ETV Bharat / state

Awareness program:ড্ৰাগছ আৰু বাল্যবিবাহৰ বিৰুদ্ধে সজাগতা সভা

author img

By ETV Bharat Assamese Team

Published : Sep 4, 2023, 7:05 PM IST

নলবাৰীৰ কচুৱা পথাৰত সমাজৰ বাবে ডাঙৰ ব্যাধি ড্ৰাগছ আৰু বাল্য বিবাহৰ বিৰুদ্ধে সজাগতা সভা ।

awareness program on child marriage and drugs in nalbari
সজাগতা সভা

সজাগতা সভা

নলবাৰী, ৪ ছেপ্টেম্বৰ : ড্ৰাগছ , নিচাজাতীয় সামগ্ৰীয়ে ছানি ধৰিছে ৰাজ্য । ৰাজ্যৰ যুৱ সমাজক পংগুত্বৰ জীৱনলৈ ঠেলি নিয়া বিষাক্ত ড্ৰাগছৰ বিৰুদ্ধ সচেতন সমাজত বিভিন্ন সময়ত চলি আহিছে সজাগতা সভা । কিন্ত ইয়াৰ পিছতো একাংশ অঞ্চলত হ্ৰাস পোৱা নাই বৰবিহৰ বেহা । ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰক্ষীৰ অভিযানত দৈনিক ড্ৰাগছসহ সৰবৰাবহকাৰী আটক হৈ আছে ৷ ড্ৰাগছৰ সমান্তৰালকৈ ৰাজ্যত বাল্যবিবাহো একেবাৰে শেষ হৈ যোৱা নাই বহু অঞ্চলত ৷ বাল্যবিবাহৰ দৰে আইন বিৰোধী অসামাজিক ব্যাধিসমূহো সংখ্যালঘু এলেকাত হ্ৰাস কৰাৰ উদ্দেশ্য বহু সচেতন সমাজে নিতৌ ৰাইজৰ মাজত সজাগতা বঢ়াই আহিছে ।

এই উদ্দেশ্য সোমবাৰে নলবাৰীৰ কচুৱা পথাৰত এখনি সজাগতামূলক সভা অনুষ্ঠিত কৰা হয় । স্বেচ্ছাসেৱী সংস্থা কচুৱা পথাৰ নিউ ষ্টাৰ ক্লাৱৰ উদ্যোগত অনুষ্ঠিত কৰা হয় সজাগতামূলক সভাখন । ড্ৰাগছ, বাল্যবিবাহ, নাৰী সুৰক্ষা, শিশু শ্ৰমিক বন্ধ কৰাৰ বাবে ৰাইজৰ মাজত সজগতা বৃদ্ধিৰ উদ্দেশ্যে অনুষ্ঠিত কৰা হয় সজাগতা সভাখন । উক্ত সজাগতা সভাখনত কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকি ৰাইজক সামাজিক ব্যাধিসমূহ নিৰ্মূল কৰিবলৈ আহ্বান জনায় ।

উক্ত সভাত উপস্থিত থাকে কেকান কাপলাবড়ী আঞ্চলিক পঞ্চায়তৰ সদস্য নাছিৰ প্ৰধানীৰ লগতে বিশিষ্ট অধিবক্তা শ্বাহজাহান আলী, সমাজ সেৱক চুলতান মামুদ, গুৱাহাটী হাইকৰ্টৰ অধিবক্তা তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটি আইন বিভাগৰ যুটীয়া আহ্বায়ক শ্বহিদুল ইছলাম, কচুৱা পথাৰ গাঁও উন্নয়ন সমিতিৰ সম্পাদক হানিফ উদ্দিন তথা অঞ্চলটোৰ সমাজ সচেতন ব্যক্তি শিক্ষক হাৰুন আলীসহ প্ৰায় শতাধিক লোক ।

লগতে পঢ়ক : Awareness on witch hunting: মানৱ সৰবৰাহ অন্ধবিশ্বাস বাল্যবিৱাহ ডাইনী হত্যাৰ ওপৰত সজাগতা সভা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.