ETV Bharat / state

বাঁহৰ গামোচাত কোনে বাচিছে হেঁপাহৰ বুটা ?

author img

By

Published : Apr 12, 2021, 2:00 PM IST

সকলোতে চলিছে ৰঙালীক আদৰাৰ ব্যাপক প্ৰস্তুতি । কি গাঁও কি চহৰাঞ্চল, সকলোতে এতিয়া পাৰ ভঙা উচাহ ৷ এই উচাহৰ মাজতে ৰঙালী বিহুৰ প্ৰাকক্ষণত ধিঙৰ এজন যুৱকে বাঁহেৰে তৈয়াৰ কৰিছে অসমীয়াৰ স্বাভিমান হেঁপাহৰ গামোচা ৷

বাঁহেৰে কোনে সাজিলে হেঁপাহৰ গামোচা ?
বাঁহেৰে কোনে সাজিলে হেঁপাহৰ গামোচা ?

নগাঁও, 12 এপ্ৰিল: অসমীয়াৰ পদুলিত এতিয়া হেঁপাহৰ ৰঙালী । সকলোতে চলিছে ৰঙালীক আদৰাৰ ব্যাপক প্ৰস্তুতি । কি গাঁও কি অঞ্চল সকলোতে এতিয়া পাৰ ভঙা উচাহ ৷ এই উচাহৰ মাজতে ৰঙালী বিহুৰ প্ৰাক ক্ষণত ধিঙৰ এজন যুৱকে বাঁহেৰে তৈয়াৰ কৰিছে অসমীয়াৰ স্বাভিমান হেঁপাহৰ গামোচা ৷ ভৰত জ্যোতি দেৱনাথ নামৰ যুৱকজনৰ এই কাৰ্যই এতিয়া দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে ৷

বাঁহৰ গামোচাত কোনে বাচিছে হেঁপাহৰ বুটা ?

ধিঙৰ বেতকাটিৰ এই যুৱক জনে বাঁহেৰে অকল গামোচাই নহয় তৈয়াৰ কৰিছে বাঁহৰ সত্ৰীয়া পোচাক । তাৰোপৰি বাঁহৰ গাম খাৰু, কাণফুলি, জোন বিৰি, ঢোলবিৰি, গগণা, শৰাই আদি তৈয়াৰ কৰি ব্যৱসায়িক ভিত্তিত বাঁহৰ সামগ্ৰী প্ৰস্তুত কৰি স্বাৱলম্বী হৈছে যুৱকজন ৷

লগতে পঢ়ক: ডেনমাৰ্কলৈ যাব ত্ৰিপুৰাৰ চাহপাত ‘নীৰমহল’

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.