ETV Bharat / state

Football Tournament in Nalbari: মুকালমুৱাত চক্ৰধৰ ডেকা সোঁৱৰণী ফুটবল প্ৰতিযোগিতা আৰম্ভ

author img

By ETV Bharat Assamese Team

Published : Sep 4, 2023, 10:39 AM IST

দেওবাৰৰ পৰা আৰম্ভ হ’ল 11 সংখ্যক চক্ৰধৰ ডেকা সোঁৱৰণী প্ৰাইজমানী ফুটবল প্ৰতিযোগিতা ৷ মুকালমুৱা আঞ্চলিক ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈছে এই প্ৰতিযোগিতা ৷ দেওবাৰে প্ৰতিযোগিতাখনৰ শুভ উদ্বোধন সাঁতোৰবিদ এলভিচ আলী হাজৰিকাই ৷

Football Tournament in Nalbari
নলবাৰীৰ মুকালমুৱাত চক্ৰধৰ ডেকা সোঁৱৰণী ফুটবল প্ৰতিযোগিতা আৰম্ভ

নলবাৰীৰ মুকালমুৱাত চক্ৰধৰ ডেকা সোঁৱৰণী ফুটবল প্ৰতিযোগিতা আৰম্ভ

নলবাৰী, 4 আগষ্ট : নলবাৰীৰ মুকালমুৱাস্থিত দেশভক্ত ষ্টেডিয়ামত সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ স্বীকৃতি প্ৰাপ্ত 11 সংখ্যক চক্ৰধৰ ডেকা সোঁৱৰণী প্ৰাইজমানী ফুটবল প্ৰতিযোগিতা আৰম্ভ ৷ দেওবাৰৰ পৰা আৰম্ভ হোৱা প্ৰতিযোগিতাখনৰ শুভ উদ্বোধন কৰে বিশ্ব প্ৰসিদ্ধ অসম সন্তান সাঁতোৰবিদ এলভিচ আলী হাজৰিকাই ৷ মুকালমুৱা আঞ্চলিক ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত কৰি আহিছে এই প্ৰতিযোগিতা ৷

চক্ৰধৰ ডেকা সোঁৱৰণী প্ৰাইজমানী ফুটবল প্ৰতিযোগিতাৰ প্ৰথমখন মেচ মুকালমুৱা আঞ্চলিক ক্ৰীড়া সন্থা আৰু চাংসাৰিৰ অসম ৱাৰিয়ৰ্চ ফুটবল দলৰ মাজত অনুষ্ঠিত হয় ৷ মেচখনত মুকালমুৱা আঞ্চলিক ক্ৰীড়া সন্থাই চাংসাৰিৰ অসম ৱাৰিয়ৰ্চক 6-1 গ’লৰ ব্যৱধানত পৰাস্ত কৰে ৷

প্ৰতিযোগিতাখনৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত আছিল নলবাৰী জিলা আয়ুক্ত বৰ্ণালী ডেকা, বৰক্ষেত্ৰীৰ চক্ৰ বিষয়া কৌস্তৱ ৰয়, অসম ফুটবল সন্থাৰ কোষাধ্যক্ষ হীৰেন গগৈ, বৰক্ষেত্ৰী উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া বাপধন আলীকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি । অসংখ্য দৰ্শকৰ উপস্থিতিত মুকালমুৱা আঞ্চলিক ক্ৰীড়া সন্থাই উদ্বোধনী খেলত জয়লাভ কৰি প্ৰতিযোগিতাত অগ্ৰগতি লাভ কৰে ।

উল্লেখ্য যে একাদশ সংখ্যক প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাত দিল্লী এফ চি, শ্বিলং লাজং এফ চি, জৰ্জিয়ান এফ চি ৱেষ্ট বেংগল, অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ, ইউনাইটেড চিৰাং দুৱাৰ এফ চি, অইল ইণ্ডিয়া এফ চি দুলীয়াজান, অসম পুলিছ ব্লুজ আদি ৰাজ্যৰ আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ মুঠ ১৬ টা ফুটবল দলে অংশগ্ৰহণ কৰিব ৷ এই কথা জানিবলৈ দিয়ে মুকালমুৱা আঞ্চলিক ক্ৰীড়া সন্থাৰ সভাপতি নাৰায়ণ ডেকাই ।

উক্ত প্ৰতিযোগিতাখনৰ উদ্বোধনী অনুষ্ঠাত উপস্থিত থাকি এলভিচ আলী হাজৰিকাই কয়, ‘‘অসমৰ চুকে-কোণে লুকাই থকা প্ৰতিভাৰ বিকাশৰ বাবে এখন মঞ্চৰ প্ৰয়োজন ৷’’

লগতে পঢ়ক: Abhinandan Theater: নলবাৰীত অভিনন্দৰ মঞ্চত পল্লৱ পৱনৰ হীৰা চণ্ডাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.