ETV Bharat / state

BJP slams Congress: অন্য দলত স্থান নোপোৱা আৱৰ্জনাইহে যোগ দিয়ে কংগ্ৰেছত: জয়ন্তমল্ল

author img

By ETV Bharat Assamese Team

Published : Oct 11, 2023, 7:03 PM IST

নলবাৰীত অৰুণোদয় ২.০ ৰ শুভ উদ্ধোধন কৰে মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই ৷ জিলাখনত ২২,৪০১ গৰাকী হিতাধিকাৰীক অৰুণোদয় আচনিত সামৰি লোৱা হৈছে ৷

Minister Jayantamalla Baruah
কেবিনেট মন্ত্ৰী জয়ন্তমল্ল বৰুৱা

কেবিনেট মন্ত্ৰী জয়ন্তমল্ল বৰুৱা

নলবাৰী, ১১ অক্টোবৰ: ৰাজ্যৰ আন জিলাৰ লগতে আজি নলবাৰী জিলাতো অৰুণোদয় ২.o আঁচনিখনৰ শুভ উদ্ধোধন কৰে কেবিনেট মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই । নলবাৰী গৰ্ডন হাইস্কুল খেলপথাৰত অনুষ্ঠিত আজিৰ এই অনুষ্ঠানত জিলাখনৰ অকন বৈশ্য,পুৰ্নিমা বড়ো,অঞ্জলি দেৱী,যমুনা চাহানি,দৈবকী বৈশ্য,ভাৰতী ডেকা,অঞ্জলি ডেকা,মামনি বৰ্মন,বিমলা দাস আৰু জয়মতী বৈশ্যসহ মুঠ দহ গৰাকী মহিলাক অৰুণোদয় ২.o আচনিৰ কাৰ্ড প্ৰদান কৰা হয় । ইপিনে, আজি আন্তঃৰাষ্ট্ৰীয় কন্যা শিশু দিৱসৰ এই দিনটোত ২২,৪০১ গৰাকী হিতাধিকাৰীক অৰুণোদয় আঁচনিত সামৰি লোৱা হয় ৷

ইতিমধ্যে ৬৪,৩৮৮ গৰাকী হিতাধিকাৰী নলবাৰী জিলাত সামৰি ল'বলৈ সক্ষম হৈছে বুলিও মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই ভাষণত উল্লেখ কৰে ৷ আনহাতে, পিছৰ পৰ্যায়ত অৰুণোদয় হিতাধিকাৰীক ১৪০০ টকাকৈ প্ৰদান কৰা হ'ব বুলি সদৰী কৰি ৪২০০ কোটি টকা প্ৰতিবছৰে চৰকাৰে অৰুণোদয় আঁচনিৰ নামত খৰচ কৰা হৈছে বুলি কয় মন্ত্ৰীগৰাকীয়ে ৷

ইপিনে, আজি ৰাজীৱ ভৱনত কেইবাটাও দলৰ নেতা-কৰ্মীয়ে কংগ্ৰেছত যোগদান কৰা সন্দৰ্ভত মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই অন্য দলত স্থান নোপোৱা আবৰ্জনা বিলাকেহে কংগ্ৰেছত যোগদান কৰে বুলি ইতিকিং কৰে । ৰাষ্ট্ৰক ভাল পোৱা, দেশক ভাল পোৱা কোনো লোকে কংগ্ৰেছ দলক সমৰ্থন নকৰে বুলি উল্লেখ কৰি যিসকলে আজি কংগ্ৰেছ দলত যোগদান কৰিছে তেওঁলোকক কোনেও চিনিয়েই নাপায় বুলি মন্তব্য কৰে মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই ।

নলবাৰী গৰ্ডন হাইস্কুল খেলপথাৰত অনুষ্ঠিত সভাত বুধবাৰে মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ লগতে জিএমডিএৰ অধ্যক্ষ নাৰায়ণ ডেকা, নলবাৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মা, প্ৰহ্লাদ যোশীকে আদি কৰি নলবাৰী জিলা আয়ুক্ত বৰ্নালী ডেকা, নলবাৰী জিলা বিজেপিৰ সভাপত মৃগাঙ্ক তালুকদাৰ আদি উপস্থিত থাকে ৷

লগতে পঢ়ক:Maternal death incident: প্ৰসূতিৰ মৃত্যু সন্দৰ্ভত চিকিৎসক, নাৰ্চ, আশাকৰ্মী, মৃতকৰ পৰিয়ালৰ ভাষ্য গ্ৰহণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.