ETV Bharat / state

Nalbari News: অসম আন্দোলনৰ নেতা গদাধৰ বৰ্মনৰ স্মৃতিত সংগ্ৰহালয় মুকলি

author img

By ETV Bharat Assamese Team

Published : Sep 10, 2023, 9:39 PM IST

নলবাৰীত গদাধৰ বৰ্মনৰ স্মৃতিচাৰণ সভাত স্মৃতিচাৰণ কৰে বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা আৰু প্ৰাক্তন মন্ত্ৰী পৱীন্দ্ৰ ডেকাই।

Museum inaugurated in Nalbari
নলবাৰীত গদাধৰ বৰ্মনৰ স্মৃতিচাৰণ সভা

নলবাৰীত গদাধৰ বৰ্মনৰ স্মৃতিচাৰণ সভা

নলবাৰী, ১০ ছেপ্টেম্বৰ: অসম আন্দোলনৰ সংগ্ৰামী নেতা, নলবাৰী মহকুমা পৰিষদৰ প্ৰাক্তন সভাপতি, নাট্যকাৰ-অভিনেতা, বিশিষ্ট সংগঠক, সাহিত্যপ্রেমী তথা নলবাৰী জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ কৰ্ণধাৰ সমিতিৰ অন্যতম সদস্য গদাধৰ বৰ্মনৰ সোঁৱৰণত এলানি অনুষ্ঠানৰ আয়োজন কৰা হয় । উক্ত অনুষ্ঠানত তেওঁৰ সমাজমুখী জীৱন যাত্ৰাৰ স্মৃতিচাৰণ কৰাৰ লগতে গদাধৰ বৰ্মন ৰচিত “বিবিধ বার্তিকা” শীর্ষক গ্ৰন্থখন উন্মোচন কৰা হয় ।

আনহাতে,গদাধৰ বৰ্মনে দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা বিভিন্ন সামগ্ৰী সংৰক্ষণ কৰাৰ উদ্দেশ্যে পৰিয়ালে নির্মাণ কৰি উলিওৱা গদাধৰ বৰ্মন সংগ্ৰহালয়টোও আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয় । এই স্মৃতিচাৰণ সভাত বন্তি প্ৰজ্বালন কৰে চন্দনা বর্মন, প্রয়াত গদাধৰ বৰ্মনৰ সহধর্মিণী, গোবিন্দ কুমাৰ বৰ্মনে । গদাধৰ বৰ্মন সংগ্ৰহালয় উদ্বোধন কৰে ড৹ ৰাণী মুদিয়াৰ ডেকাই ।

ইয়াৰ পিছতে গ্ৰন্থ উন্মোচন কৰে অসম প্ৰকাশন পৰিষদৰ সচিব প্রমোদ কলিতাই । ইয়াৰ লগে লগে স্মৃতিচাৰণ সভা অনুষ্ঠিত হয় । নলবাৰী জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সভাপতি ড৹ প্রমোদ হালৈ পৌৰোহিত্বত অনুষ্ঠিত সভাত গদাধৰ বৰ্মনৰ পৰিয়াল তথা গুণমুগ্ধই স্মৃতি ৰোমন্থণ কৰে । ইয়াৰ পিছত স্মৃতিচাৰণ কৰে পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা আৰু প্ৰাক্তন বিধায়ক পবীন্দ্ৰ ডেকাই ।

ইপিনে, সভাৰ অন্তত জি-২০ ত বিকৃত বিহু নৃত্য আৰু ইণ্ডিয়া-ভাৰতক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰে বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই । বিধায়কগৰাকীয়ে বিহুক বিজতৰীয়া কৰা ঘটনাৰ তদন্ত কৰিবলৈ আহ্বান জনাই । ইয়াৰ লগতে সমগ্ৰ দেশত চৰ্চাত থকা ইণ্ডিয়া আৰু ভাৰতৰ নাম সন্দৰ্ভত মত পোষণ কৰে ।

বিধায়কগৰাকীয়ে উল্লেখ কৰে যে দেশৰ নাম পৰিবৰ্তন কৰাৰ সিদ্ধান্ত হোৱা নাই । এতিয়া চৰ্চাতহে আছে । আনহাতে, বিধায়কগৰাকীয়ে কয় যে দেশৰ নাম "ইণ্ডিয়া" আতৰাই অকল "ভাৰত" ৰাখিলে যথেষ্ট সমস্যাৰো সৃষ্টি হ'ব । কিয়নো ইণ্ডিয়া নামেৰেই দেশৰ কেন্দ্ৰীয় বেংক, নথি-পত্ৰসমূহ আছে । সেয়ে কেন্দ্ৰীয় চৰকাৰে ইয়াৰ ওপৰত চিন্তা-চৰ্চা কৰিহে উচিত সিদ্ধান্ত ল'ব লাগে বুলি তেওঁ কয় ।

লগতে পঢ়ক:Poor Bridges in Guwahati: গড়চুক-পামহী পথত দুখনকৈ দলঙৰ বিধ্বস্ত ৰূপ; যিকোনো মুহূৰ্তত ভয়াৱহ দুৰ্ঘটনাৰ আশংকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.