ETV Bharat / state

Constituency Delimitation 2023 : সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ খচৰাক সমৰ্থন অসম সাহিত্য সভাৰ

author img

By

Published : Jun 26, 2023, 10:18 AM IST

Updated : Jun 26, 2023, 11:57 AM IST

‘‘শিক্ষকসকলক তাচ্ছিল্য কৰাতো কেতিয়াও সমৰ্থনযোগ্য নহয় ৷ শিক্ষকসকল সমাজ জাতীয় পট প্ৰৱৰ্তক ৷’’ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে শিক্ষক সমাজক কৰা তুচ্ছ তাচ্ছিল্য মন্তব্য সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক উপেন্দ্ৰজিৎ শৰ্মাই ৷

Constituency Delimitation 2023
সমষ্টিৰ পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত অসম সাহিত্য সভাৰ মন্তব্য

সমষ্টিৰ পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত অসম সাহিত্য সভাৰ মন্তব্য

নলবাৰী, ২৬ জুন : মাতৃভাষা মাধ্যমক প্ৰাধান্য দি নতুন শিক্ষানীতিক আদৰিব অসম সাহিত্য সভাই । প্ৰথমে মাতৃভাষা, দ্বিতীয়তে ৰাজ্য ভাষা, তৃতীয়তে ইংৰাজী ভাষা আৰু চতুৰ্থতে হিন্দী ভাষাৰ প্ৰশিক্ষণেৰে নতুন শিক্ষানীতিক আদৰিব অসম সাহিত্য সভাই । কোনো ধৰণৰ প্ৰশিক্ষণমূলক শিক্ষা ব্যৱস্থা নথকাকৈ নতুন শিক্ষানীতি প্ৰচলনে অসম চৰকাৰকো আউল লগাব ৷ দেওবাৰে সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক উপেন্দ্ৰজিৎ শৰ্মাই ।

আনহাতে, সমষ্টিৰ পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত ভাৰতৰ নিৰ্বাচন আয়োগে প্ৰকাশ কৰা খচৰা সন্দৰ্ভত ইতিমধ্যে বিভিন্ন জনে ব্যক্ত কৰিছে নিজ নিজ প্ৰতিক্ৰিয়া ৷ সমষ্টিৰ পুনৰ নিৰ্ধাৰণ খচৰাক অসম সাহিত্যই আদৰণি জনাইছে বুলিও মত প্ৰকাশ কৰে অসম সাহিত্য সভাৰ উপ সভাপতিগৰাকীয়ে ৷

অসমৰ প্ৰতিটো জনগোষ্ঠীক সাঙুৰি প্ৰস্তুত কৰা সমষ্টি পুনঃনিৰ্ধাৰণৰ খচৰাক সাহিত্য সভাই আদৰণি জনোৱাৰ লগতে সমৰ্থন থকা বুলি কোৱাৰ উপৰিও যদি কোনোবা জনগোষ্ঠী বাদ পৰিছে এই খচৰাৰ পৰা তেন্তে তেওঁলোককো অন্তৰ্ভুক্তি কৰাবলৈ আহ্বান জনায় ।

লগতে পঢ়ক : Ranoj Pegu Controversy: শিক্ষকক উদ্দেশ্যি কটু মন্তব্য শিক্ষামন্ত্ৰীৰ; ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া

আনহাতে, শিক্ষকৰ জ্ঞানৰ পৰিসৰ সন্দৰ্ভত শনিবাৰে টুলুঙা মন্তব্য কৰিছিল শিক্ষামন্ত্ৰীগৰাকীয়ে ৷ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুয়ে শিক্ষকসকলক মূৰত ‘মাল’ নাই বুলি কৰা তাচ্ছিল্যমূলক মন্তব্য কৰিছিল ৷ শিক্ষামন্ত্ৰীগৰাকীৰ এই মন্তব্যৰ পাচতে ৰাজ্যজুৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ শিক্ষক সমাজক শিক্ষামন্ত্ৰীগৰাকীৰ কৰা এনে তাচ্ছিল্যমূলক মন্তব্যক অসম সাহিত্য সভাই কেতিয়াও সমৰ্থন নকৰে বুলি উল্লেখ কৰে উপেন্দ্ৰজিৎ শৰ্মাই ৷

লগতে শিক্ষকসকল মমবাতিৰ লগত তুলনা কৰি কয় মমবাতিয়ে যেনেদৰে নিজে জ্বলি আনক পোহৰাই, তেনে শিক্ষক সমাজক তুচ্ছ তাচ্ছিল্য কৰাতো গ্ৰহণযোগ্য নহয় । শিক্ষক সমাজ জাতীয় পট প্ৰৱৰ্তক বুলি উল্লেখ কৰে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক উপেন্দ্ৰজিৎ শৰ্মাই ৷

লগতে পঢ়ক : Constituency Delimitation 2023: তৎপৰ নিৰ্বাচন আয়োগ; ১৫ আগষ্টৰ ভিতৰত চূড়ান্ত কৰাৰ লক্ষ্য সমষ্টি পুনৰ নিৰ্ধাৰণ

Last Updated : Jun 26, 2023, 11:57 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.