HSLC question paper leak: মেট্ৰিকৰ প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে নগাঁৱত উত্তাল প্ৰতিবাদ
Published: Mar 18, 2023, 4:26 PM


HSLC question paper leak: মেট্ৰিকৰ প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে নগাঁৱত উত্তাল প্ৰতিবাদ
Published: Mar 18, 2023, 4:26 PM
হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলক কেন্দ্ৰ কৰি ৰাজ্যজুৰি সাব্যস্ত কৰা হৈছে উত্তাল প্ৰতিবাদ (Protest against SEBA) ৷ ছেবা আৰু শিক্ষা বিভাগৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰী আৰু বিভিন্ন দল-সংগঠন ৷ নগাঁৱতো একাংশ ছাত্ৰ-ছাত্ৰীয়ে সাব্যস্ত কৰে প্ৰতিবাদ ৷
নগাঁও, 18 মাৰ্চ: হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলক কেন্দ্ৰ কৰি উত্তাল হৈ আছে ৰাজ্য ৷ ছেবা আৰু চৰকাৰৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ সাব্যস্ত কৰিছে বিভিন্ন দল-সংগঠন আৰু ছাত্ৰ-ছাত্ৰীসকলে ৷ মুঠৰ ওপৰত মেট্ৰিকৰ প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া (Protest against SEBA) ৷
চৰকাৰ কঠোৰ হোৱা হ’লে ফাদিল নহ’লহেঁতেন প্ৰশ্নকাকত ৷ নগাঁৱত শিক্ষা বিভাগ আৰু ছেবাৰ বিৰুদ্ধে ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰি এই দাবী হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থীৰ ৷ নগাঁৱৰ দক্ষিণপাটত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সহযোগত প্ৰতিবাদ সাব্যস্ত কৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থীয়ে (HLSC question paper leak) ৷
দক্ষিণপাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ লগতে বৃহত্তৰ অঞ্চলটোৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা বহু পৰীক্ষাৰ্থী ৰাজপথলৈ ওলাই আহি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ শিক্ষাৰ্থীৰ জীৱনক লৈ হেতালি খেলা আৰু প্ৰশ্নকাকত ফাদিলৰ মূল দোষীক উচিত শাস্তি বিহাৰ দাবী তোলাৰ লগতে হাতে হাতে প্লে কাৰ্ড লৈ ছেবাক ধিক্কাৰ দি নতুন শিক্ষানীতি বন্ধ কৰাৰো দাবী উত্থাপন কৰে প্ৰতিবাদী ছাত্ৰ-ছাত্ৰীসকলে (Assam HSLC exam paper leak) ।
প্ৰশ্নকাকত ফাদিল হোৱা কাৰ্যত ছেবা আৰু চৰকাৰকে সম্পূৰ্ণৰূপে জগৰীয়া কৰিলে প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীসকলে ৷ ৰাজ্য চৰকাৰ কঠোৰ হোৱা হ’লে প্ৰশ্নকাকত ফাদিল নহ’লহেঁতেন বুলিও মন্তব্য কৰে একাংশ প্ৰতিবাদী ছাত্ৰ-ছাত্ৰীয়ে ৷ লগতে ছাত্ৰ-ছাত্ৰীৰ জীৱনক লৈ এইদৰে নেখেলিবলৈ সকিয়নীও প্ৰদান কৰে সকলো বিভাগীয় কৰ্তৃপক্ষক (Protest against question paper leak) ৷
ইফালে, প্ৰশ্নকাকত ফাদিলক কেন্দ্ৰ কৰি ছেবা আৰু হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰিল অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ৷ মুঠৰ ওপৰত এতিয়া ছেবা আৰু শিক্ষা বিভাগৰ বিৰুদ্ধে উত্তাল হৈ পৰিছে ৰাজ্য ৷ সমান্তৰালভাৱে মানসিকভাৱে ভাগি পৰিছে বহু ছাত্ৰ-ছাত্ৰী ৷ চিন্তিত হৈ পৰিছে অভিভাৱকসকল ৷
লগতে পঢ়ক: HSLC question paper leak : ভূগোলৰ প্ৰশ্নকাকত ফাদিল, ছেবাৰ অস্বীকাৰ
