ETV Bharat / state

Drug trafficking: নগাঁৱক ড্ৰাগছ মুক্ত কৰাত চূড়ান্ত ব্যৰ্থ আৰক্ষী

author img

By

Published : Mar 20, 2023, 10:57 PM IST

নগাঁও আৰক্ষীৰ ব্যৰ্থতাৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে এন এছ ইউ আই, আপ, এ বি ভি পিয়ে । একাংশ আৰক্ষী বিষয়াৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ এন এছ ইউ আই নেতাৰ । এফালে ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, আনফালে নীৰৱ স্থিতিত নগাঁও আৰক্ষী (Operation against drugs in Nagaon) ৷

Drug trafficking
নগাঁৱক ড্ৰাগছ মুক্ত কৰাত চূড়ান্ত ব্যৰ্থ আৰক্ষী

নগাঁৱক ড্ৰাগছ মুক্ত কৰাত চূড়ান্ত ব্যৰ্থ আৰক্ষী

নগাঁও, 20 মাৰ্চ: ড্ৰাগছকে ধৰি বিভিন্ন অপৰাধৰ বিৰুদ্ধে সততেই সৰৱ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা । অপৰাধৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা কঠোৰ হৈ থকাৰ সময়তে মধ্য অসমৰ নগাঁও সম্প্ৰতি ড্ৰাগছৰ ঘাটিত পৰিণত হোৱাৰ অভিযোগ উত্থাপন কৰিছে । ড্ৰাগছকে ধৰি বিভিন্ন অপৰাধ ৰোধৰ ক্ষেত্ৰত নগাঁও আৰক্ষী সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন হৈছে (Drugs in Nagaon) ।

আৰক্ষীয়ে ড্ৰাগছ নিৰ্মূল কৰিব নোৱাৰা নগাঁৱক ড্ৰাগছমুক্ত কৰিবলৈ এইবাৰ সজাগতামূলক কাৰ্য্যসূচী হাতত লৈছে শাসকীয় দল বিজেপিৰ ছাত্ৰ সংগঠন অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ চমুকৈ এ বি ভি পিয়ে । নগাঁও আৰক্ষীৰ ওপৰত যেন আস্থা হেৰুৱাই এতিয়া শাসকীয় দলৰেই ছাত্ৰ সংগঠনে ড্ৰাগছৰ বিৰুদ্ধে উলিয়াইছে সজাগতামূলক ৰেলী । নগাঁও আৰক্ষীৰ ব্যৰ্থতাৰ বাবেই বৰ্তমান যুৱতী মহিলাই নিৰাপত্তাহীনতাত ভোগাৰ অভিযোগ খোদ এ বি ভি পিৰ সদস্যৰ (ABVP protest against drugs)।

কেৱল অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদেই নহয়, নগাঁও আৰক্ষীৰ ব্যৰ্থতাৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে বিৰোধী কংগ্ৰেছৰ ছাত্ৰ সংগঠন এন এছ ইউ আইৰ লগতে আম আদমী পাৰ্টীৰ নগাঁও জিলা সমিতিও । নগাঁও আৰক্ষীৰ নীৰৱতাৰ সুযোগ গ্ৰহণ কৰিয়েই সম্প্ৰতি জিলাখনত ড্ৰাগছ সৰবৰাহকে ধৰি বিভিন্ন অপৰাধজনিত কাৰ্যকলাপ বৃদ্ধি হোৱাৰ অভিযোগ নগাঁও জিলা এন এছ ইউ আইৰ নেতা পল্লব নাথৰ । নগাঁৱৰ একাংশ আৰক্ষী বিষয়াৰ বিৰুদ্ধে ড্ৰাগছ সৰবৰাহকাৰীৰ সৈতে মিতিৰালি কৰি নীৰৱতা অৱলম্বন কৰাৰো বিস্ফোৰক অভিযোগ এন এছ ইউ আই নেতাৰ (Anti narcotic drive in Assam) ।

নগাঁও আৰক্ষীৰ ব্যৰ্থতাৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিছে আম আদমী পাৰ্টীও। সম্প্ৰতি অপৰাধ নিয়ন্ত্ৰণত নগাঁও আৰক্ষী চূড়ান্ত ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰিছে আম আদমী পাৰ্টীৰ নেতা বিৰিঞ্চি বৰাই ।

সম্প্ৰতি নগাঁৱত বৃদ্ধি পোৱা ড্ৰাগছৰ ঘাটিয়ে উদ্বিগ্ন কৰি তুলিছে নগঞা সচেতন মহলক । স্মৰ্তব্য যে, ড্ৰাগছৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা যিমানেই কঠোৰ নহওক কিয় ড্ৰাগছৰ বিৰুদ্ধে নগাঁও আৰক্ষীৰ দুৰ্বল ভূমিকাই মুখ্যমন্ত্ৰীৰ কঠোৰ পদক্ষেপকো যে ব্যৰ্থ কৰিব সেয়া নুই কৰিব নোৱাৰি। এইক্ষেত্ৰত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কি ভূমিকা গ্ৰহণ কৰিব সেয়া হে হ'ব লক্ষ্যনীয় ।

লগতে পঢ়ক: Helicopter crash in Arunachal: ‘বাৰ্মুদা ট্ৰায়েংগল’ হৈ পৰিছে নেকি অৰুণাচলৰ দুৰ্গম পাহাৰীয়া অঞ্চল ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.