ETV Bharat / state

Japanese encephalitis in Nagaon: নগাঁৱতে ব্যৱস্থা কৰা হৈছে জাপানীজ এনকেফেলাইটিছ ৰোগৰ চিকিৎসা

author img

By

Published : Aug 6, 2022, 11:44 AM IST

Treatment facilities for Japanese encephalitis patients in Nagaon Medical College
নগাঁৱতে ব্যৱস্থা কৰা হৈছে জাপানীজ এনকেফেলাইটিছ ৰোগৰ চিকিৎসা: বিধায়ক ৰূপক শৰ্মা

নগাঁৱত বৃদ্ধি পাইছে জাপানীজ এনকেফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱ (Japanese encephalitis in Nagaon)। সেয়েহে নগাঁৱতে ব্যৱস্থা কৰা হৈছে জাপানীজ এনকেফেলাইটিছ ৰোগৰ চিকিৎসা। নগাঁৱৰ যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্য্যালয়ৰ দেৱাল মুকলি কৰি এই মন্তব্য বিধায়ক ৰূপক শৰ্মাৰ ।

নগাঁও, 6 আগষ্ট: দ্বিতীয়টো বানে তচনচ কৰি থৈ যোৱা নগাঁও জিলাত শেহতীয়াকৈ বৃদ্ধি পাইছে জাপানীজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ (Japanese encephalitis in Nagaon)। জাপানীজ এনকেফেলাইটিছত ইতিমধ্যেই অৰ্ধশতাধিক লোক আক্ৰান্ত হোৱাৰ উপৰিও কেইবাজনো লোকৰ মৃত্যু হৈছে (Japanese encephalitis has killed several people)।

প্ৰথমাৱস্থাত জাপানীজ এনকেফেলাইটিছ ৰোগীৰ চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰিবলগীয়া হৈছিল যদিও এতিয়াৰ পৰা নগাঁৱতে জাপানীজ এনকেফেলাইটিছ ৰোগীৰ চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে (Treatment facilities for Japanese encephalitis patients in Nagaon) । শুকুৰবাৰে নগাঁও যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্য্যালয়ৰ চৌহদৰ দেৱাল নিৰ্মাণ কৰি এই মন্তব্য কৰে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই ।

নগাঁৱতে ব্যৱস্থা কৰা হৈছে জাপানীজ এনকেফেলাইটিছ ৰোগৰ চিকিৎসা: বিধায়ক ৰূপক শৰ্মা

বানৰ পিছতেই বানাক্ৰান্ত এলেকাসমূহত বিশেষকৈ জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পোৱা বুলি উল্লেখ কৰি সংবাদ মাধ্যমৰ সন্মুখত বিধায়ক ৰূপক শৰ্মাৰ মন্তব্য (Nagaon MLA Rupak Sharma) ।

নগাঁৱতো বানে বিভীষিকাৰ সৃষ্টি কৰাৰ পিছত জাপানীজ এনকেফেলাইটিছ ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখিয়েই নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত জাপানীজ এনকেফেলাইটিছ ৰোগৰ চিকিৎসাৰ বাবে আই চি ইউ যুক্ত বিছনাৰ ব্যৱস্থা কৰাৰ উপৰিও ম'হখুলিত নিৰ্মীয়মান নগাঁও চিকিৎসা মহাবিদ্যালয়তো জাপানীজ এনকেফেলাইটিছ ৰোগীৰ চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে ।

নগাঁৱৰ যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্য্যালয়ৰ চৌহদৰ দেৱাল নিৰ্মাণ হোৱাত কাৰ্য্যালয়টোৰ এক দীৰ্ঘদিনীয়া সমস্যা সমাধান হোৱা বুলিও মন্তব্য কৰে বিধায়ক ৰূপক শৰ্মাই । ইপিনে ৰাজ্যৰ জেহাদী প্ৰসংগতো মন্তব্য কৰে বিধায়ক ৰূপক শৰ্মাই । জেহাদী সৈতে সম্পৰ্ক থকা ৰাজ্যৰ প্ৰতিটো মাদ্ৰাছাতেই প্ৰশাসনৰ বুল্ড'জাৰ চলিব বুলি মন্তব্য কৰে বিধায়ক ৰূপক শৰ্মাই ।

শুকুৰবাৰে যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্য্যালয়ৰ নৱনিৰ্মিত দেৱালৰ উদ্ধোধনী অনুষ্ঠানত লোকনিৰ্মাণ বিভাগৰ অধীক্ষক অভিযন্তা(গৃহ), যুটীয়া স্বাস্থ্য সঞ্চালকৰ লগতে বহুকেইজন বিষয়া উপস্থিত থাকে ।

লগতে পঢ়ক: Japanese encephalitis in Assam : হোজাইত তিনিজনৰ দেহত জাপানীজ এনকেফেলাইটিছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.