ETV Bharat / state

Anti Corruption unit raid: টিহুত দুৰ্নীতি নিবাৰক শাখাৰ জালত ঘোচখোৰ লাট মণ্ডল-কম্পিউটাৰ দোকানী

author img

By

Published : Aug 17, 2023, 10:41 PM IST

Anti Corruption unit raid
দুৰ্নীতি নিবাৰক শাখাৰ জালত ঘোচখোৰ লাট মণ্ডল

টিহুত ঘোচ লৈ হাত দাঙিলে লাট মণ্ডলে । দুৰ্নীতি নিবাৰক শাখাৰ অভিযানত মধ্যস্থতাকাৰীসহ আটক লাট মণ্ডল । নয়ন বৰ্মনক নিৰ্দোষী দাবী পত্নীৰ ৷

দুৰ্নীতি নিবাৰক শাখাৰ জালত ঘোচখোৰ লাট মণ্ডল

নলবাৰী, ১৭ আগষ্ট: নলবাৰী জিলাৰ টিহু ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত বৃহস্পতিবাৰে দুৰ্নীতি নিবাৰক শাখাৰ অভিযান চলাই লাটমণ্ডলসহ মধ্যস্থতাকাৰীক আটক কৰে । আটকাধীন দুজন টিহুৰ সুৰাদী-আখৰা এলেকাৰ লাট মণ্ডল দেবাশীষ বৰ্মন আৰু মধ্যস্থতাকাৰী নয়ন বৰ্মন বুলি চিনাক্ত ।উৎকোচ লৈ থকা অৱস্থাতে দুৰ্নীতি নিবাৰক শাখাই হাতে-লোটে আটক কৰে দুয়োজনক ।

উল্লেখযোগ্য যে মধ্যস্থতাকাৰী নয়ন বৰ্মন চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত ‘বৰ্ণিল ডিজিটেল চেন্টাৰ’ নামৰ এখন কম্পিউটাৰ প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী ।নয়ন বৰ্মনৰ কম্পিউটাৰৰ দোকানতে ঘোচ লোৱাৰ সময়ত দুৰ্নীতি নিবাৰক শাখাই দুয়োজনকে আটক কৰে । সম্প্ৰতি মধ্যস্থতাকাৰী তথা কম্পিউটাৰ ব্যৱসায়ী নয়ন বৰ্মন আৰু লাট মণ্ডল দেৱাশীষ বৰ্মনক দুৰ্নীতি নিবাৰক শাখাই চলাই আছে মাৰাথন জেৰা ।

দুৰ্নীতি নিবাৰক শাখাই লাট মণ্ডল দেৱাশীষ বৰ্মন আৰু কম্পিউটাৰ দোকানী নয়ন বৰ্মনক জেৰা চলাই থাকোতে ৰাজহ চক্ৰ কাৰ্যালয়ত উপস্থিত হয় ধৃত দালাল নয়ন বৰ্মনৰ পৰিয়াল । নয়ন বৰ্মনক বিনা দোষত দুৰ্নীতি নিবাৰক শাখাই আটক কৰা বুলি অভিযোগ তোলে তেওঁৰ পত্নীয়ে । দুপৰীয়াৰ ভাগত নয়নৰ পত্নীৰ ওচৰত স্বামীক বিচাৰি কোনো অচিনাকী লোক গৈ দোকানত সোমাওতে প্ৰিন্টাৰ মেচিনত পইচা থৈ দুৰ্নীতি নিবাৰক শাখাই আটক কৰা বুলি অভিযোগ কৰে নয়নৰ পত্নীয়ে ।

লাট মণ্ডল দেৱাশীষ বৰ্মনৰ নয়নৰ সৈতে ভাল সম্পৰ্ক থকা বুলিও সাংবাদিকৰ আগত সদৰী কৰে নয়নৰ পত্নীয়ে । নিৰ্দোষী নয়ন বৰ্মনক মুকলি কৰি দিবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনায় নয়নৰ পত্নীয়ে । এতিয়া আৰক্ষীৰ তদন্তহে পোহৰলৈ আহিব নয়ন বৰ্মন প্ৰকৃততে নিৰ্দোষী নে ! নে লাট মণ্ডল দেবাশীষ বৰ্মনৰ মধ্যস্থতাকাৰী আছিল নয়ন বৰ্মন ৷

লগতে পঢ়ক: Anti Corruption unit raid: কাৰ্যবাহী অভিযন্তা মনোজ কুমাৰ শইকীয়াক লৈ গুৱাহাটীলৈ ৰাওনা দুৰ্নীতি নিবাৰক শাখাৰ দল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.