ETV Bharat / state

থাকিবলৈ ঘৰ নোহোৱা এগৰাকী জাতীয়তাবাদী নেতা

author img

By

Published : Aug 12, 2020, 9:48 PM IST

Updated : Aug 13, 2020, 5:15 PM IST

assam movement leader lives in Govt veterinary with his family
assam movement leader lives in Govt veterinary with his family

বিদেশী বহিস্কাৰ আন্দোলনৰ এগৰাকী অন্যতম নেতা নাওধন ডেকা ৷ হাইস্কুলীয়া জীৱনতেই আন্দোলনত জপিয়াই পৰা এইগৰাকী নেতাই ঘগ্ৰাপাৰ অঞ্চলত বিদেশী বহিস্কাৰ আন্দোলনৰ নেতৃত্ব বহণ কৰিছিল । ছয় বাৰকৈ জে’ললৈ যাব লগা হোৱা এইগৰাকী অসম আন্দোলনৰ নেতা আজিও উপেক্ষিত ।

নলবাৰী, 12 আগষ্ট : এগৰাকী উপেক্ষিত জাতীয়তাবাদী নেতা ৷ বিদেশী বহিস্কাৰ আন্দোলনৰ এগৰাকী অন্যতম নেতা নাওধন ডেকা ৷ হাইস্কুলীয়া জীৱনতেই আন্দোলনত জপিয়াই পৰা এইগৰাকী নেতাই ঘগ্ৰাপাৰ অঞ্চলত বিদেশী বহিস্কাৰ আন্দোলনৰ নেতৃত্ব বহন কৰিছিল । ছয়বাৰকৈ জে’ললৈ যাব লগা হোৱা এইগৰাকী অসম আন্দোলনৰ নেতা আজিও উপেক্ষিত । নলবাৰী জিলাৰ নিজখগটা গাঁৱৰ এই নেতাগৰাকীৰ থাকিবলৈ নাই নিজ এটি ঘৰ ৷ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ ঘগ্ৰাপাৰ পশু চিকিৎসা কেন্দ্ৰৰ গাতে লাগি থকা এটা চৰকাৰী গৃহত অস্থায়ী ভাৱে বাস কৰে তেওঁ ।

থাকিবলৈ ঘৰ নোহোৱা এগৰাকী উপেক্ষিত জাতীয়তাবাদী নেতা

আন্দোলনৰ পাচত নতুন চৰকাৰ হ’ল, ৰাজপাটত বহিল আন্দোলনকাৰী বহু নেতা ৷ কিন্তু এইগৰাকী নাওধন ডেকাৰ খবৰ ল’বলৈ আহৰি নাপালে কোনোৱে ৷ নগেন শৰ্মা থকালৈকে খবৰ-খাতি লৈছিল যদিও বৰ্তমান তেওঁ এলাগী ৷ জাতীয়তাবাদৰ ঢৌত উটিয়েই বৰ্তমান মন্ত্ৰী হৈ থকা চন্দ্ৰমোহন পাটোৱাৰীৰো ঘনিষ্ঠ আছিল নাওধন ডেকা ৷ কিন্তু জাতীয়তাবাদৰ সূঁতিৰে বৈ আহি হঠাৎ ৰাষ্ট্ৰীয়তাবাদৰ সমূদ্ৰত সাঁতুৰিবলৈ ধৰা পাটোৱাৰীয়ে খবৰ ল’বলৈ আহৰি পোৱা নাই এইগৰাকী আন্দোলনৰ গুৰি ধৰোঁতাৰ ৷

উল্লেখযোগ্য যে, ১৯৮৩-৮৪ চনত নলবাৰী কলেজৰ ছাত্ৰ একতা সভাৰ সহকাৰী সম্পাদক হিচাপে থাকি কলেজীয়া জীৱন পাৰ কৰিছিল নাওধন ডেকাই । অসম চুক্তিৰ পাচত আন্দোলন কাৰী সকলৰ নেতৃত্বত হোৱা অসম গণ পৰিষদৰ এজন সক্ৰিয় নেতা হিচাপে ৰাজনৈতিক জীৱন আৰম্ভ কৰে তেওঁ । অসম গণ পৰিষদৰ প্ৰয়াত মন্ত্ৰী নগেন শৰ্মা আৰু চন্দ্ৰ মোহন পাটোৱাৰীৰ অতি ঘনিষ্ঠ এইগৰাকী নেতাই আজিও নেপালে একো সা-সুবিধা ।

assam movement leader lives in Govt veterinary with his family
বিদেশী বহিস্কাৰ আন্দোলনৰ এগৰাকী অন্যতম নেতা নাওধন ডেকা

নাওধন ডেকাই সদৌ অসম ছাত্ৰ সন্থাৰ পৰা ১৯৮১ চনতে শ্বহীদ আৰু নিৰ্যাতিতৰ প্ৰমাণ প্ৰত্ৰ আৰু নলবাৰী জিলা উপাযুক্তৰ কাৰ্যালয়ৰ পৰা চৰকাৰী প্ৰমাণ প্ৰত্ৰ লাভ কৰিও নাপালে সুফল । নিৰ্যাতিতৰ প্ৰমাণ প্ৰত্ৰ থকাৰ পিচতো এইগৰাকী নেতা বিজেপিৰ মিত্ৰজোঁটৰ চৰকাৰৰ পৰা বঞ্চিত হৈ আছে । ইফালে অৰ্থৰ অভাৱত এইগৰাকী আন্দোলনকাৰী নেতাৰ দুই পুত্ৰই আধৰুৱা কৰিব লগা হৈছে শিক্ষা । শেহতীয়া ভাৱে ডেকাৰ শৰীৰ দুৰ্বল হোৱাত পত্নীয়েও পেটৰ ভাত মোকলাবলৈ আনৰ ঘৰত বন কৰিব লগীয়া হৈছে । ইপিনে দুই পুত্ৰইও আনৰ দোকানত কাম কৰি চলাই আছে ঘৰটো ।

কিন্তু প্ৰশ্ন হয় জাতিৰ হকে আন্দোলনত নামি পৰি বহু নেতা মন্ত্ৰী হ’ল ফণীভূষণ চৌধুৰী, চন্দ্ৰ মোহন পাটোৱাৰী ,প্ৰফুল্ল মহন্তই শাসনৰ দায়িত্ব লৈও পাহৰিলে একালৰ সতীৰ্থ এইগৰাকী নাওধন ডেকাক । এয়াই নেকি একালৰ সতীৰ্থৰ প্ৰতি আস্থা । এনেদৰেই উপেক্ষিত হৈ ৰ'ব নেকি নাওধন ডেকাৰ দৰে এগৰাকী জাতীয়তাবাদী নেতা ৷

লগতে পঢ়ক : কৰ'ণাৰ বাবে মন্থৰ হৈ গ'ল দুশবছৰীয়া চাহ উদ্যোগ

Last Updated :Aug 13, 2020, 5:15 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.