ETV Bharat / state

মণিপুৰৰ ভূমিস্খলনত নিহত নলবাৰীৰ ৰাজু আলীৰ পৰিয়ালক ২ লাখ টকাৰ সাহায্য প্ৰদান

author img

By

Published : Aug 23, 2022, 8:40 PM IST

মণিপুৰৰ ভূমিস্খলনত নিহত হোৱা ঘগ্ৰাপাৰৰ ৰাজু আলীৰ ঘৰত মঙলবাৰে উপস্থিত হয় মন্ত্ৰী জয়ন্তমল্ল বৰুৱা (Jayanta Malla Baruah in Nalbari) । প্ৰয়াত ৰাজু আলীৰ পত্নীৰ হাতত ২ লাখ টকাৰ চেক প্ৰদান মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ ।

Jayanta Mallabaruah Handed over 2 lakhs cheque of let Raju Ali family in Nalbari
নলবাৰীৰ ৰাজু আলীৰ পৰিয়ালক ২ লাখ টকাৰ সাহায্য প্ৰদান

নলবাৰী, ২৩ আগষ্ট : ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ অনুসৰি মঙলাবাৰে মন্ত্ৰী জয়ন্তমল্ল বৰুৱা উপস্থিত হয় নলবাৰীৰ বৰাজোলত (Jayanta Malla Baruah in Nalbari)৷ মণিপুৰৰ ভূমিস্খলনত নিহত হোৱা ৰাজু আলীৰ পৰিয়ালক নলবাৰীৰ বিধায়ক তথা মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ ২ লাখ টকাৰ এখন চেক প্ৰদান কৰে ৷

লগতে মন্ত্ৰীগৰাকীয়ে ৰাজু আলীৰ পৰিয়ালটোক আনাগত দিনত সহায়ৰ হাত আগবঢ়োৱাৰ কথাও উল্লেখ কৰে ৷ লগতে কোনো কাৰণ বশতঃ অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত নোহোৱা ভুক্তভোগী পৰিয়ালটোক এইবাৰ অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰিব বুলিও সদৰী কৰে মন্ত্ৰীগৰাকীয়ে ৷

নলবাৰীৰ ৰাজু আলীৰ পৰিয়ালক ২ লাখ টকাৰ সাহায্য প্ৰদান

কেৱল ৰাজু আলীৰ পৰিয়ালকে নহয়, ৰাজ্য চৰকাৰে মণিপুৰৰ ভূমিস্খলনত নিহত আৰু আহত হোৱা অসমৰ কেবাটাও পৰিয়ালক চৰকাৰী সাহায্য বিতৰণ কৰি আছে বুলি জানিব পৰা গৈছে ৷

উল্লেখ্য যে, মঙলবাৰে মন্ত্ৰী জয়ন্তমল্ল বৰুৱা নলবাৰীৰ বৰাজোলত উপস্থিত থকাৰ সময়ত তেওঁক সংগ দিয়ে বড়িগোগ বৰভাগ মণ্ডল বিজেপিৰ সভাপতি ডিম্বেশ্বৰ বেজবৰুৱা, সাধাৰণ সম্পাদক মনোজ ডেকা, সম্পাদক শ্যামন্ত শৰ্মা, মণ্ডল যুৱ মৰ্চাৰ সভাপতি হৰেশ্বৰ দাসকে ধৰি ভালেসংখ্যক দলীয় কৰ্মী ৷

লগতে পঢ়ক : চিলনী চোৰে থপিয়ালে 20 লাখ টকাৰ সোণ ভৰ্তি বেগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.