ETV Bharat / state

Har Ghar Triranga: ৰঙিয়াত মহিলাই মুকলি কৰিলে বিশেষ ত্ৰিৰংগাৰ বজাৰ

author img

By

Published : Aug 9, 2022, 11:28 AM IST

Har Ghar Triranga
ৰঙিয়াত মহিলাই মুকলি কৰিলে বিশেষ ত্ৰিৰংগাৰ বজাৰ

ভাৰতৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে সমগ্ৰ দেশজুৰি আজাদী কা অমৃত মহোৎসৱ (Azadi ka Amrit Mahotsav) পালনৰ জৰিয়তে এইবাৰ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে "হৰ ঘৰ ত্ৰিৰংগা" কাৰ্যসূচী গ্ৰহণ কৰিছে । ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে ৰঙিয়াতো ইয়াক লৈ ব্যাপক প্ৰস্তুতি চলা পৰিলক্ষিত হৈছে ৷ ৰঙিয়াৰ কণিহাত মুকলি হ'ল জাতীয় পতাকাৰ এখন বৃহৎ বজাৰ ।

ৰঙিয়া, 9 আগষ্ট : ৰঙিয়াৰ কণিহাত মুকলি হ'ল জাতীয় পতাকাৰ এখন বৃহৎ বজাৰ । ত্ৰিৰংগা পতাকাৰ বজাৰখন পৰিচালনা কৰিছে মহিলাসকলে (Women organized Triranga market) । প্ৰায় দহ হেজাৰ ত্ৰিৰংগা পতাকা মুকলি কৰি দিছে বিশেষ বজাৰখনত । বজাৰখনৰ বিশেষত্ব হৈছে, ইয়াত সামগ্ৰী প্ৰস্তুতকাৰীৰ পৰা আৰম্ভ কৰি বিক্ৰেতা-পৰিচালক আনকি ক্ৰেতা সকলোৱেই মহিলা ৷ সুলভ মূল্যতে জাতীয় পতাকাবোৰ বজাৰখনত উপলব্ধ হোৱাত হেতা-ওপৰা লাগিছে গ্ৰাহকৰ মাজত ।

ৰঙিয়াত মহিলাই মুকলি কৰিলে বিশেষ ত্ৰিৰংগাৰ বজাৰ

উল্লেখ্য যে, ভাৰতৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে সমগ্ৰ দেশজুৰি আজাদী কা অমৃত মহোৎসৱ পালনৰ জৰিয়তে এইবাৰ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে "হৰ ঘৰ ত্ৰিৰংগা" কাৰ্যসূচী গ্ৰহণ কৰিছে (Azadi ka Amrit Mahotsav)। জন অংশীদাৰিত্বৰে এই কাৰ্যসূচী সাফল্য মণ্ডিত কৰাৰ বাবে ইতিমধ্যে প্ৰধানমন্ত্ৰী মোদীয়ে দেশবাসীক আহ্বান জনাইছে ৷ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে ৰঙিয়াতো ইয়াক লৈ ব্যাপক প্ৰস্তুতি চলা পৰিলক্ষিত হৈছে ৷

ৰঙিয়াৰ বিভিন্ন অঞ্চলৰ পৰা গ্ৰাহক আহি বৃহৎ বজাৰ খনত ভিৰ কৰা পৰিলক্ষিত হৈছে (Tricolour market in Rangia)। কিয়নো সকলোৱে ১৩ আগষ্টৰ পৰা ১৫ আগষ্ট লৈ সকলোৱে নিজৰ নিজৰ ঘৰৰ চৌহদত উত্তোলন কৰিব ১৪১ কোটি জনতাৰ স্বাভিমান ৰাষ্ট্ৰীয় পতাকা । অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনৰ চাৰিশ আত্মসহায়ক গোটৰ মহিলাই ৰঙিয়াৰ প্ৰতিগৰাকী নাগৰিকৰ বাবে জাতীয় পতাকা প্ৰস্তুত কৰি উলিয়াইছে ।

অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানে মহিলাসকলক আত্মনিৰ্ভৰশীল কৰাত গুৰুত্ব প্ৰদান কৰিছে । জাতীয় পতাকা প্ৰস্তুতৰ বাবে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ ফালৰ পৰা মহিলাসকলক জাতীয় পতাকাৰ কাপোৰ যোগান ধৰা হৈছে । লগতে এখন পতাকা চিলাই কৰাৰ বাবদ মহিলাসকলক দিয়া হৈছে পাঁচ টকাকৈ । এইসকল মহিলাই উৎপাদনমুখী কামত জড়িত হৈ নিজৰ পৰিয়ালটোক কিছু আৰ্থিক সকাহ দিবলৈ সক্ষম হৈছে ।

লগতে পঢ়ক: Independence day 2022: কোন মন্ত্ৰীয়ে ক’ত উত্তোলন কৰিব ৰাষ্ট্ৰীয় পতাকা ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.