Child Labour in Tea garden : বৰডুবি চাহ বাগিচাত উদ্ধাৰ ২৪ গৰাকী শিশু শ্ৰমিক

author img

By

Published : Mar 18, 2023, 4:17 PM IST

Child Labour in Tea garden

তিনিচুকীয়াৰ বৰডুবি চাহ বাগিচাত শিশু শ্ৰমিক বিৰোধী অভিযান (Operation against child labour)। অসম চাহ জনজাতি ছাত্ৰ সন্থাই উদ্ধাৰ কৰে ২৪ গৰাকীকৈ শিশু শ্ৰমিক । বাগিচাৰ বিভিন্ন কামত নিয়োজিত হৈ আছে শিশু শ্ৰমিকসকল ।

বৰডুবি চাহ বাগিচাত উদ্ধাৰ ২৪ গৰাকী শিশু শ্ৰমিক

তিনিচুকীয়া, ১৮ মাৰ্চ : ৰাজ্যত দিনক দিনে বৃদ্ধি হৈছে শিশু শ্ৰমিকৰ সংখ্যা (Child labour in Assam)। কোনো কোনো স্থানত আকৌ এই সমস্যাই ভয়াৱহ ৰূপ ধাৰণ কৰিছে । শিশু শ্ৰমিক প্ৰতিৰোধ কৰিবলৈ চৰকাৰ তথা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে চেষ্টা অব্যাহত ৰাখিছে যদিও সফল হোৱা নাই । ইফালে ৰাজ্যৰ বহু চাহ বাগিচাত শিশু শ্ৰমিক ব্যৱহাৰৰো অভিযোগ উত্থাপন হৈছে (Child labour in tea estate)।

বিভিন্ন সময়ত চাইল্ড লাইনে চাহ বাগিচা অঞ্চলত শিশু শ্ৰমিক উদ্ধাৰ কৰাও দেখা যায় । কিন্তু তাৰ মাজতে একাংশই পেটৰ তাড়নাত পৰি শিশুসকলক বিভিন্ন কামত জড়িত কৰি আহিছে । একাংশ শিশুৱে আকৌ নিজৰ পৰিয়াল হেঁচাত শ্ৰমদান কৰিবলগীয়া হৈছে । ইফালে একাংশ চাহ বাগিচা কিম্বা প্ৰতিষ্ঠানত অধিক লাভৰ লালসাত মালিকপক্ষই শিশু শ্ৰমিক নিয়োজিত কৰি থকা গৈছে ।

তেনে সময়তে শনিবাৰে তিনিচুকীয়া জিলাৰ ডুমডুমাৰ সমীপৰ বৰডুবি চাহ বাগিচাত ২৪ গৰাকীকৈ শিশু শ্ৰমিক উদ্ধাৰ কৰে অসম চাহ জনজাতি ছাত্ৰ সন্থাই (Child labour rescued in Tinsukia)। শিশু শ্ৰমিকসকলক বাগিচা কৰ্তৃপক্ষই পাত তোলা কাৰ্যত ব্যৱহাৰ কৰি আহিছে বুলি অভিযোগ উঠিছে । পাত সংগ্ৰহৰ বাবে শিশু শ্ৰমিকসকলক লৈ যোৱাৰ সময়তেই অসম চাহ জনজাতি ছাত্ৰ সন্থা চমুকৈ আটছাই শিশু শ্ৰমিকসকলক উদ্ধাৰ কৰে (ATTSA rescued child labour in Tinsukia)।

সংগঠনটোৱে অভিযোগ কৰা মতে বাগিচাখনৰ কাষৰীয়া অঞ্চলৰ পৰা বাহনত দলে-দলে শিশু শ্ৰমিকসকলক বাগিচাখনলৈ লৈ আহে আৰু পাত তোলা কাৰ্যত নিয়োগ কৰে । ইফালে পৰৱৰ্তী সময়ত সেই স্থানত বাগিচা কৰ্তৃপক্ষ উপস্থিত হয় যদিও শিশু শ্ৰমিকসকলক বৰডুবি চাহ বাগিচাৰ কৰ্মচাৰী নহয় বুলি অৱগত কৰে । কিন্তু স্থানীয় আটছাৰ নেতৃত্বই দীৰ্ঘদিনৰ পৰা চাহ বাগিচাখনত সেইসকল শিশু শ্ৰমিকক পাত তোলাৰ কামত নিয়োগ কৰি অহা বুলি দাবী কৰিছে ৷

উল্লেখ্য যে, চৰকাৰে শিশু শ্ৰমিক প্ৰতিৰোধ কৰাৰ লগতে শিশুসকলৰ শিক্ষাৰ অধিকাৰৰ ক্ষেত্ৰত শ্ল'গান যিমানেই নিদিয়ক কিয় ৰাজ্যৰ একাংশ চাহ বাগিচাত কম মজুৰিত এতিয়াও যে শিশু শ্ৰমিকক নিয়োগ কৰি থকা হৈছে সেয়া এই ঘটনাই প্ৰমাণ কৰিছে । এতিয়া প্ৰশ্ন হ'ল এই ক্ষেত্ৰত চৰকাৰ তথা প্ৰশাসনে কিবা ব্যৱস্থা গ্ৰহণ কৰিব নে ?

লগতে পঢ়ক :Assam Nagaland border: তিতাবৰত নাগালেণ্ড আৰক্ষীৰ বাহনে মহতিয়ালে অসমীয়াৰ ব্যৱসায়িক প্ৰতিষ্ঠান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.