ETV Bharat / state

নলবাৰীত কৃষকৰ আৰ্তনাদ: বালিচৰত পৰিণত কৃষিভূমি

author img

By

Published : Jul 11, 2022, 9:19 PM IST

নলবাৰীত বানে কোঙা কৰা খেতিয়কৰ হাহাকাৰ ৷ মুৰে কপালে হাত দিব লগা হৈছে খেতিয়কসকলে ৷ এসাঁজ খাই এসাঁজ লঘোনে থাকি কোনোমতে জীৱন নিৰ্বাহ কৰিছে দুৰ্ভগীয়া কৃষকসকলে(Nalbari Helpless Farmer Damaged Paddy Field) ৷

nalbari-helpless-farmer-damaged-paddy-field
নলবাৰীত কৃষকৰ আৰ্তনাদ: বালিচৰত পৰিণত কৃষিভূমি

নলবাৰী, 11 জুলাই : ৰাজ্যত অব্যাহত আছে বানৰ সংহাৰ (Assam Flood 2022)৷ ৰাজ্যখনৰ কিছু অংশত বান শাম কাটিছে যদিও অধিকাংশ অঞ্চলৰ ৰাইজ এতিয়াও আৱদ্ধ হৈ আছে বানত ৷ ৰাজ্যত হোৱা এই দ্বিতীয়টো বানত মানুহ আৰু পশুধনৰ লগতে কৃষিভূমিৰো বিস্তৰ ক্ষতিসাধন হৈছে ৷ শেহতীয়াকৈ প্ৰকাশ হোৱা এক তথ্য অনুসৰি চলিত বৰ্ষৰ দ্বিতীয়টো বানত ২১ খন জিলাৰ 47009 খন ৰাজহ গাঁৱৰ ৩ লাখ ৬৩ হাজাৰ ৯৭ টা কৃষিজীৱি পৰিয়াল ক্ষতিগ্ৰস্ত হৈছে (Crop submergence in Assam flood) ৷

নলবাৰীত কৃষকৰ আৰ্তনাদ

আনহাতে, নলবাৰীতো বলিয়া বানে বিস্তৰ ক্ষতিসাধন কৰে(Farmers of Nalbari are in distress as floods) ৷ বৰ্তমান নলবাৰীত বানৰ সংহাৰ শেষ হৈছে যদিও এই বানত আটাইতকৈ অধিক ক্ষতিগ্ৰস্ত হৈছে কৃষকসকল ৷ বান শেষ হোৱাৰ পিছত খেতি পথাৰত ঠায়ে ঠায়ে বালিৰ ডাঠ তৰপ পৰিছে । চৌদিশে এতিয়া কেৱল মৰুভূমি সদৃশ পৰিবেশ । কিছু কিছু ঠাইত আকৌ কৃষকৰ কেইবা শতাধিক খেতি পথাৰত পানীয়ে ডোঙা বান্ধিছে । যাৰ ফলত বালিত পোত গৈছে হাজাৰ হাজাৰ কৃষিভূমি(Nalbari Helpless Farmer Damaged Paddy Field) ৷

উল্লেখযোগ্য যে বিগত বানে পশ্চিম নলবাৰী আৰু টিহুৰ বিভিন্ন অঞ্চলৰ বসতি স্থল তচনচ কৰি থৈ যোৱাৰ সমান্তৰালকৈ খেতিপথাৰ সমূহো পানীয়ে বুৰাই পেলাইছিল । এতিয়া বান শুকাল যদিও বন্যাৰ্ত খেতিয়কৰ নষ্ট হ'ল হাজাৰ হাজাৰ কৃষিভূমি । যাৰ ফলত মুৰে-কপালে হাত দিব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে দৰিদ্ৰ কৃষকসকলে । যদিহে এই কৃষিভূমিসমূহ আহাৰ শাওনৰ ভিতৰতেই কৃষিৰ বাবে উপযোগী হৈ নুঠে তেন্তে অনাগত দিনত অনাহাৰে দিন কটাব লাগিব সাধাৰণ খাটি খোৱা কৃষকসকলে ।

খেতি-পথাৰসমূহত এনেদৰে বালিচৰৰ সৃষ্টি হোৱাত খেতিয়কসকলৰ মাজত একপ্ৰকাৰে পানীত হাঁহ-নচৰা অৱস্থাৰ সৃষ্টি হৈছে । মৰা পাগলাদিয়া নৈপৰীয়া আৰু ইয়াৰ আশে পাশে প্ৰতিটো অঞ্চলৰ অধিকাংশ লোকেই কৃষি কাৰ্যৰ লগত জড়িত ।

নিজৰ খেতিৰ ফচলেৰে কোনোমতে পোহ-পালন দি আহিছিল শ শ পৰিয়ালে । বৰ্তমান এই কৃষকসকলৰ মাজত দেখা দিছে আন এক সমস্যা । পথাৰসমূহত খেতি কৰিব নোৱাৰা কৃষকে আগন্তক সময়ত ক'ৰ পৰা কেনেকৈ চৰকাৰক খাজনা দিব তাক লৈ চিন্তিত হৈ পৰিছে কৃষকসকল । সেয়ে এইবাৰৰ খাজনা ৰেহাই দিয়াৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ কাঁতৰ আহ্বান জনাইছে এই ক্ষেত্ৰত গোৱাৰাদল, লংকা চুবুৰীৰ খেতিয়কসকলে ৷

লগতে পঢ়ক : ৰঙিয়াত কৃষকৰ আৰ্তনাদ: বালিত পোত গ'ল বিঘাই বিঘাই কৃষিভূমি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.