ETV Bharat / state

আজুৰ কোম্পানীৰ বিৰুদ্ধে বিদ্যুৎ চুৰিৰ গুৰুতৰ অভিযোগ

author img

By

Published : Jul 27, 2021, 7:59 AM IST

অবৈধভাৱে বিদ্যুৎ সংযোগ কৰি ধৰা পৰিল আজুৰ নামৰ এটা পাৱাৰ কোম্পানী । চৰকাৰৰ আশীৰ্বাদ পুষ্ট এই কোম্পানীটোৱে দীৰ্ঘদিন ধৰি বিদ্যুৎ চুৰি(Power Theft) কৰি সৌৰ শক্তি প্ৰকল্পৰ কাম চলাই যোৱাৰ অভিযোগ ।

BARHAMPUR MIKIR BAMUNI PROTEST
বিদ্যুত চুৰি কাৰ্যত নামিল এইবাৰ বিদ্যুৎ বিভাগ

চামগুৰি, 26 জুলাই : বিদ্যুৎ বিলক লৈ এতিয়া বিদ্যুৎ বিভাগ(Power Department) তৎপৰ হৈ পৰা দেখা গৈছে ৷ কাকো ৰেহাই নিদিয়ে শক্তিমন্ত্ৰীয়ে ৷ বিদ্যুতৰ বিল দিবই লাগিব সকলো গ্ৰাহকে ৷ এক প্ৰকাৰে শক্তিমন্ত্ৰী বিমল বৰাই দায়িত্বভাৰ লৈয়ে বিদ্যুৎ বিভাগ(Power Department)ৰ কেতবোৰ সংস্কাৰ সাধন কৰিছিল ৷

কিন্তু এনে সময়তে এটা আজৱ ঘটনা পোহৰলৈ আহিছে ৷ ঘটনাৰ স্থান নগাঁৱৰ মিকিৰ বামুণী গ্ৰান্ট ৷ এইবাৰ অভিযোগৰ আঙুলি উঠিছে এটা পাৱাৰ কোম্পানীৰ বিৰুদ্ধে ৷ কোম্পানীটোৰ নাম ‘আজুৰ’ ৷ অবৈধভাৱে বিদ্যুৎ সংযোগ কৰি আজুৰ নামৰ পাৱাৰ কোম্পানীটোৱে কাম কৰি অহাৰ এক গুৰুত্বৰ অভিযোগ উত্থাপন হৈছে ৷

অভিযোগ অনুসৰি, দীৰ্ঘদিন ধৰি বিদ্যুৎ চুৰি কৰি সৌৰ শক্তি প্ৰকল্পৰ কাম চলাই গৈছে পাৱাৰ কোম্পানীটোৱে ৷ স্থানীয় ৰাইজে এই বিষয়ে জানিব পাৰি খবৰ দিয়ে বিদ্যুৎ বিভাগ(Power Department)ক ৷ পৰৱৰ্তী সময়ত বিদ্যুৎ বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ আজুৰ নামৰ কোম্পানীটোৱে অবৈধভাৱে বিদ্যুৎ সংযোগ কৰা বিদ্যুৎ পৰিবাহী তাঁৰ জব্দ কৰে ।

বিদ্যুত চুৰি কাৰ্যত নামিল এইবাৰ বিদ্যুৎ বিভাগ

আজুৰ পাৱাৰ কোম্পানীয়ে কৰা এই কৰ্মত ক্ষোভিত হৈ পৰিছে এতিয়া অঞ্চলবাসী ৷ সেয়ে এই বিদ্যুৎ চুৰি কাৰ্যৰ বিৰুদ্ধে নগাঁও সংমণ্ডলৰ মহা প্ৰৱন্ধক গৰাকীক বিহিত ব্যৱস্থা ল’বলৈ দাবী জনায় স্থানীয় দল-সংগঠনে । লগতে স্থানীয় দল-সংগঠনে যৌথভাৱে সংবাদমেলৰ আয়োজন কৰি শীঘ্ৰে এই সন্দৰ্ভত তদন্ত কৰি বিদ্যুৎ চুৰিৰ লগত জড়িত আজুৰ কোম্পানীৰ কৰ্তৃপক্ষক গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনায় ।

উল্লেখ্য যে, বঢ়মপুৰ সমষ্টিৰ চামগুৰি ৰাজহ চক্ৰৰ অন্তৰ্গত চলচলি মৌজাৰ মিকিৰ বামুণী গ্ৰাণ্টৰ ৰায়তী খতিয়ান প্ৰাপ্ত কৃষিভূমিৰ পৰা কৃষকক চৰকাৰ-প্ৰশাসনে উচ্ছেদ কৰিছিল ৷ যাৰ বাবে 26 জানুৱাৰীৰ পৰা আৰম্ভ হৈছিল কৃষকৰ বিক্ষোভ ৷ ইফালে অসম চৰকাৰৰ অনুমোদন সাপেক্ষে APDCL ৰ জৰিয়তে "আজুৰ" কোম্পানীয়ে বঢ়মপুৰৰ হায়ং থলৰ মিকিৰ-বামুনী গ্ৰাণ্টত সৌৰ শক্তিৰে বিদ্যুৎ বিতৰণৰ এক ব্যয়বহুল প্ৰকল্পৰ নিৰ্মাণৰ কাম পূৰ্ণোদ্যমে চলাই আহিছে ।

মিকিৰ-বামুণী গ্ৰাণ্টৰ ৰায়তী খতিয়ান প্ৰাপ্ত কৃষকসকলক বলপূৰ্বকভাৱে উচ্ছেদ কৰি মাটি বহিৰাগত বণিক গোষ্ঠীক গতাই দিছিল ৷ যাৰ প্ৰতিবাদস্বৰূপে গণৰাজ্য দিৱসৰ দিনাৰে পৰা বঢ়মপুৰ বামুণীৰ মিকিৰ-বামুণী গ্ৰাণ্টত আৰম্ভ হৈছিল কৃষক বিক্ষোভ ৷ এই প্ৰতিবাদে ভৰি দিলে 7 মাহত ।

কিন্তু দুৰ্ভগীয়া কৃষকৰ কাষত আজি পৰ্যন্ত উপস্থিত নহ'ল চৰকাৰ-প্ৰশাসনৰ কোনো লোক । এই অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ নিজৰ মাটিৰ ৰায়তী খতিয়ান ঘূৰাই দিয়াৰ দাবীত কোলাত কণ কণ শিশু লৈ মহিলাৰ পৰা বৃদ্ধলৈকে অংশগ্ৰহণ কৰিছে এই কৃষক বিক্ষোভ কাৰ্যসূচীত ।

লগতে পঢ়ক: অস্তিত্বৰ সংকটত আহোম যুগৰ বৰ মেছলৌ-সৰু মেছলৌ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.