ETV Bharat / state

Protest against SEBA: ছেবাৰ বিৰুদ্ধে বিভিন্ন সংগঠনৰ প্ৰতিবাদত উত্তাল ৰাজ্য়

author img

By

Published : Mar 18, 2023, 6:50 PM IST

Protest against SEBA in Assam
ৰাজ্য়জুৰি ছেবাৰ বিৰুদ্ধে প্ৰতিবাদ

ৰাজ্য়জুৰি ছেবাৰ বিৰুদ্ধে প্ৰতিবাদ অব্য়াহত (Protest against SEBA in Assam)। ৰঙিয়াত শিক্ষামন্ত্ৰীৰ প্ৰতীকী শৱদেহ লৈ আছুৰ অভিনৱ প্ৰতিবাদ । কলগাছিয়াত এন এছ ইউ আইৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ । সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদত উত্তাল তিনিচুকীয়া । কলিয়াবৰত অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদে দাহ কৰিলে শিক্ষা মন্ত্ৰীৰ প্ৰতিকৃতি ।

ৰাজ্য়জুৰি ছেবাৰ বিৰুদ্ধে প্ৰতিবাদ

নিউজ ডেস্ক, ১৮ মাৰ্চ: চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সাধাৰণ বিজ্ঞানৰ প্ৰশ্ন কাকত ফাদিল হোৱাৰ পিছতেই অসমীয়া বিষয়ৰ প্ৰশ্নকাকতো ফাদিল হোৱাত এই বিষয়ৰ পৰীক্ষাও বাতিল ঘোষণা কৰে ছেবাই ৷ ইয়াৰ পিছতেই শিক্ষাৰ্থীসকলৰ লগতে বিভিন্ন দল-সংগঠনেও ছেবাৰ বিৰুদ্ধে প্ৰতিবাদ অব্য়াহত ৰাখিছে ৷ শনিবাৰে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে শিক্ষাৰ্থীসকলৰ লগতে আছু, এন এছ ইউ আই, সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদ আৰু অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদে প্ৰতিবাদ সাব্যস্ত কৰে (HSLC question paper leak)।

ৰঙিয়াত আছুৰ অভিনৱ প্ৰতিবাদ । শিক্ষামন্ত্ৰীৰ প্ৰতীকী শৱদেহলৈ প্ৰতিবাদ ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থাৰ । ৰঙিয়া নগৰৰ মাজমজিয়াৰে শৱদেহ লৈ পৰিভ্ৰমণ শতাধিক আছু কৰ্মীৰ (Protest against SEBA)। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ প্ৰতীকী শৱদেহ সাঙিত লৈ অভিনৱ প্ৰতিবাদ জনায় (AASU protest in Rangia)। প্ৰতিবাদকাৰীসকলে ৰণোজ পেগু হায় হায় , শিক্ষা বিভাগৰ কাম নাই ,শিক্ষামন্ত্ৰীয়ে পদত্যাগ কৰক , অসম চৰকাৰ গ' বেক আদি ধ্বনিৰে ৰঙিয়া নগৰৰ ৰাজপথ উত্তাল কৰি তোলে ৷ এখনৰ পিছত আন এখন প্ৰশ্ন কাকত ফাদিল হোৱাত শিক্ষামন্ত্ৰী সম্পূৰ্ণ ৰূপে ব্যৰ্থ বুলি অভিযোগ কৰি আছুৱে মন্ত্ৰী গৰাকীৰ পদত্যাগ দাবী কৰে । লগতে ছেবাৰ অধ‍্যক্ষ ৰমেশ চন্দ্ৰ জৈন ,পৰীক্ষা নিয়ন্ত্ৰক নয়নজ‍্যোতি শৰ্মাক অপসাৰণ কৰাৰ লগতে প্ৰশ্নকাকত ফাদিল হোৱাৰ বাবে জগৰীয়া সকলোকে উচিত শাস্তি দিয়াৰ বাবেও প্ৰতিবাদকাৰী সকলে দাবী জনায় । ইফালে, প্ৰতিবাদকাৰী সকলে প্ৰতীকী শৱদেহটো বৰলীয়া নৈত উটুৱাই দিবলৈ ওলোৱা সময়তে আৰক্ষীয়ে বাধা প্ৰদান কৰে ।

