ETV Bharat / state

PC in Nalbari: অস্তিত্বহীন হৈ পৰিব নেকি নলবাৰী অসামৰিক চিকিৎসালয়

author img

By

Published : Apr 2, 2023, 10:10 PM IST

শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয় সুৰক্ষা সমিতিৰ সংবাদ মেল । চিকিৎসালয়খনৰ পূৰ্বৰ মৰ্যাদা তথা পৰিসেৱা অটুত ৰখাৰ দাবীৰে আয়োজন কৰে এই সংবাদমেলৰ । দাবী মানি নল'লে তীব্ৰ আন্দোলনৰ কাৰ্যসূচী গঢ়ি তোলাৰ হুংকাৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয় সুৰক্ষা সমিতিৰ(Shaheed Mukund Kakati Civil Hospital) ।

Demanding the former status and service of Nalbari Civil Hospital
অস্তিত্বহীন হৈ পৰিব নেকি নলবাৰী চিভিল হাস্পতাল !

অস্তিত্বহীন হৈ পৰিব নেকি নলবাৰী চিভিল হাস্পতাল !

নলবাৰী,২ এপ্ৰিল: শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ক অস্তিত্বহীন কৰাৰ বিৰুদ্ধে সৰৱ নলবাৰীৰ দল-সংগঠন । দেওবাৰে নলবাৰী প্ৰেছ ক্লাৱত শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয় সুৰক্ষা সমিতিৰ উদ্যোগত ইয়াৰ বিৰুদ্ধে অনুষ্ঠিত কৰে এখন সংবাদমেলৰ (Shaheed Mukund Kakati Civil Hospital) । শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয় কাগজে-পত্ৰই অস্তিত্বহীন কৰাৰ লগতে তাৰ পৰিসেৱাক সম্পূৰ্ণৰূপে ধ্বংস কৰাৰ বিৰুদ্ধে আৰু চিকিৎসালয়খনৰ পূৰ্বৰ মৰ্যাদা আৰু পৰিসেৱা অটুট ৰখাৰ ন্যায়সংগত ৰাইজৰ দাবী মানি ল'বলৈ চৰকাৰক আহ্বান জনায় আয়োজন কৰে সংবাদমেলখনৰ ।

উক্ত সংবাদমেল সম্বোধন কৰি কয় যে, নলবাৰী মেডিকেল কলেজ হাস্পতাল (Nalbari Medical College Hospital) হোৱাতো নলবাৰীবাসী ৰাইজৰ বাবে আনন্দৰ বিষয় আৰু ই আমাৰ প্ৰাপ্য । নলবাৰীবাসী ৰাইজৰ আবেগ বিজৰিত হৈ আছে শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ৰ সৈতে (Former status and service of Nalbari Civil Hospital) । কিন্তু শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয় সুৰক্ষা সমিতি, নলবাৰী জিলাৰ এটি প্ৰতিনিধি দলে যোৱা ৩০ মাৰ্চ তাৰিখে শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয় চৰ জমিন পৰ্যবেক্ষন কৰি এক নিৰ্ভৰযোগ্য সুত্ৰৰ যোগেদি লাভ কৰে এক বিস্ফোৰক তথ্য ।

তথ্য অনুসৰি পূৰ্ণ গতিত চিকিৎসা চলি থকা চিকিৎসালয়খনৰ বৰ্তমান অফিচিয়েলি কোনো অস্তিত্ব নাই । এয়া নলবাৰীবাসীৰ বাবে অত্যন্ত বেদনাদায়ক যদিও সেয়াই বাস্তৱ সত্য । ইয়াক সম্পূৰ্ণৰূপে নলবাৰী মেডিকেল কলেজ হাস্পতালৰ সৈতে সংলগ্ন কৰি দিয়া হৈছে । সেয়া অসমৰ বুকুত নজিৰবিহীন য'ত শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ৰ পৰা প্ৰায় ১৫ কিলোমিটাৰত অৱস্থিত বৰ্তমান নলবাৰী মেডিকেল কলেজ হাস্পতাল ।

সংবাদমেলযোগে শ্বহীদ মুকুন্দ কাকতিৰ স্মৃতিত স্থাপিত নলবাৰী শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়খনৰ পূৰ্বৰ মৰ্যাদা আৰু পৰিসেৱা অটুট ৰখাৰ ন্যায়সংগত দাবী মানি ল'বলৈ চৰকাৰক আহ্বান জনাই শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয় সুৰক্ষা সমিতিয়ে । অন্যথা নলবাৰীবাসী ৰাইজে তীব্ৰ গণআন্দোলন গঢ়ি তুলিবলৈ বাধ্য হোৱাৰ হুংকাৰ প্ৰদান কৰে ।

লগতে পঢ়ক: Conflict over land: ভূমিকেন্দ্ৰিক সংঘাতত আহত কেইবাজনো লোক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.