খাদ্য বিষক্ৰিয়াত 125 জন আক্ৰান্ত

author img

By

Published : Sep 18, 2022, 12:24 PM IST

125-fall-ill-due-to-food-poisoning

খাদ্য বিষক্ৰিয়া হোৱাৰ ফলত 125 গৰাকী লোক অসুস্থ হয় (125 fall ill due to food poisoning)৷ শনিবাৰে নিশা ৰাজস্থানৰ বানেশ্বৰ জিলাত মিঠাই খোৱাৰ ফলত লোকসকল অসুস্থ হৈ পৰে ৷

নেশ্যনেল ডেস্ক, 18 ছেপ্টেম্বৰ: মিঠাই খাওঁতে সাৱধান হওক ৷ ৰাজস্থানৰ বানেশ্বৰ জিলাত ভয়ংকৰ ঘটনা সংঘটিত হৈছে ৷ খাদ্য বিষক্ৰিয়া হোৱাৰ ফলত 125 গৰাকী লোক অসুস্থ হয় (125 fall ill due to food poisoning)৷

শনিবাৰে নিশা সংঘটিত হয় এই ঘটনা ৷ বানেশ্বৰ জিলাৰ নৱগাঁও গ্ৰাম পঞ্চায়তৰ পানিয়ালা গাঁৱত মিঠাই খোৱাৰ ফলত 125 গৰাকী লোক অসুস্থ হৈ পৰে ৷ জিলা প্ৰশাসনৰ সূত্ৰই জনোৱা অনুসৰি গাঁওখনত ভোজৰ অনুষ্ঠান আয়োজন কৰা হৈছিল ৷ এই অনুষ্ঠানত প্ৰায় 200 গৰাকী লোকে খাদ্যগ্ৰহণ কৰিছিল ৷ খাদ্যৰ শেষত মিঠাই খোৱাৰ পিছতে লোকসকলৰ ক্ৰমাৎ স্বাস্থ্যৰ অৱনতি হ’বলৈ আৰম্ভ কৰে ৷

শিশুসহ প্ৰায় ১২৫ গৰাকী লোকে বমি আৰু ডায়েৰিয়াত ভুগিবলৈ আৰম্ভ কৰিছিল ৷ এই ঘটনাৰ পিছতে প্ৰথমজন ৰোগীক শনিবাৰে সন্ধিয়া প্ৰায় ৭ বজাত মহাত্মা গান্ধী চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ৷ নিশা ১১ বজাৰ ভিতৰত প্ৰায় ১২৫ জন লোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল (125 patients admitted in Mahatma Gandhi Hospital)৷ অৱশ্যে এতিয়ালৈ কোনো লোকৰ মৃত্যুৰ খবৰ অহা নাই (no deaths so far)৷

এই ঘটনাৰ বিষয়ে তথ্য লাভ কৰাৰ পিছতে জিলা উপায়ুক্ত প্ৰকাশ চান্দ শৰ্মা, এছ পি ৰাজেশ কুমাৰ মীনা আৰু উপ জিলা মুৰব্বী ডাঃ বিকাশ বামানিয়াই গাঁওখন পৰিদৰ্শন কৰে আৰু ৰোগীসকলৰ চিকিৎসাৰ ব্যৱস্থা কৰে ৷

বনেশ্বৰৰ বিধায়ক আৰু টিএডি মন্ত্ৰী অৰ্জুন সিং বামানিয়াৰ ফোন কলৰ পিছতে আৰক্ষী প্ৰশাসন অধিক সষ্টম হৈ ঘটনাৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ৷ বিধায়কজনৰ নিৰ্দেশনাত চিকিৎসালয়খনৰ দুটা ৱাৰ্ড খালী কৰি ৰোগীসকলৰ বাবে ব্যৱস্থা কৰি দিয়ে চিকিৎসালয় কৰ্তৃপক্ষই ৷

লগতে পঢ়ক: Breast milk bank: কেৰালাৰ দুখনকৈ চিকিৎসালয়ত স্থাপন হ'ব মাতৃদুগ্ধ বেংক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.