স্বামীৰ দাৰ ঘাপত প্ৰাণ গ’ল দহ সন্তানৰ মাতৃৰ

author img

By

Published : Sep 18, 2022, 2:27 PM IST

women stabbed to death by her husband

লামডিঙত নৃশংস হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে (Murder case in Assam) ৷ শনিবাৰে নিশা লামডিঙৰ লালচৰাই অঞ্চলত স্বামীৰ দাৰ ঘাপত প্ৰাণ গ’ল পত্নীৰ (women stabbed to death by her husband) ৷

লামডিং, 18 ছেপ্টেম্বৰ: বিশ্বকৰ্মা পূজাৰ নিশাই লামডিঙত নৃশংস হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে (Murder case in Assam) ৷ শনিবাৰে নিশা লামডিঙৰ লালচৰাই অঞ্চলত স্বামীৰ দাৰ ঘাপত প্ৰাণ গ’ল পত্নীৰ (women stabbed to death by her husband) ৷

জানিব পৰামতে দুয়োৰে মাজত প্ৰায়েই কাজিয়াৰ সৃষ্টি হৈছিল ৷ কিন্তু শনিবাৰে নিশা এই কাজিয়াই চৰম ৰূপ লয় ৷ মহেশৰাম নামৰ পাষাণ স্বামীয়ে দাৰে নিজ পত্নী মীনা দেৱীক ঘপিয়াই হত্যা কৰে ৷

স্বামীৰ দাৰ ঘাপত প্ৰাণ গ’ল দহ সন্তানৰ মাতৃৰ

পুৱা ঘৰৰ লোকে মীনাৰ তেজেৰে লুটুৰি পুটুৰি হৈ থকা মৃতদেহ দেখি হতবাক হৈ লামডিং আৰক্ষীক খবৰ দিয়ে ৷ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মীনাৰ মৃতদেহ উদ্ধাৰ কৰি মৰোণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰে ৷

আনফালে পত্নীক হত্যা কৰিয়েই মহেশে ঘৰৰ পৰা পলায়ন কৰে ৷ দহটা সন্তানৰ মাতৃ আছিল মৃত মীনা দেৱী ৷ বৰ্তমান এই ঘটনাই সমগ্ৰ লামডিঙতে চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ আৰক্ষীয়ে হত্যাকাৰীক বিচাৰি তদন্ত অব্যাহত ৰাখিছে বুলি জানিবলৈ দিয়ে ৷

লগতে পঢ়ক: খাদ্য বিষক্ৰিয়াত 125 জন আক্ৰান্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.