ETV Bharat / state

ৰাজ্যপাল-মুখ্যমন্ত্ৰীক সাক্ষাতৰ বাবে চাৰিশ কিলোমিটাৰ চাইকেল যাত্ৰা

author img

By

Published : Nov 23, 2021, 1:19 PM IST

four-hundred-kilometres-cycle-journey-to-meet-governor-and-cm
ৰাজ্যপাল-মুখ্যমন্ত্ৰীক সাক্ষাতৰ বাবে চাৰিশ কিল'মিটাৰ চাইকেল যাত্ৰা

প্ৰায় চাৰিশ কিলোমিটাৰ চাইকেলেৰে যাত্ৰা কৰিছে দুই যুৱকে ৷ উদ্দেশ্য মুখ্যমন্ত্ৰী আৰু ৰাজ্যপালক সাক্ষাৎ ৷ চাফাই কৰ্মচাৰীসকলৰ কেতবোৰ দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ বাবে দিব স্মাৰক পত্ৰ ৷

নগাঁও, 23 নৱেম্বৰ : এশ দুশ কিলোমিটাৰ নহয়, প্ৰায় চাৰিশ কিলোমিটাৰ চাইকেল যাত্ৰা আৰম্ভ কৰিছে দুই যুৱকে(two youth ride 400 km bycycle) ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ লগতে ৰাজ্যপাল জগদীশ মুখীক সাক্ষাৎ কৰি এখন স্মৰকপত্ৰ প্ৰদানৰ উদ্দেশ্যে এই চাইকেলৰে যাত্ৰা আৰম্ভ কৰিছে যুৱকদুজনে(bycycle rally to meet governor) ৷

১৯ নৱেম্বৰত লক্ষীমপুৰ জিলাৰ পৰা গুৱাহাটী অভিমুখে চাইকেলৰে যাত্ৰা আৰম্ভ কৰা হৰিজন সম্প্ৰদায়ৰ দুই যুৱক দিলীপ বাছফৰ আৰু ৰকী বাছফৰে সোমবাৰে সন্ধিয়া নগাঁও জিলাত উপস্থিত হোৱাৰ পিছত মঙলবাৰে পুৱা পুনৰ আৰম্ভ কৰে ৷ চাফাই কৰ্মচাৰীসকলৰ কেতবোৰ দীৰ্ঘদিনীয়া সমস্যা চৰকাৰে সমাধান নকৰাৰ পৰিপ্ৰেক্ষিতত এই দুই যুৱকে চাইকেলৰে গুৱাহাটীলৈ যাত্ৰা কৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যপালক পাঁচদফীয়া দাবী সম্বলিত এখন স্মাৰক পত্ৰ প্ৰদান কৰিব (memorandum to cm for sanitation worker) ৷

ৰাজ্যপাল-মুখ্যমন্ত্ৰীক সাক্ষাতৰ বাবে চাৰিশ কিল'মিটাৰ চাইকেল যাত্ৰা

তেওঁলোকৰ এই দাবীসমূহ হৈছে অসমৰ বিভিন্ন চৰকাৰী বিভাগ, ব’ৰ্ড, নিকায় আদিত চাফাইৰ দায়িত্ব ঠিকাদাৰক দিয়া কাৰ্য বন্ধ কৰাৰ লগতে বৃটিছৰ শাসন কালৰে পৰা চাফাই কাৰ্যত জড়িত বাছফৰ, মেটৰ, ভাংগী, লালবেগী আদি অনুসূচিত জাতিৰ লোকক স্থায়ী অথবা অস্থায়ী পদত নিযুক্তি প্ৰদানৰ ক্ষেত্ৰত চৰকাৰে গুৰুত্ব প্ৰদান কৰা ৷

আনকি এই লোকসকলৰ ভূমিহীনসকলক ভূমি আৱন্টন দিয়া, পি এম ৱাইৰ গৃহ আৱন্টন দিয়াকে ধৰি কেইবাটাও দাবী সম্বলিত এখন স্মাৰকপত্ৰও প্ৰদান কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ লগতে ৰাজ্যপাল প্ৰফেচৰ জগদীশ মুখীক ৷ প্ৰায় চাৰিশ কিলোমিটাৰ চাইকেল যাত্ৰা কৰি কেইবাটাও দাবী সম্বলিত স্মৰকপত্ৰখন লাভ কৰাৰ পিছত চৰকাৰে এইক্ষেত্ৰত কিমান গুৰুত্ব প্ৰদান কৰে সেয়া লক্ষণীয় হ'ব ৷

লগতে পঢ়ক: পৰিৱেশ সম্পৰ্কীয় সজাগতা বৃদ্ধিৰ বাবে গুৱাহাটীৰ পৰা শদিয়ালৈ চাইকেল যাত্ৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.