ETV Bharat / state

খিলঞ্জীয়াৰ ভূমি ৰক্ষাৰ নতুন আইন সন্দৰ্ভত জয়ন্ত মল্ল বৰুৱাৰ মন্তব্য

author img

By

Published : Nov 6, 2020, 10:09 PM IST

শুকুৰবাৰে নলবাৰীৰ ধৰ্মপুৰ সমষ্টিত অনুষ্ঠিত বিজেপিৰ কিষাণ মৰ্চাৰ কাৰ্যনিৰ্বাহক সভাত উপস্থিত থাকে ৰাজ্যিক পৰ্যটন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱা ৷ বিজেপিয়ে খিলঞ্জীয়াৰ ভূমি ৰক্ষাৰ ক্ষেত্ৰত এক নতুন আইনৰ ব্যৱস্থা কৰিব বুলি তেওঁ মন্তব্য কৰে ৷

jayanta malla baruah in nalbari
নলবাৰীত জয়ন্ত মল্ল বৰুৱা

নলবাৰী, 6 নৱেম্বৰ : নলবাৰীৰ ধৰ্মপুৰ সমষ্টিত শুকুৰবাৰে অনুষ্ঠিত হয় বিজেপিৰ কিষাণ মৰ্চাৰ কাৰ্যনিৰ্বাহক সভা ৷ সভাত উপস্থিত থাকে ৰাজ্যিক পৰ্যটন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱা ৷

তেওঁ কয় যে,‘‘এইবাৰো বিজেপিৰ চৰকাৰ হ’লে খিলঞ্জীয়া মানুহৰ মাটি সেইসকল লোকে কাঢ়ি নিব নোৱাৰিব ৷ কাৰণ মাটি কিনিব নোৱাৰাকৈ এক নতুন আইনৰ ব্যৱস্থা কৰিব বিজেপিয়ে’’ ।

নলবাৰীত জয়ন্ত মল্ল বৰুৱা

চৰাঞ্চলত বাস কৰা লোকসকলৰ ভূমি সন্দৰ্ভত এইদৰে মন্তব্য কৰে ৰাজ্যিক বিজেপিৰ উপ সভাপতি জয়ন্ত মল্ল বৰুৱাই । আনহাতে পাকিস্তান জিন্দাবাদৰ ওপৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ কয় যে,‘‘পাকিস্তান জিন্দাবাদ দিয়াতো অসমীয়া জাতিৰ বাবে ভয়াৱহ ইংগিত। এই কাম কেৱল ধৰ্মৰ নামত কৰা হোৱা নাই, এইসমূহ ৰাষ্ট্ৰ বিৰোধী কাম’’ ।

AJPৰ পতাকাখন অৰ্ধ সমাপ্ত পতাকা । এইখন বাংলাদেশৰ পতাকা নে জাপানৰ পতাকা তাক লৈ সন্দেহ হৈছে বুলিও তেওঁ মন্তব্য কৰে ৷

লগতে পঢ়ক : তেজপুৰত এন এছ চি এন কেডাৰ আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.