ETV Bharat / state

পেট্ৰ'লজাত সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে নলবাৰীত AJYCPৰ প্ৰতিবাদ

author img

By

Published : Jun 17, 2021, 4:25 PM IST

নলবাৰীত অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ উদ্যোগত পেট্ৰ'ল-ডিজেলৰ মূল্য হ্ৰাস কৰাৰ দাৱীত প্ৰতিবাদ । পল্লা ৰোডৰ পেট্ৰ'ল পাম্পত প্ৰতিবাদ সাব্যস্ত কৰি চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দিয়া দেখা গ'ল সংগঠনটোক ।

ajycp protest
পেট্ৰ'লজাত সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে নলবাৰীত AJYCPৰ প্ৰতিবাদ

নলবাৰী,১৭ জুন: কৰ'ণা(Corona) পৰিস্থিতিৰ মাজতো অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি(price hike) অব্যাহত আছে । সাধাৰণ ৰাইজৰ মূৰত মাধমাৰ সোধাই প্ৰতিদিনে বাঢ়িছে পেট্ৰ'লজাত সামগ্ৰীৰ মূল্য । যাৰ বাবে দেশক বিভিন্ন প্ৰান্তত চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে দল-সংগঠনে ।

পেট্ৰ'লজাত সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে নলবাৰীত AJYCPৰ প্ৰতিবাদ

বুধবাৰে নলবাৰী জিলাত পেট্ৰল-ডিজেলৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে(Ajycp) । সংগঠনটোৰ নলবাৰী চহৰ সমিতিৰ উদ্যোগত ইন্ধনজাত সামগ্ৰীৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাৱীত এই প্ৰতিবাদৰ আয়োজন কৰা হয় ।

নলবাৰী পল্লা ৰোডৰ পেট্ৰ'ল পাম্পত প্ৰতিবাদ সাব্যস্ত কৰি চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দিয়া দেখা গ'ল সংগঠনটোক । প্ৰতিবাদৰ জৰিয়তে অতি শীঘ্ৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য হ্ৰাস কৰিবলৈ চৰকাৰক দাবী জনাই সংগঠনটোৱে ।

লগতে পঢ়ক: ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱ: কামৰ পৰা আঁতৰোৱা হ'ল দলং নিৰ্মাণকাৰী কোম্পানীক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.