Congress rally: নলবাৰীত মধুপুৰ ব্লক কংগ্ৰেছৰ স্বাধীনতাৰ গৌৰৱময় যাত্ৰাৰ শুভাৰম্ভ

author img

By

Published : Aug 9, 2022, 3:51 PM IST

Congress rally

স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে দেশজুৰি কংগ্ৰেছৰ বিশেষ সমদল । নলবাৰীত গৌৰৱময় যাত্ৰা আৰম্ভ (Congress rally in Nalbari)। মধুপুৰ ব্লক কংগ্ৰেছ কমিটিৰ উদ্যোগত আয়োজিত সমদলত কেন্দ্ৰীয় নেতা পৃথ্বীৰাজ সাথেৰ, সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰ আৰু নলবাৰী জিলা কংগ্ৰেছৰ সভাপতি ৰাতুল পাটোৱাৰী উপস্থিত থাকে ।

নলবাৰী,৯ আগষ্ট : দেশৰ স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে ইতিমধ্যে চৰকাৰে বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে । আজাদী কা অমৃত মহোৎসৱৰ (Azadi ka Amrit Mahotsav) অংশস্বৰূপে বিজেপি চৰকাৰে দেশজুৰি হৰ ঘৰ তিৰংগা কাৰ্যসূচী ৰূপায়ণৰ প্ৰস্তুতি চলাইছে । ইফালে কংগ্ৰেছ দলেও স্বাধীনতাৰ গৌৰৱময় যাত্ৰা শীৰ্ষক বিশেষ কাৰ্যসূচী হাতত লৈছে । অসমৰো প্ৰতিখন জিলাত এই কাৰ্যসূচী আৰম্ভ হৈছে । এই কাৰ্যসূচীৰ অংশস্বৰূপে পদযাত্ৰা কৰিব কংগ্ৰেছ কৰ্মীসকলে ।

নলবাৰী জিলাৰ ধৰ্মপুৰ সমষ্টিৰ অন্তৰ্গত মধুপুৰ ব্লক কংগ্ৰেছ কমিটিৰ উদ্যোগতো মঙলবাৰে স্বাধীনতাৰ গৌৰৱময় যাত্ৰা শীৰ্ষক পদযাত্ৰা আৰম্ভ (Congress rally before Independence Day)। পশ্চিম নলবাৰী আৰু মধুপুৰ ব্লক কংগ্ৰেছ কমিটিৰ উদ্যোগত বেলশৰৰ বিল্বেশ্বৰ দেৱালয় চৌহদত পশ্চিম নলবাৰী কংগ্ৰেছৰ শতাধিক দলীয় কৰ্মীৰ সৈতে কেন্দ্ৰীয় নেতা পৃথ্বীৰাজ সাথেৰ, সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰ আৰু নলবাৰী জিলা কংগ্ৰেছৰ সভাপতি ৰাতুল পাটোৱাৰী উপস্থিত থাকে ।

কংগ্ৰেছৰ স্বাধীনতাৰ গৌৰৱময় যাত্ৰাৰ শুভাৰম্ভ

কংগ্ৰেছ দলৰ উদ্যোগত উলিওৱা এই সমদলটোৱে ধৰ্মপুৰ সমষ্টিৰ দুই কি:মি: পদযাত্ৰাৰে উক্ত অনুষ্ঠানৰ শুভাৰম্ভণি কৰে । ইফালে সাংবাদিকৰ সৈতে হোৱা সাক্ষাৎকাৰত বিজেপি বিধায়ক প্ৰশান্ত ফুকনে ব্যক্ত কৰা কংগ্ৰেছৰ আঠ গৰাকীকৈ বিধায়ক বিজেপি গমনৰ ইংগিতক প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিধায়ক জাকিৰ হুছেইন শিকদাৰে বিজেপি নেতা প্ৰশান্ত ফুকনক তীব্ৰ সমালোচনা কৰে । মনত ক্ষোভ লৈ নেতাগৰাকীয়ে অস্থিৰতাত থকা বুলি মন্তব্য কৰে শিকদাৰে ।

তেওঁ কয় যে নতুন বিধায়কে মন্ত্ৰিত্বৰ শপত লোৱাৰ সমান্তৰালকৈ বিধায়ক প্ৰশান্ত ফুকনৰ নাম মন্ত্ৰী তালিকাত নথকাত মানসিক ভাৰসাম্য হেৰাই পেলোৱা বুলি তীব্ৰ সমালোচনা কৰে । বিধায়ক প্ৰশান্ত ফুকনে কাৰোবাক সন্তুষ্ট কৰিবলৈ আৰু সংবাদ মাধ্যমৰ বাতৰি দখল কৰাৰ লক্ষ্যৰেহে এনেকুৱা মন্তব্য আগবঢ়াইছে বুলি উল্লেখ কৰে বিধায়ক জাকিৰ হুছেইন শিকদাৰে । বিধায়ক প্ৰশান্ত ফুকনে বিজেপিৰ ভিতৰচ'ৰা একো নাজানে বুলিও কয় শিকদাৰে ।

লগতে পঢ়ক :Har Ghar Triranga: ৰঙিয়াত মহিলাই মুকলি কৰিলে বিশেষ ত্ৰিৰংগাৰ বজাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.