ETV Bharat / state

দুদিনীয়া কাৰ্যসূচীৰে কলিয়াবৰত শ্বহীদ দিৱস

author img

By

Published : Nov 7, 2020, 9:35 PM IST

দুদিনীয়া কাৰ্যসূচীৰে শ্বহীদ দিৱস পালন কৰিব কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাই ৷ ইতিমধ‍্যে শ্বহীদ বেদী প্ৰাংগণ আটক-ধুনীয়াকৈ সজাই তোলা হৈছে ৷ আয়োজক সমিতিৰ বিষয়-ববীয়াসকল ব‍্যস্ত হৈ পৰিছে যাৱতীয় কৰ্মত ৷

Swahid Diwas at Kaliabor assam etv bharat news
কলিয়াবৰত শ্বহীদ দিৱস

কলিয়াবৰ,7 নৱেম্বৰ: কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ উদ‍্যোগত মাধ‍্যম আন্দোলনৰ পঞ্চম শ্বহীদ নৰেন্দ্ৰ নাথ মহন্তৰ সোঁৱৰণত আয়োজিত হৈ অহা শ্বহীদ দিৱসৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে ৷ ইতিমধ‍্যে শ্বহীদ বেদী প্ৰাংগণ আটক-ধুনীয়াকৈ সজাই তোলা হৈছে ৷ আয়োজক সমিতিৰ বিষয়-ববীয়াসকল ব‍্যস্ত হৈ পৰিছে যাৱতীয় কৰ্মত ৷

এই দিৱসৰ লগত সংগতি ৰাখি দেওবাৰে অনুষ্ঠিত হ’ব 33 সংখ‍্যক সদৌ অসম কলিয়াভোমোৰা মাৰাথান প্ৰতিযোগিতা । প্ৰতিযোগিতাখনি আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব কলিয়াবৰৰ মহকুমা আৰক্ষী বিষয়া মৃণ্ময় দাসে । প্ৰতিযোগিতাৰ বিজয়ীসকলক বঁটা বিতৰণ কৰিব নগাঁও জিলাৰ অতিৰিক্ত উপায়ুক্ত তথা কলিয়াবৰ মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি বিতোপন নেওগে ।

9 নৱেম্বৰত পুৱাৰ ভাগত পতাকা উত্তোলন কৰিব সদৌ নগাঁও জিলা ছাত্ৰ সন্থাৰ সভাপতি গৌৰীশংকৰ শইকীয়াই । উক্ত অনুষ্ঠানত মুখ‍্য স্মৃতি তৰ্পক ৰূপে উপস্থিত থাকিব শ্বহীদ পত্নী তুলসী মহন্ত । সন্ধ‍্যা শ্বহীদৰ স্মৃতিচাৰণ সভাত অংশগ্ৰহণ কৰিব সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক দুলদুল বৰকটকীৰ লগতে বিষয়ববীয়াই । লগতে অসম আন্দোলনৰ সংগ্ৰামী ব‍্যক্তি ক্ৰমে বিৰাজ কুমাৰ হাজৰিকা আৰু কৃষ্ণ শইকীয়াক আছুৱে সম্বৰ্ধনা জ্ঞাপন কৰিব ৷

লগতে চাওকঃ বিপদ আহিছে অপৰাধী ৰাজনীতিকৰঃ গুৱাহাটী উচ্চ ন্যায়ালয়ে দিলে নিৰ্দেশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.