ETV Bharat / state

‘কা’ বাতিলৰ দাবীত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উত্তাল প্ৰতিবাদ

author img

By

Published : Jan 20, 2021, 10:48 PM IST

বুধবাৰে নলবাৰীত ‘কা’ বিৰোধী প্ৰতিবাদ সাব্যস্ত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৷ ‘কা’ বাতিলৰ লগতে ৰাজ্য়ত আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা প্ৰৱৰ্তন কৰিবলৈ চৰকাৰক প্ৰতিবাদযোগে আহ্বান জনায় সংগঠনটোৱে ৷

ajycp protest
জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উত্তাল প্ৰতিবাদ

নলবাৰী,20 জানুৱাৰী : নলবাৰীত বুধবাৰে ‘কা’ বাতিলৰ দাবীত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৷ সন্ধিয়াৰ ভাগত নলবাৰী এন.টি ৰোডস্থিত সংগঠনটোৰ জিলা কাৰ্যালয়ৰ সন্মুখৰ পৰা প্ৰতিবাদী সমদল উলিয়ায় সংগঠনটোৱে ৷

জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উত্তাল প্ৰতিবাদ

প্ৰতিবাদত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ‘কা’ আমি নামানো, অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা প্ৰৱৰ্তন কৰক, মোদী চৰকাৰ হুচিয়াৰ, সৰ্বানন্দ সোণোৱাল হায় হায়, যুৱ-ছাত্ৰ পৰিষদ জিন্দাবাদ আদি শ্লোগানেৰে নলবাৰীৰ ৰাজপথ উত্তাল কৰি তোলে ।

যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিৰ সভাপতি পাৰ্থপ্ৰতীম শৰ্মা আৰু সাধাৰণ সম্পাদক কৌশিক বৰ্মনৰ নেতৃত্বত প্ৰায় শতাধিক কৰমকৰ্তাই ভাগ লয় এই প্ৰতিবাদী সমদলত ৷ প্ৰতিবাদকাৰীসকলে কেন্দ্ৰীয় চৰকাৰৰ হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে তীব্ৰ বিষোদগাৰ প্ৰকাশ কৰে ।

লগতে পঢ়ক : বকোত খেতিপথাৰ তহিলং কৰিলে এজাক বন্য়হস্তীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.