথ্য অনুসৰি, এখন চাৰিচকীয়া বাহনে কেবাটাও চুৰি গৰু লৈ দৌলাশাল আৰক্ষীৰ চকুত ঢুলি দি গাঁওখনৰ এটা ভিতৰুৱা পথৰে সৰবৰাহৰ চেষ্টা চলায় ৷ ঠিক তেনে সময়তে একাংশ স্থানীয় লোকে চাৰিচকীয়া বাহনখনত কেবাটাও গৰু দেখি সন্দেহ হোৱাত তেওঁলোকে বাহনখন ৰখোৱাত প্ৰকৃত ঘটনা পোহৰলৈ আহে ৷

নলবাৰীৰ দৌলাশালত চোৰাং গৰুৰ বিৰুদ্ধে স্থানীয় ৰাইজৰ অভিযান

তাৰ পিছতে স্থানীয় লোকসকলে বাহনখনত থকা চালকসহ তিনিজন লোকক এই সন্দৰ্ভত আটক কৰাৰ লগতে দৌলাশাল আৰক্ষীক অৱগত কৰে ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ গৰুভৰ্তি বাহনখন জব্দ কৰে ৷ লগতে আৰক্ষীয়ে গৰুকেইটাৰ যাৱতীয় নথি দেখুৱাব নোৱাৰাত তিনিওটা সৰবৰাহকাৰীকো আটক কৰে ৷

আটকাধীন সৰবৰাহকাৰী তিনিটা বৰপেটা জিলাৰ হাঁহচৰাৰ ক্ৰমে চুমেদ আলীৰ পুত্ৰ হাফিজুল আলী, ইছমাইল মোল্লাৰ পুত্ৰ জাহিদুল মোল্লা আৰু নইমুদ্দিনৰ পুত্ৰ চোৰহাব আলী বুলি জানিব পৰা গৈছে (Cattle smuggler arrested by Daulasal Police) ৷ ঘটনা সংক্ৰান্তত দৌলাশাল আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি সৰবৰাহকাৰীকেইটাক জেল হাজোতলৈ প্ৰেৰণ কৰে ৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ৷

লগতে পঢ়ক: Dhubri Police encounter : আৰক্ষীৰ গুলীত নিহত কুখ্যাত গো-মাফিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.