ইপিনে, হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিলক কেন্দ্ৰ কৰি কলগাছিয়াত এন এছ ইউ আইয়ে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে (NSUI protest at Jania)। জনীয়া সমষ্টি এন এছ ইউ আইৰ উদ্যোগত ছেবা আৰু শিক্ষা বিভাগৰ গাফিলতি তথা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল হোৱাৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । উল্লেখ্য যে বিজ্ঞান বিষয়ৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ পিছত অসমীয়া বিষয়ৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ লগতে আজি পুনৰ ভূগোলৰ প্ৰশ্ন কাকত ফাদিল হোৱাত হাইস্কুল শিক্ষান্ত পৰীক্ষা বাতিল কৰাক কেন্দ্ৰ কৰি উত্তপ্ত হৈ পৰিছে কলগাছিয়াৰ বিভিন্ন অঞ্চল ।

আনহাতে,ছাত্ৰ-ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলা ছেবাৰ বিৰুদ্ধে তিনিচুকীয়াত আজি সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিয়ে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে (All Assam Matok Yuva Chhatra Parishad protest in Tinsukia) ৷ সদৌ অসম মটক যু্ৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীসকলে চহৰখনৰ মাজমজিয়াৰ থানা চাৰিআলিত শিক্ষামন্ত্ৰীৰ লগতে ছেবাৰ অধ্যক্ষৰ পুত্তলিকা দাহ কৰে । সাধাৰণ বিজ্ঞানৰ পৰীক্ষাৰ প্ৰশ্নকাকত আগতীয়াকৈ ফাদিল হোৱাৰ পাছত পৰীক্ষা বাতিল কৰিব লগা হোৱাৰ লগতে পুনৰ ১৮ মাৰ্চত অনুষ্ঠিত হ’ব লগা অসমীয়া বিষয়ৰ পৰীক্ষা বাতিল কৰাত বিপদত পৰিছে পৰীক্ষাৰ্থীৰ লগতে অভিভাৱকসকল ৷ গতিকে অতিসোনকালে শিক্ষামন্ত্ৰীগৰাকীয়ে নিজৰ ব্যৰ্থতা স্বীকাৰ কৰি পদত্যাগ কৰিবলৈ দাবী জনাইছে মটক যুৱ ছাত্ৰ পৰিষদে ৷ লগতে প্ৰশ্নকাকত ফাদিল হোৱাৰ কায্যত জৰিত মূল ব্যক্তিক গ্ৰেপ্তাৰ কৰাৰ উপৰিও ছেবাৰ অধ্যক্ষক গ্ৰেপ্তাৰ কৰি উচিত শাস্তি প্ৰদান কৰাৰ দাবী উত্থাপন কৰে সংগঠনটোৱে ৷

এই সন্দৰ্ভত সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক উজ্জ্বল বৰুৱাই কয় যে, সাধাৰণ বিজ্ঞানৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ পাছত পুনৰ মেট্ৰিকৰ অসমীয়া বিষয়ৰ পৰীক্ষাৰ প্ৰশ্নকাকত আগতীয়াকৈ ফাদিল হোৱাৰ লগতে পৰীক্ষা বাতিল কৰিব লগা হোৱাত বিপদত পৰিছে পৰীক্ষাৰ্থীৰ লগতে অভিভাৱকসকল ৷ বছৰটোত ছেবাই দুটাই পৰীক্ষা অনুষ্ঠিত কৰে, তাকো সুকলমে অনুষ্ঠিত কৰিব নোৱাৰে ৷ ছাত্ৰ-ছাত্ৰীৰ জীৱনৰ সৈতে বাৰেবাৰে হেতালি খেলে এই বিভাগটোৱে ৷ শিক্ষামন্ত্ৰীৰ লগতে অসম মাধ্যমিক শিক্ষা পৰিষদৰ অধ্যক্ষই নিজৰ ব্যৰ্থতা স্বীকাৰ কৰি পদত্যাগ কৰাৰো দাবী জনায় ।

ইপিনে,কলিয়াবৰত অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ কলিয়াবৰ জিলা সমিতিয়ে প্ৰতিবাদ সাব্য়স্ত কৰে (AJYCP protest at Kaliabor)। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীসকলে শিক্ষামন্ত্ৰী হায় হায়, অসম চৰকাৰ হায় হায় ধ্বনিৰে কলিয়াবৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ । প্ৰতিবাদকাৰীয়ে লগতে শিক্ষামন্ত্ৰীগৰাকীৰ প্ৰতিকৃতি দাহ কৰে ।

লগতে পঢ়ক:HSLC question paper leak: মেট্ৰিকৰ প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে নগাঁৱত উত্তাল প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.