ETV Bharat / state

Congress protest in Nalbari: নলবাৰীত মথাউৰি নিৰ্মাণৰ দাবীত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

author img

By

Published : Mar 18, 2023, 10:47 PM IST

নলবাৰীত মথাউৰি পুনৰ নিৰ্মাণৰ দাবীত কংগ্ৰেছৰ লগতে ক্ষুব্ধ ৰাইজে জনালে তীব্ৰ প্ৰতিবাদ (Congress protest in Dharmapur)। বুঢ়াদিয়া নৈৰ ভগ্ন মথাউৰি আজিও নিৰ্মাণ নোহোৱাত ক্ষোভ স্থানীয় লোকৰ ।

Demand for repairing of Embankment in Nalbari
নলবাৰীত মথাউৰী পুনৰনিৰ্মাণৰ দাবী

নলবাৰীত মথাউৰী পুনৰনিৰ্মাণৰ দাবী

নলবাৰী ,১৮ মাৰ্চ: বাৰিষা আহিলে শংকিত হৈ পৰে নৈপৰীয়া ৰাইজ ৷ নলবাৰী জিলাৰ ভিন্ন প্ৰান্তত আজিও ভঙা মথাউৰিকলৈ এস্তমান নৈপৰীয়া ৰাইজ (Demand for repairing of Embankment in Nalbari)। বাৰিষা পুনৰ আহিল যদিও আজিও ভঙা মথাউৰিৰ মেৰামতিৰ কোনো ব্যৱস্থা কৰা নাই জল সম্পদ বিভাগে । এই ভগ্ন মথাউৰি নিৰ্মাণৰ দাবীত ধৰ্মপুৰ সমষ্টিৰ পশ্চিম নলবাৰীৰ বুঢ়াদিয়া নৈৰ মথাউৰি পাৰত জিলা কংগ্ৰেছৰ উদ্যোগত আৰু পশ্চিম নলবাৰী ব্লক কংগ্ৰেছৰ সহযোগত শনিবাৰে চৰকাৰ বিৰোধী শ্লোগানৰে উত্তাল হৈ পৰে আমনি বাবাৰ থানৰ বুঢ়াদিয়া নৈ পাৰ ৷

উল্লেখযোগ্য যে,২০২২ বৰ্ষত নলবাৰী জিলাত ৪০০ তকৈ অধিক গাঁও বানৰ কৱলত পৰি ককবকাইছিল বান পীড়িতই । ভেটি মাটি হেৰুৱাইছে বহু পৰিয়ালে । তাৰ পিছতো এনেদৰে ভগ্ন মথাউৰি ভগা হৈয়েই থাকিল । ধৰ্মপুৰৰ বুঢ়াদিয়া নৈৰ মথাউৰি ভিন্ন প্ৰান্তত ভাঙিছে যদিও আজিও কিন্ত মথাউৰিটো নিৰ্মাণ কৰা নহ'ল (Demand for repairing Embankment of Burhadia River)। যাৰ ফলস্বৰূপে মথাউৰি মেৰামতি আৰু ভগ্ন মথাউৰি নিৰ্মাণৰ বাবে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে কংগ্ৰেছ নেতৃত্বই । প্ৰতিবাদকাৰী ৰাইজে জলসম্পদ মন্ত্ৰী পীয়ুষ হাজৰিকা হায় হায় ,চন্দ্ৰমোহন পাটোৱাৰী হায় হায়,ভগ্ন মথাউৰি পুনৰ নিৰ্মাণ কৰক আদি শ্লোগানেৰে বুঢ়াদিয়া নৈৰ পাৰত প্ৰতিবাদ সাব্যস্ত কৰে ।

বাৰিষা আহি দুৱাৰদলি পালে যদিও মন্ত্ৰী পীযুষ হাজৰিকাৰ জলসম্পদ বিভাগৰ চকুত নপৰিল এইসমূহ ভগ্ন মথাউৰি । মথাউৰিয়ে জন জীৱনৰ প্ৰতি ভাবুকি অনাৰ পিছতো আজি প্ৰতিবাদকাৰী ৰাইজে এই বিভাগটোৰ বিৰুদ্ধে ক্ষোভ উজাৰে । আনহাতে,প্ৰতিবাদকাৰী ৰাইজে কয় যে প্ৰতাপী মন্ত্ৰী তথা ধৰ্মপুৰ সমষ্টিৰ বিধায়ক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে আজিলৈকে এই ক্ষেত্ৰত কোনো ব্য়ৱস্থা গ্ৰহণ কৰা নাই । সমষ্টিবাসীয়ে অভিযোগ কৰি কয়,"আমি বানত উটি গলে ক'ৰ পৰা আপোনাক ভোট দিম ৷ নিৰ্বাচনৰ সময়ত টোপোলা লৈ আহিলে নহ'ব ৷ আমাক বানৰ পৰা মুক্ত কৰক ৷"

ইপিনে, আজি জিলা কংগ্ৰেছৰ নেতৃত্বই জল সম্পদৰ টকাৰে বিজেপি চৰকাৰে হৰ্ছ ট্ৰেডিং কৰাৰো অভিযোগ উত্থাপন কৰে ৷ চন্দ্ৰমোহন পাটোৱাৰীয়ে টেপ খুলিলে টকা ওলাব বুলি কেছিল যদিও আজিও তেওঁ মথাউৰি বান্ধিব নোৱাৰাটো চৰম দুৰ্ভাগ্য়জনক বুলি ক্ষুব্ধ ৰাইজে কয় । ইপিনে, এই কাৰ্যক গৰিহণা দিয়ে জিলা কংগ্ৰেছৰ সভাপতি ৰাতুল পাটোৱাৰীয়ে ।

লগতে পঢ়ক:Child Labour in Tea garden : বৰডুবি চাহ বাগিচাত উদ্ধাৰ ২৪ গৰাকী শিশু শ্ৰমিক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.