ETV Bharat / state

CPIM rally in Nalbari : নলবাৰীত কেইবাটাও দাবীৰে চি পি আই এমৰ জনসমাৱেশ

author img

By ETV Bharat Assamese Team

Published : Oct 6, 2023, 7:33 PM IST

শুকুৰবাৰে চি পি আই এমে নলবাৰী চহৰত বিশাল জনসমাৱেশ কাৰ্যসূচী ৰূপায়ণ কৰে ৷ উপস্থিত থাকে সৰভোগ সমষ্টিৰ চি পি আই এমৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ, প্ৰাক্তন শিক্ষামন্ত্ৰী ৰমনী বৰ্মনসহ বহু দলীয় নেতা-কৰ্মী ৷

CPIM rally in Nalbari
নলবাৰী চহৰত বিশাল জনসমাৱেশ

চি পি আই এমৰ জনসমাৱেশ

নলবাৰী, ৬ অক্টোবৰ : মূল্যবৃদ্ধি হ্ৰাস, সকলো শ্ৰমিকৰ সম-মজুৰি নিৰ্ধাৰণ, কৃষকৰ উৎপাদিত ফচলৰ ন্যুনতম সমৰ্থিত মূল্য প্ৰদান, কৃষি উৎপাদিত সামগ্ৰী সমূহৰ সংৰক্ষণৰ বাবে হিমঘৰৰ ব্যৱস্থা, নতুন পেন্সন নীতি বাতিল কৰি পুৰণি পেন্সন নীতি বাহাল ৰখাৰ দাবী, ৰাস্তা-ঘাটৰ পুনৰ মেৰামতি, খৰালি কালতে মথাউৰি সমূহ নিৰ্মাণ কৰা আৰু নলবাৰী চহৰ কৃত্ৰিম বানমুক্ত কৰাৰ দাবীৰে শুকুৰবাৰে চি পি আই এমে নলবাৰী চহৰত বিশাল জনসমাৱেশ কাৰ্যসূচী ৰূপায়ণ কৰে ৷ নলবাৰী চহৰৰ ৰাজীৱ ভৱনত শ শ চি পি আই এম কৰ্মীৰ উপস্থিতিত চৰকাৰৰ বিৰুদ্ধে এই সমূহ সমস্যা অতি শীঘ্ৰে পূৰণৰ দাবী কৰে চি পি আই এমৰ নেতা সকলে ৷

এই কাৰ্যসূচীত উপস্থিত থাকে সৰভোগ সমষ্টিৰ চি পি আই এমৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ, প্ৰাক্তন শিক্ষামন্ত্ৰী ৰমনী বৰ্মনসহ বহু দলীয় নেতা-কৰ্মী ৷ ভাষণ প্ৰসংগত বিধায়ক গৰাকীয়ে বিজেপি চৰকাৰে ৰাইজক হিন্দুত্ববাদীৰ শ্লোগানেৰে শোষণ কৰাৰ কথা সদৰী কৰে ৷ বিজেপি চৰকাৰে হিন্দু-মুছলমান কৰি অসমীয়া মানুহৰ মাজত বিভেদ সৃষ্টি কৰি ৰাইজক মূল্যবৃদ্ধিৰ বোজা জাপি দি কোঙা কৰা বুলি সদৰী কৰে তেওঁ ৷ ২৪ ৰ লোকসভা নিৰ্বাচনত বিজেপি চৰকাৰৰ হিন্দু-মুছলমানৰ ৰাজনীতিয়ে আৰু স্থান নাপাব বুলি কৈ ৰাইজক তেনে দলক আশ্ৰয় নিদিবলৈ আহ্বান জনায় বিধায়কগৰাকীয়ে ৷

লগতে বিধায়ক গৰাকীয়ে তেওঁলোকৰ দাবী সমূহ চৰকাৰে অতি সোনকালে পূৰণ কৰিবলৈ দাবী জনায় ৷ অনুষ্ঠানৰ অন্তত সাংবাদিকৰে হোৱা বাৰ্তালাপত বিধায়ক গৰাকীয়ে এই সকলোবোৰ সমস্যা সমাধান কৰাৰ দাবী জনোৱাৰ লগতে মূল্যবৃদ্ধিৰ দ্বাৰা চৰকাৰে ৰাইজক মাধমাৰ সোধাইছে বুলি অভিযোগ কৰে ৷ চৰকাৰৰ যোগান বিভাগৰ মন্ত্ৰীজনৰ তুলুঙা মন্তব্য সন্দৰ্ভত মন্ত্ৰী ৰণজিৎ দাসকো তীক্ষ্ণ সমালোচনা কৰে মনোৰঞ্জন তালুকদাৰে ৷ চৰকাৰে অতি সোনকালে মূল্যবৃদ্ধি ৰোধ কৰি ৰাইজক সকাহ দিবলৈ দাবী জনায় বিধায়কগৰাকীয়ে ৷

আনহাতে বজালী জিলাক লৈ চলি থকা বিতৰ্ক সন্দৰ্ভতো মত ব্যক্ত কৰে তেওঁ ৷ বজালী জিলা পূৰ্ৱৰ মহকুমাতকৈ সৰু হৈ যোৱাক লৈ বিধায়ক মনোৰঞ্জন তালুকদাৰে কয় যে চৰকাৰে ভোটৰ স্বাৰ্থত সমষ্টিৰ পুনৰ নিৰ্ধাৰণ কৰি বজালী জিলাৰ কিছু অংশ অন্য জিলাত অন্তৰ্ভুক্ত কৰিছে ৷ যাৰ বাবে বজালী জিলাৰ গাঁৱৰ সংখ্যা কমি গৈছে ৷ ইয়াৰে কিছু অংশ বৰপেটাত আৰু টিহু অংশ টিহু সমষ্টিৰ হোৱাৰ পিছত বজালীত এনে বিতৰ্ক আৰম্ভ হৈছে ৷ চৰকাৰে অতি সোনকালে আলোচনাৰ মাধ্যমেৰে এই সমস্যা সমস্যা সমাধানৰ ব্যৱস্থা কৰিবলৈ দাবী জনায় তেওঁ ৷ আনহাতে নলবাৰীৰ চি পি আই এম নেতা ৰবীন মিশ্ৰয়ো মূল্যবৃদ্ধি সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি বিজেপি চৰকাৰক তীক্ষ্ণ সমালোচনা কৰে ৷ চি পি আই এমৰ এই জনসমাৱেশত জিলা কংগ্ৰেছৰ সভাপতি ৰাতুল পাটোৱাৰী, সম্পাদক দিব্যজোতি হালৈয়ো উপস্থিত থাকে ৷

লগতে পঢ়ক : Arunachal Pradesh GI Tag: অৰুণাচলৰ য়াক চুৰ্পি, খামতি চাউল আৰু টাংচা বস্ত্ৰই পালে জি আই টেগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.