ETV Bharat / state

Anti Corruption unit raid: কাৰ্যবাহী অভিযন্তা মনোজ কুমাৰ শইকীয়াক লৈ গুৱাহাটীলৈ ৰাওনা দুৰ্নীতি নিবাৰক শাখাৰ দল

author img

By

Published : Aug 17, 2023, 9:20 PM IST

Updated : Aug 17, 2023, 10:07 PM IST

Anti Corruption unit raid
কাৰ্যবাহী অভিযন্তা মনোজ কুমাৰ শইকীয়াক লৈ গুৱাহাটীলৈ ৰাওনা দুৰ্নীতি নিবাৰক শাখাৰ দল

পুনৰ উৎকোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ জালত চৰকাৰী বিষয়া ৷ ঠিকাদাৰৰ পৰা ১০ হাজাৰ টকা উৎকোচ লোৱাৰ সময়তে আটক কাৰ্যবাহী অভিযন্তা মনোজ কুমাৰ শইকীয়া ৷ মনোজ শইকীয়া হাফলং লোক নিৰ্মাণ বিভাগৰ (ৰোড) ডিভিচনৰ কাৰ্যবাহী অভিযন্তা ৷

দুৰ্নীতি নিবাৰক শাখাৰ অভিযান

হাফলং, ১৭ আগষ্ট: উৎকোচ লৈ গ্ৰেপ্তাৰ হোৱা হাফলং লোক নিৰ্মাণ বিভাগৰ (ৰোড) ডিভিচনৰ কাৰ্যবাহী অভিযন্তা মনোজ কুমাৰ শইকীয়াক লৈ বৃহস্পতিবাৰে বিয়লি গুৱাহাটী লৈ ৰাওনা হয় দুৰ্নীতি নিবাৰক শাখাৰ বিষয়াসকল । বৃহস্পতিবাৰে পুৱা এগৰাকী ঠিকাদাৰৰ পৰা ১০ হাজাৰ টকা উৎকোচ লোৱাৰ সময়তে কাৰ্যবাহী অভিযন্তা মনোজ শইকীয়াক গ্ৰেপ্তাৰ কৰে গুৱাহাটীৰ পৰা অহা দুৰ্নীতি নিবাৰক শাখাৰ এটা দলে ।

নগাঁওৰ বাসিন্দা মনোজ কুমাৰ শইকীয়া ১১ মাহ পূৰ্বে হাফলং লোক নিৰ্মাণ বিভাগৰ (ৰোড) ডিভিচনত কাৰ্যবাহী অভিযন্তা হিচাবে যোগদান কৰিছিল । ইয়াৰ পূৰ্বে তেওঁ নগাঁও লোক নিৰ্মাণ বিভাগত এছডিঅ’ হিচাবে কৰ্মৰত আছিল । কাৰ্যবাহী অভিযন্তা হিচাবে পদোন্নতি পাই তেওঁ হাফলং লোক নিৰ্মাণ বিভাগত যোগদান কৰাৰ পিচতেই তেওঁৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উঠিছিল ।

ইপিনে বৃহস্পতিবাৰে সন্ধিয়া হাফলং লোক নিৰ্মাণ বিভাগৰ কাৰ্যবাহী অভিযন্তাক প্ৰথমে দুৰ্নীতি শাখাৰ বিষয়াসকলে স্বাস্থ্য পৰীক্ষাৰ বাবে হাফলং অসামৰিক চিকিৎসালয়ত লৈ যায় । ইয়াৰ পিচতে তেওঁক পোনে পোনে গুৱাহাটী লৈ যায় দুৰ্নীতি নিবাৰক শাখাৰ বিষয়াসকলে । ইফালে বিষয়াগৰাকীক আটক কৰাৰ পাচতেই হাফলং আৰক্ষী আৰু দুৰ্নীতি নিবাৰক শাখাৰ দলে তেওঁৰ চৰকাৰী আবাসত অভিযান চলায় ৷

হাফলং আৰক্ষী আৰু দুৰ্নীতি নিবাৰক শাখাৰ দলে কাৰ্যবাহী অভিযন্তা মনোজ শইকীয়াৰ চৰকাৰী আবাসৰ পৰা লক্ষাধিক টকা জব্দ কৰাৰ লগতে ১৭ খন এটিএম কাৰ্ড আৰু বহু নথিপত্ৰ জব্দ কৰে । উল্লেখ্য যে, ডিমা হাছাও জিলাত এইবাৰ প্ৰথমবাৰ দুৰ্নীতি নিবাৰক শাখাই অভিযান চলায় ৷ এই অভিযানতেই দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰে কাৰ্যবাহী অভিযন্তা মনোজ শইকীয়া ৷

লগতে পঢ়ক: Anti Corruption unit raid: এইবাৰ হাত দাঙিলে হাফলং লোক নিৰ্মাণ বিভাগৰ কাৰ্যবাহী অভিযন্তাই

Last Updated :Aug 17, 2023, 10:07 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.