ETV Bharat / state

নগাঁৱত বৃহস্পতিবাৰৰ পৰা প্ৰদান কৰা হ'ব COVISHIELD প্ৰতিষেধক

author img

By

Published : Jun 9, 2021, 6:27 PM IST

COVISHIELD প্ৰতিষেধক প্ৰদানৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ নগাঁও জিলা প্ৰশাসনৰ । ১০ জুনৰ পুৱা ৯ বজাৰ পৰা ১৮-৪৪ বছৰ বয়সৰ লোকসকলক প্ৰতিষেধক(VACCINE) প্ৰদান কৰা হ'ব ।

Vaccination drive in Nagaon
নগাঁৱত বৃহস্পতিবাৰৰ পৰা প্ৰদান কৰা হ'ব COVISHIELD প্ৰতিষেধক

নগাঁও, ৯ জুন: ক'ভিড-১৯(COVID-19) মহামাৰীৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে ৰাজ্যত টীকাকৰণ(Vaccination) অভিযান অব্যাহত আছে । নগাঁৱতো জিলা প্ৰশাসনে জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত টীকাকৰণ(Vaccination) অভিযান তীব্ৰতৰ কৰি তুলিছে ।

বৰ্তমান জিলাখনত গোপীনাথ দেৱগোস্বামী বাণিজ্যিক মহাবিদ্যালয়, নগাঁও মহাবিদ্যালয়, নগাঁও চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়, ৰ'টাৰী ক্লাৱত প্ৰতিষেধক প্ৰদান কৰি থকা হৈছে ।

নতুনকৈ হয়বৰ গাঁও আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়, নগাঁও চৰকাৰী বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু খাগৰিজান মহাবিদ্যালয়ত টীকাকৰণ কেন্দ্ৰ(Vaccination Centre) স্থাপন কৰা হৈছে । এই কেন্দ্ৰসমূহত ১০ জুনৰ পুৱা ৯ বজাৰ পৰা ১৮-৪৪ বছৰ বয়সৰ লোকসকলক ক'ভিশ্বিল্ড (COVISHIELD) প্ৰতিষেধক প্ৰদান কৰা হ'ব ।

ইয়াৰ বাবে ৯ জুনৰ বিয়লি ৪ বজাৰ পৰা অনলাইনযোগে টীকাকৰণ কেন্দ্ৰ বাছনি কৰি পঞ্জীয়ন কৰিব পাৰিব । ১০ জুনৰ পৰা অনাগত তিনিদিনৰ বাবে হ'বলগীয়া এই টীকাকৰণ অভিযানত জিলাখনৰ চহৰ এলেকাৰ মুঠ ৯,৯০০ জন ব্যক্তিক প্ৰতিষেধক প্ৰদান কৰা হ'ব ।

লগতে পঢ়ক:বিশিষ্ট সাংবাদিক ফণীন্দ্ৰ নাথ কলিতাৰ স্মৃতিত নলবাৰীত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.